Breaking

মৰাণত ধৰ্মীয় ৰীতি-নীতিৰ মাজেদি পালন কৰা হৈছে ষট পূজা

0 2,086

ক’ভিড পৰিস্থিতি ক্ৰমাৎ উন্নত হোৱাত ৰাজ্যবাসীয়ে পূজা-পাৰ্বন অনুষ্ঠিত কৰিব পৰাকৈ এক পৰিৱেশ ঘূৰি অহাৰ পিছত মৰাণৰ ৰাইজে  দূৰ্গা পূজা, কালি পূজা উদযাপনৰ পিছত এইবাৰ ধৰ্মীয় ৰীতি -নীতিয়ে মাজেদি ষট পূজা উদযাপন কৰিছে  । ষট পূজাক লৈ মৰাণৰ ভক্ত সকলৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে। কিছু লোকে ঘৰতে ষট পুজা উদযাপন কৰাৰ বিপৰীতে মৰাণ নগৰৰ ৰবি ষষ্ঠী সৰোৱৰ সমিতিৰ উদ্যোগত অনুষ্ঠিত কেন্দ্ৰীয় ষট পূজা স্থলীত ৰাইজে ধৰ্মীয় নীতি নিয়মৰ মাজেদি পূজা অনুষ্ঠিত কৰা পৰিলক্ষিত হয়।প্ৰশাসনে বান্ধি দিয়া ক’ভিড নীতি-নিৰ্দেশনা মানি ষট পূজা উদযাপন কৰা মৰাণ নগৰৰ ৰবি ষষ্ঠী সৰোৱৰ সমিতিৰ উদ্যোগত এইবাৰ ২৪ বছৰৰ বাবে অনুষ্ঠিত কৰিছে ষট পূজা।

Leave A Reply

Your email address will not be published.