মাজবাটৰ গনেশ ঘাটত উখল মাখলেৰে ষট্ পূজা পালন।

সমগ্ৰ ৰাজ্যৰ  লগতে  ওদালগুৰি জিলাৰ  মাজবাটৰ গনেশ ঘাটত দুদিনিয়া কাৰ্যসূচীৰে  উলহ মালহেৰে ষট্ পূজা উদযাপন কৰে  সদৌ অসম হিন্দী ভাষি যুৱ ছাত্র পৰিষদৰ  মাজবাট আঞ্চলিক সমিতিৰ  উদ্যোগ ও মাজবাট বাসি ৰাইজৰ সহযোগত দুদিনিয়া কাৰ্যসূচীৰে  সূৰ্য দেৱতাক আৰধনা আৰু পৰিয়ালৰ অপায় অমংগল দূৰ কৰিবলৈ বিভিন্ন ভাষা ভাষী ভক্ত প্ৰান ৰাইজে  ষট্ পূজা পালন কৰে। লগতে নৈ ঘাটত সূৰ্য দেৱতাক পূজা অৰ্চনাও কৰে। মাজবাটৰ ফুলগুৰি নৈৰ গনেশ   ঘাটত মাজবাট অঞ্চলৰ  শ শ ভক্ত প্ৰান ৰাইজে সূৰ্য উদয় আৰু সূৰ্য অস্ত ৰ এই দুয়োটা সময়ত ভক্তি অৰ্চনাৰে ষট্ পূজা উদযাপন কৰে। পূজা পৰিচালনা সমিতিৰ সভাপতি ৰাকেশ ৰায় সম্পাদক অজয় ছাহৰ উপস্থিতিত বিশিষ্ট অতিথি হিসাবে উপস্থিত থাকে ৭০ নম্বৰ মাজবাট বিধান সভা সমষ্টিৰ স্থানীয় বিধায়ক চৰন বড়ো, ৩৯ নম্বৰ পাচঁনৈ ছেৰফাং বি টি আৰ পৰিষদীয়  এম চি এল এ দীপক মৌৰ,মাজবাট ৰাজহ চক্রৰ চক্র বিষয়া উৎপল কুমাৰ ডেকা মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিন্টু সন্দিকৈ আদিৰ লগতে মাজবাট অঞ্চলৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে বুলি পুজা পৰিচালনা সমিতিৰ উপদেষ্টা ৰাজকুমাৰ প্রসাদ ও কৈলাশ চৌধুৰীয়ে সাংবাদিকক জানিবলৈ দিয়ে।

Related Articles