লাহৰীঘাটত ছাইবাৰ অপৰাধীত জড়িত এগৰাকী ছাইবাৰ অপৰাধী আৰক্ষীৰ জালত ।লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অদিত বড়োৰ তৎপৰতাত লাহৰীঘাটত অব্যাহত থকা ছাইবাৰ ক্ৰাইমৰ এগৰাকী অপৰাধীক দোৱামাৰীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ হোৱা ছাইবাৰ অপৰাধীজনৰ নাম ৰাজিবুল ইছলাম।ছাইবাৰ অপৰাধীটোৰ পৰা আৰক্ষীয়ে 52 টা চীম কাৰ্ড,2 টা মবাইল ছেট আৰু 16 টা এ টি এম কাৰ্ড জব্দ কৰে ।এই ছাইবাৰ অপৰাধীজনে মবাইলত বিভিন্ন ধৰণৰ এপচ ব্যৱহাৰ কৰি বিভিন্ন জন ব্যক্তিৰ নামত ভূৱা আধাৰ কাৰ্ড আৰু ছিমকাৰ্ড ব্যৱহাৰ কৰি লোণ লোৱাৰ দৰে ঘটনা সংঘটিত কৰি আহিছে ।উল্লেখ্য যে কোনো ব্যক্তিয়ে নিজে অৱগত নোহোৱাকৈয়ে তেওঁলোকৰ নামত ভূৱা লোণ উঠাইছিল এই ছাইবাৰ অপৰাধীটোৱে ।যাৰ ফলত অঞ্চলটোত বহু দিনৰ পৰাই এক চাঞ্চল্যই বিৰাজ কৰি আছিল।লাহৰীঘাট আৰক্ষীয়ে এই অপৰাধীজনক আটক কৰাত অঞ্চলটোৰ বহু ব্যক্তিয়ে সুস্হিৰ নিশ্বাস এৰিছে।এই ছাইবাৰ অপৰাধীজনৰ বিৰুদ্ধে770/21নম্বৰত 120(B)/419/420/468/471/406/34,R/W sention 66(C)/66 D IT Act অধীনত গোচৰ ৰুজু কৰি জেল হাজতলৈ প্ৰেৰণ কৰে।