পলিথিন বেগ সম্পূৰ্ণ ভাৱে নিষিদ্ধ নাজিৰা- শিমলুগুৰিত

নাজিৰা প্ৰতিবেদক :- ভাৰত চৰকাৰৰ পৰিৱেশ অৰণ্য আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ নিৰ্দেশনা No GSR, 571(E) dated-12 August,  2021 ৰ অনুসৰি Plastic waste management Rule, 2016 অধীনত নাজিৰা আৰু শিমলুগুৰি পৌৰ এলেকাত এবাৰ ব্যৱহাৰ হোৱা যিকোনো ধৰণৰ প্লাষ্টিক বা পলিথিন বেগ সম্পূৰ্ণ ভাৱে নিষিদ্ধ কৰিছে । এই নিৰ্দেশ অনুসৰি যিসকল ব্যৱসায়ী তথা জনসাধাৰণে পলিথিন মজুত কৰণ বা ব্যৱহাৰ কৰিব, তেওঁ লোকৰ ওপৰত আইনগত ব্যৱস্থা লোৱা হ’ব বুলি নিৰ্দেশনা জাৰি কৰে । ঐতিহ্যমণ্ডিত নাজিৰা আৰু শিমলুগুৰি নগৰখন প্লাষ্টিক মুক্ত আৰু প্ৰদূষণ মুক্ত নগৰ হিচাপে গঢ়িতোলাৰ বাবে সকলোকে সহযোগিতা আগবঢ়াবলৈ  নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ কাৰ্যবাহী বিষয়াদ্বয়ে আহ্বান জনাইছে ।

Related Articles