মৰিগাঁৱত আন্তৰাষ্ট্ৰীয় কৃষি গবেষণা কেন্দ্ৰৰ উদ্যোগত কালি মৰিগাঁও জিলা কৃষি বিভাগৰ এপাৰ্ট আচনিৰ জৰিয়তে কৃষকৰ উৎপাদিত ধান নিৰুপন কৰে এটি কৃষি বিভাগৰ দলে ৷ জিলাখনৰ ঔজাৰীত জিলা কৃষি বিভাগৰ এপাৰ্ট আচনিৰ জৰিয়তে ১০ টাকৈ উন্নত জাতৰ ধানৰ খেতি কৰা হৈছিল ৷ ইয়াৰে আজি ১০ টা ধানৰ জাত নিৰুপন কৰি জিলাখনৰ কৃষকৰ বাবে আগন্তুক বৰ্ষত খেতি কৰিব পৰাকৈ তিনিটা উন্নত জাত বাচনি কৰা হয় ৷ এই অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলা অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুচাহাৰী, জিলা কৃষি বিষয়া অৰূপ বৰা , আন্তৰাষ্ট্ৰীয় কৃষি গবেষণা কেন্দ্ৰৰ জিলা বিষয়া কস্তূৰী বৰ্মন আৰু জেষ্ঠ কৃষি চক্ৰ বিষয়া বিনিতা বৰ্মন ৷