গহপুৰৰ ‘অনামী সামাজিক গ্ৰুপ এৰ উদ্যোগত অভিনন্দন অনুষ্ঠান

 হাৱাজান, প্ৰতিবেদক: কৰ্মক্ষেত্ৰত বিভিন্ন ধৰণে জড়িত থকা গহপুৰৰ বিভিন্ন প্ৰান্তৰ বহু কেইগৰাকী লোকৰে গঠিত ‘অনামী সামাজিক গ্ৰুপ’ উদ্যোগত ককিলা চাৰি আলিত কালি অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। উল্লেখ্য সমাজৰ বিভিন্ন ক্ষেত্ৰত বিশেষ ভাবে জড়িত লোকক অভিনন্দন জ্ঞাপনেৰে কিছু উৎসাহ প্ৰদান কৰাৰ মহৎ উদ্দেশ্য আগত লৈ শিক্ষক, স্বাস্থ্যকৰ্মী, কৰ্মচাৰী, সাহিত্য-সাংস্কৃতিক কৰ্মী, সমাজকৰ্মী, মানৱ অধিকাৰ কৰ্মী, সাংবাদিক, ব্যৱসায়ী আদিৰে গঠিত ‘অনামী সামাজিক গ্ৰুপে’ ইতিমধ্যে গহপুৰৰ বিভিন্ন প্ৰান্তৰ বহু সংখ্যক বিশিষ্ট ব্যক্তিক অভিনন্দন জ্ঞাপনেৰে উৎসাহিত কৰাৰ প্ৰচেষ্টা চলাই আহিছে। ১৯৪২ চনৰ স্বাধীনতা আন্দোলনৰ গহপুৰৰ শ্বহীদ কনকলতা বৰুৱা, মুকুন্দ কাকতিৰ লগতে অন্য ২৬গৰাকী মুক্তিযুঁজাৰু মুঠ ২৮ গৰাকী স্বাধীনতা সংগ্ৰামীৰ নাম সন্নিবিষ্টৰে দেশপ্ৰেমমুলক গীত লিখি ইণ্ডিয়া বুক অব ৰেকৰ্ডচ পৰা স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা ‘অনামী সামাজিক গ্ৰুপ’ৰ অন্যতম সদস্য, গহপুৰৰ এগৰাকী স্থানীয় সংবাদদাতা, নৱ গীতিকাৰ ৰমেন বৰাৰ  গোটটোৰ সদস্যসকলে আনুষ্ঠানিক ভাবে অভিনন্দন জ্ঞাপন কৰে। অনামী সামাজিক গ্ৰুপৰ সদস্যসকলে কালি বিয়লি ককিলা চাৰিআলিস্থিত ৰমেন বৰাৰ বাসগৃহত উপস্থিত হৈ এখন ফুলাম গামোচা, এখন গ্ৰন্থৰ লগতে এখন অভিনন্দন পত্ৰৰে শুভেচ্ছা জ্ঞাপন কৰে। উক্ত অভিনন্দন অনুষ্ঠানটোত ‘অনামী সামাজিক গ্ৰুপৰ জ্যেষ্ঠ সদস্য ক্ৰমে হেম সোলেঙী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক বিমল ভূঞা, গহপুৰ ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক জগদীশ শৰ্মা, বিলতীয়া উপ স্বাস্থ্য কেন্দ্ৰৰ ফাৰ্মাচিষ্ট মৃদুল শৰ্মা বৰদলৈ, গহপুৰ চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জীতেন মহানন্দ, গহপুৰ পৌৰসভাৰ গাণনিক ৰাজীৱ শইকীয়া, গহপুৰ বড়ো হাইস্কুলৰ সহকাৰী শিক্ষক নন্দ শৰ্মা, লেখিকা মঞ্জু বৰা হাজৰিকা, জ্যেষ্ঠ সাংবাদিক মৃদুল কুমাৰ বৰা, দ্বীপ কুমাৰ শৰ্মা, নিতুল বৰা, যুৱ সমাজকৰ্মী বিপুল গাংগুলী, মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সচীৱ ৰিতুল বৰুৱা, যুৱ ব্যৱসায়ী শোভন শৰ্মা(মইনা) উপস্থিত থাকে। জ্যেষ্ঠ সদস্য বিমল ভূঞাৰ সভাপতিত্ব কৰা আৰু ৰিতুল বৰুৱই আঁত ধৰা অভিনন্দন অনুষ্ঠানটোত ৰমেন বৰাৰ পিতৃ ভাৰতীয় বায়ু সেনাৰ অৱসৰ প্ৰাপ্ত সৈনিক তথা অৱসৰ প্ৰাপ্ত বিষয় শিক্ষক ডম্বৰু বৰা, পত্নী ৰুমী বৰা, ভগ্নী দীপালি বৰা বৰুৱাৰ লগতে কেইবা গৰাকী স্থানীয় লোক উপস্থিত থাকে।

Related Articles