Breaking

আদিবাসী সকলক চাহ জনগোষ্ঠী কৰাৰ ষড়যন্ত্ৰৰ পৰা বিৰত থকাৰ আহ্বান

0 2,502

ওদালগুৰি, প্ৰতিবেদক: অসমৰ আদিবাসী জনগোষ্ঠীৰ অন্তভূক্ত মুণ্ডা, উৰাং, কল, ভিল, কয়া, চাওৰা, চৱৰ, কুৰ্মি, খাড়িয়া আাদি জনগোষ্ঠীসমূহক চাহ জনগোষ্ঠী ৰূপ দিব বিচৰা কাৰ্য্যক সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ‘আছা’ৰ  সভাপতি ষ্টিফেন লাক্ৰা আৰু সাধাৰণ সম্পাদক দেবেন উৰাঙে তীব্ৰ বিৰোধিতা কৰিছে আৰু ই অতিকৈ দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে ৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ‘আছা’ৰ  সভাপতি ষ্টিফেন লাক্ৰা আৰু সাধাৰণ সম্পাদক দেবেন উৰাঙে এটা প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়া অনুসৰি ৰেজিষ্টাৰ জেনেৰেল অৱ ইণ্ডিয়াত উৰাওঁ, মুণ্ডা, চাওঁতাল, খাড়ীয়া, ভূমিজ আদি বিভিন্ন জনগোষ্ঠী জনজাতি হিচাপে পৰিগণিত হৈ আহিছে । অসমত তেওঁলোক অনুসূচীত নহ’ব পাৰে কিন্তু জনগোষ্ঠীসকলক জনজাতি সজোৱাটো ভুল। যিহেতু অসমত এওঁলোক অবিচি তালিকাভুক্ত, তেনেক্ষেত্ৰত তেওঁলোকৰ চাৰ্টিফিকেটত উপৰিঞ্চি চাহ জনগোষ্ঠী বুলি সংযোজিত কৰিব বিচৰাটো দূৰ্ভাগ্যজনক। যিহেতু একে জনগোষ্ঠীয় সংগঠন হিচাপে আছা, আকছু, এছুক নিমন্ত্রণ নজনোৱাকৈ এনে কাৰ্য্যৰ জৰিয়তে বৃহৎ জনগোষ্ঠীটোক শাসকৰ স্বাৰ্থত বহুদ্ধা বিভক্ত কৰিব বিচৰা কাৰ্য্যক ‘আছা’ই কেতিয়াও সমৰ্থন কৰিব নোৱাৰে। অসমত আমাৰ লোকসকল ইতিমধ্যেই সৰ্বাধিক শোষিত, বঞ্চিত হৈ আহিছে। গতিকে  জাতিগত প্ৰমাণ পত্ৰৰ কথা উল্লেখিত হৈছে, তেনেক্ষেত্ৰত খৰখেদা কৰি আৰু এক ঐতিহাসিক ভুল কৰাতকৈ বিজ্ঞজনৰ মতামত লৈ ধীৰে সুস্থিৰে এক গ্ৰহণযোগ্য সহমতত উপনীত হোৱাটো উচিত হ’ব বুলি উনুকিয়াই নেতাদ্বয়ে কয় একেটা জনজাতি বা জনগোষ্ঠীৰ মাজত কেইবাটাও সুকীয়া সমাজ থাকিব পাৰে। তাৰ বাবে আমি ৰেজিষ্টাৰ জেনেৰেল অৱ ইণ্ডিয়াৰ নিচিনা সংস্থাৰ তথ্য পাতি লৈ আগবঢ়াটো উচিত। অন্যথা আছাকে ধৰি বিভিন্ন জনগোষ্ঠীয় সংগঠনে দীৰ্ঘ দিন ধৰি কৰি অহা অনুসূচীকৰণৰ দাবীক স্বজাতীয় সংগঠনেই মষিমুৰ কৰাহে হ’ব। যিহেতু গোটেই বিষয়বস্তুটো জাতিগত প্ৰমাণ পত্ৰৰ লগত জড়িত, তেনেক্ষেত্ৰত কেৱল কেইটামান নিজকে অসমভিত্তিক বুলি কোৱা অথচ কেৱল কেইখনমান জিলাত উপস্থিতি ৰখা সংগঠনে কিদৰে এই কাম কৰিব পাৰে। ১৯৭৫ চনৰ ২৭ নবেম্বৰ তাৰিখৰ অন্যান্য পিছপৰা শ্ৰেণীৰ TAD/BC/268/795/37 ৰ অধিসূচনাত উল্লেখিত ৯০ টা জাতি/জনজাতি (Caste) ৰ মাজত বহু জনগোষ্ঠী (Tribes) আছে, যাৰ জনগোষ্ঠীবিলাকে আজিও নিজ নিজ স্বকীয় পৰিচয় (ভাষিক, গতৰ (Totemic),  সাংস্কৃতিক) বজাই ৰাখিছে। তেনেক্ষেত্ৰত কি দৰে সকলোকে একে শ্ৰেণীত অন্তর্ভুক্ত কৰিব পাৰি। যিহেতু Cast certificate OBC ব’ৰ্ডৰ কাম তেনে ক্ষেত্ৰত আমি এই দায়িত্ব বেলেগ এটা সংগঠনক প্ৰদান কৰি কি স্বচ্ছতা আনিব পাৰিম সেইটোৱেও এটা চিন্তনীয় বিষয় ৷এনে জাতি-জনগোষ্ঠীৰ বহু লোক বাগিছাৰ বাহিৰত বসবাস কৰি আছে, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সিঁচৰিত হৈ আছে। গতিকে ৰুদ্ধদ্বাৰ বৈঠকত মাত্ৰ কেইজনমান ব্যক্তি বা সংগঠনে কৰা এনে কাৰ্য মুঠেই সমৰ্থন যোগ্য নহয়। ন্যস্ত স্বাৰ্থ জনিত এনে কুচক্ৰান্তৰ পৰা আতৰি আহি গঠনমূলক ভাবে সকলো স্বজাতীয় লোকৰ অধিকাৰ আৰু  উন্নয়নৰ বাবে সকলোকে একেলগে একে মঞ্চৰ পৰা কাম কৰিবলৈ সদৌ অসম আদিবাসী ছাত্র সন্থা আছাই আহ্বান জনাইছো। অন্যথাই আছাই তেওঁলোকৰ বিৰুদ্ধে গণতান্ত্রিক আন্দোলন গঢ়ি তোলাৰ লগতে আইনী প্রক্রিয়াৰ সহায় ল’বলৈ বাধ্য হ’ব বুলি আছাৰ কেন্দ্ৰীয় সমিতিয়ে সকিয়াই দিয়ে ৷ 

Leave A Reply

Your email address will not be published.