Breaking

উদ্বিগ্ন অৰণ্যমানব যাদব পায়েং

0 2,027

নগাঁও প্ৰতিবেদক:  পৃথিবীলৈ ভাবুকি আহিছে ৷ আমি পৰিবেশ সুন্দৰ কৰিবলৈ গছ গছনি ৰোপন কৰিব লাগিব – এই মন্তব্য যাদব পায়েঙৰ ৷আজি নগাঁৱত সামাজিক অনুষ্ঠান “পৰিকল্পনা” উদ্যোগত অনুষ্ঠিত হোৱা ” পৰিকল্পনাৰ” প্ৰতিষ্ঠা দিৱস আৰু শিশু দিৱসৰ কাৰ্যসূচীত অ‌ংশগ্ৰহণ কৰি  যাদব পায়েঙে পৃথিবী সেউজীকৰণ কৰাৰ এক জাগৰন বিশ্বত আৰম্ভ হোৱা বুলি উল্লেখ কৰি লগতে কয় যে ভাৰতে বিশ্ব সেউজীকৰণৰ কৰাৰ ক্ষেত্ৰত নেত্বত্ব দিব লাগিব ৷ কাৰন ভাৰতৰ আদৰ্শ বিশ্বই গ্ৰহণ কৰিছে ৷ আদিম যুগতে ভাৰতীয় মানুহে গছ ৰোপন কৰিছিল ৷ ভাৰতীয় আদৰ্শ গ্ৰহণ কৰি বিশ্বই পৃথিবী সেউজীকৰণ কৰিবলৈ ওলোৱাটো এক আশা আৰু গৌৰবৰ কথা ৷ বৃক্ষ ৰোপন কৰা লোকক সংবাদ মাধ্যমক উৎসাহিত কৰিবলৈ আহ্বান জনাই যাদব পায়েঙে ৷ লগতে প্ৰকৃতি আৰু পাৰিপাশ্চিকতাৰ ক্ষেত্ৰত দেখা দিয়া ভাবুকিক লৈ উদ্বিগ্ন হৈ পৰে অৰণ্যমানব যাদব পায়েং ৷সামাজিক অনুষ্ঠান “পৰিকল্পনা “ৰ প্ৰথম প্ৰতিষ্ঠা দিবস উপলক্ষে নগাওঁ আৰক্ষী চাউনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত  মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য আগবঢ়াই প্ৰকৃতিবিদ যাদব পায়েং ৷ সন্ধ্যা অনুষ্ঠিত হোৱা সভাখনত অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পদুম ৰাজখোৱা ,  পৰিকল্পনাৰ সভানেত্ৰী অৰ্চনা তিৱাৰী ,নয়নজ্যোতি শইকীয়া ,ধ্ৰুব বৰা আদিয়ে অংশ গ্ৰহণ কৰে ৷ শিশু দিবস উপলক্ষে দিনৰ ভাগত  সামাজিক অনুষ্ঠান পৰিকল্পনাৰ উদ্যোগত নগাঁও চহৰত সজাগতা উপলক্ষে বাটৰ নাট আদি অনুষ্ঠিত কৰে ৷

Leave A Reply

Your email address will not be published.