Breaking

সাহপুৰ ৰাজঘাটত শিশু দিৱস উদযাপন

0 2,072

পশ্চিম নলবাৰী,প্ৰতিবেদক :“মানুহে প্ৰকৃতিৰ লগত সহাৱস্থান কৰি সমাজ গঢ় দিয়ে । আকাশ ,নদী ,পথাৰ ,গছ , চৰাই-চিৰিকটি ,জীৱ-জন্তু আদিৰ  সহাৱস্থানত মানুহে সভ্যতা-সংস্কৃতিৰ জন্ম দিয়ে ।মানৱ সমাজত ধৰ্ম ,ভাষা ,জাতিৰ মাজতো সহাৱস্থান গঢ়ি উঠে ”।      এই মন্তব্য অধ্যাপক ড: অৱনী কুমাৰ ভাগৱতীৰ । পশ্চিম নলবাৰীৰ অন্যতম সমাজ-সাংস্কৃতিক অনুষ্ঠান সাহপুৰ ৰাজঘাটস্হ ধৰ্মপুৰ জ্ঞানদায়িনী নাট্যসমাজৰ শিশু দিৱসৰ অনুষ্ঠান এটিত আজি তেখেতে বক্তব্য আগবঢ়ায় । নাট্যসমাজৰ সভাপতি দীপক কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অংকিতা তালুকদাৰ নামৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী এগৰাকীৰ দ্বাৰা ৰচিত ‘ পণ্ডিত প্ৰৱৰ ভৱদেৱ ভাগৱতী ‘ শীৰ্ষক পুস্তিকা এখন ড: ভাগৱতীয়ে উন্মোচন কৰে । সভাত পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সভাপতি গণেশ বৰ্মনেও শিশু সকলক সাহিত্য ৰচনাৰ ক্ষেত্ৰত উৎসাহ যোগায় । আজি শিশুদিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠানটিৰ উদ্যোগত শিশুৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছিল ।অনুষ্ঠানৰ আঁত ধৰে বিপুল বৰ্মনে ।# চামতাত শিশু দিৱস উদযাপন :- চামতাৰ পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ মঞ্চ সূৰ্য ধৰনী বৰ্মন সোৱৰণী প্ৰেক্ষাগৃহত সৃষ্টি ডেন্স এণ্ড ড্ৰামা ফাউণ্ডেচনে আজি শিশুৰ মাজত চিত্ৰাংকণ , খেল ধেমালী প্ৰতিযোগিতাৰে শিশু দিৱস উদযাপন কৰে ৷ এই অনুষ্ঠানত পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ কাৰ্যকৰী সভাপতি ৰাজেন বৈশ্য অতিথি হিচাবে উপস্হিত থাকি শিশু দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি শিশু সকলক ভাল মানুহ হবলৈ উৎসাহিত কৰে

Leave A Reply

Your email address will not be published.