পঞ্জাৱৰ জী-জোঁৱাইৰ ঘৰলৈ যোৱাৰ পথত দক্ষিণ যোৰহাটৰ চিত্ৰশিল্পী যতিন গগৈ নিৰুদ্দেশ হৈ আছে। যোৱা ৯ নৱেম্বৰত মৰিয়নি জংচনত প্ৰায় পঞ্চাশ ঊৰ্ধ্বৰ ব্যক্তিজন দিনৰ ১১.৩০ বজাত অমৃতসৰ ৰেলগাড়ীত উঠিছিল। আত্মীয়ই ফোনত সন্ধিয়া প্ৰায় ৭.৩০ বজালৈকে গুৱাহাটী ষ্টেচন পোৱাৰ খবৰ পায়। তাৰপাছত সংযোগবিহীন হয়। ইফালে, জী-জোঁৱাইৰ পৰিয়াল ১২ নৱেম্বৰত পঞ্জাৱৰ অমৃতসৰ ষ্টেচনত ৰৈ আছিল শহুৰ তথা বিয়ৈক আগবঢ়াই নিবলৈ। কিন্তু, যতিন গগৈক বিচাৰি নাপালে। চিত্ৰশিল্পী যতিন গগৈৰ সৰু জী দিম্পী গগৈ (কুমাৰী) কেইমাহমানৰ আগতে যোৰহাটত পৰিচিত হৈ পঞ্জাৱৰ অমৃতসৰৰ যুৱকৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। যতিন গগৈ পত্নী নিকুমণি গগৈসহ ইয়াৰ পূৰ্বে পঞ্জাৱলৈ গৈ আনুষ্ঠানিক বিবাহ কাৰ্যত ভাগ লৈ আহিছিল। এইবাৰ অকলে গৈছিল জীয়েক দিম্পীক আনিবলৈ। যিহেতু, দিম্পী গগৈয়ে উচ্চ শিক্ষা আৰু স্বামীৰ সৈতে বিদেশলৈ যাবলৈ নথি-পত্ৰ উলিয়াবৰ বাবে অসমলৈ আহিব লগীয়া হৈছিল। ৰে’লৱে আৰু অসম আৰক্ষীক পত্নীয়ে জনাইছে। কোনো কোনোৱে মহাৰাষ্ট্ৰত ম’বাইল ফোনৰ স্থিতি পোৱা বুলি কৈছে যদিও যতিন গগৈক সংবাদ প্ৰেৰণৰ সময়লৈকে পোৱা নায়। পৰিয়াল আৰু স্থানীয় লোক চিন্তিত হৈ পৰিছে।