Breaking

ধুবুৰীৰ শিলঘাগৰীত আৰক্ষীৰ অভিযান

0 2,032

আজি ৰাতিপুৱা ধুবুৰী সদৰ আৰক্ষী থানাৰ অন্তৰ্গত শিলঘাগৰী এলেকাৰ পৰা হাফিজউদ্দিন নামৰ চোৰাং গৰু ব্যৱসায়ী এজনৰ ঘৰৰ পৰা আৰক্ষীৰ দল এটিয়ে অভিযান চলাই পাঁচটাকৈ চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়। উক্ত পাঁচটা গৰু বাংলাদেশলৈ চোৰাং ভাৱে প্ৰেৰণৰ যোঁ-জা চলাই থাকোঁতে আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই গৰু কেইটা জব্দ কৰে। ইপিনে আৰক্ষী অহাৰ উমান পাই চোৰাং গৰু ব্যৱসায়ী হাফিজ উদ্দিন পলাই যাবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply

Your email address will not be published.