Breaking

শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত মুখ্যমন্ত্ৰী

0 75

যোৱা ১৩ নৱেম্বৰত মণিপুৰত উগ্ৰপন্থীৰ আক্ৰমণত প্ৰাণ বিসৰ্জন দিয়া অসম ৰাইফলছৰ বীৰ শ্বহীদ জোৱান সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা ৷ পুৱা ন বজাত হেলিকপ্তাৰযোগে বাক্সা জিলাৰ বৰমাৰ থৈকাৰাকুছিৰ ঘৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে শ্বহীদ জোৱান সুমনৰ পৰিয়ালৰ সৈতে মত বিনিময় কৰাৰ লগতে মৃতকৰ আত্মাৰ সদগতি কামনাৰে শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে ৷ 

শ্বহীদ সুমনৰ দুৰ্ভগীয়া পৰিয়াল তথা পত্নীৰ হাতত মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ তৰফৰ পৰা ৫০ লাখ টকাৰ চেকৰ লগতে এখন প্ৰশস্তি পত্ৰ প্ৰদান কৰে ৷ লগতে গাৱবাসীৰ অনুৰোধ মৰ্মে শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ নামত শ্বহীদ গৰাকীৰ ঘৰলৈ যোৱা পথটো পকীকৰণ কৰাৰ লগতে শ্বহীদগৰাকীয়ে অধ্যয়ন কৰা হিৰিম্বা বড়ো উচ্চ বিদ্যালয়ত এখন গ্ৰাম্য ষ্টেডিয়াম নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে ৷ আনহাতে শ্বহীদ গৰাকীৰ পত্নীক সংস্থাপনৰ ক্ষেত্ৰত চৰকাৰে বিটিচি প্ৰধান প্ৰমোদ বড়োৰ সৈতে আলোচনা কৰি এক সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি জনায় ৷ সুমন স্বৰ্গীয়াৰীয়ে যি ত্যাগ কৰিছে দেশৰ স্বাৰ্থত,এই ত্যাগ অথলে নাযায় ৷ তেখেত আমাৰ সদায় আদৰ্শ হৈ ৰ’ব আৰু তেখেতৰ আদৰ্শৰে ভৱিষ্যৎ প্ৰজন্মই দেশৰ স্বাৰ্থত কাম কৰিব লাগিব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ৷ ইপিনে সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলত যি কেইটা উগ্ৰপন্থী সংগঠনে এতিয়াও মূলসূঁতিৰ পৰা দূৰৈত আছে তেওঁলোকক ভাৰত চৰকাৰৰ লগত আলোচনা কৰাৰ বাবে আমন্ত্ৰণ জনাব বুলি কয় ৷ আলফাই পুনৰ তিনিমাহৰ বাবে যুদ্ধবিৰতি কৰা ঘোষণাক আদৰণি জনাই ই ৰাজ্যখনৰ বাবে এক ইতিবাচক আখ্যা দি আলফাৰ সৈতে লাহে লাহে আলোচনাৰ পথ প্ৰশস্ত হোৱাৰ দিশে আগবাঢ়িছে বুলি মন্তব্য কৰে ৷ আলোচনাৰ বাবে সংবিধানৰ সীমাৱদ্ধতা আৰু আলফাৰ দাবীৰ মাজত এটা সামঞ্জস্য আহিব লাগিব যদিও ই এটা দীঘলীয়া প্ৰক্ৰিয়া হ’ব বুলি মন্তব্য কৰি আলফাৰ জন্মৰ সময়ৰ অসম আৰু আজিৰ অসমৰ মাজত পাৰ্থক্য আছে বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই। সেই সময়ৰ পটভূমি, জনগাঁথনিৰ দিশ, অৰ্থনৈতিক পৰিৱেশ বা সামাজিক সমস্যাৰ লগত বৃহৎ এটা পাৰ্থক্য আছে ৷ তেজৰ ফাকুৰে কোনো সমস্যা সমাধান নহয় বুলি উল্লেখ কৰি পৰিৱৰ্তিত পৰিৱেশৰ লগত নতুন চিন্তাৰে অগ্ৰসৰ হ’বলৈ সকলো পক্ষকে আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ৷ উল্লেখ্য যে শ্বহীদ গৰাকীৰ বাসগৃহত মুখ্যমন্ত্ৰীৰ সৈতে আজি সতীৰ্থ মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিধায়ক ক্ৰমে জয়ন্ত মল্ল বৰুৱা, ভূপেন বড়ো, লৰেন্স ইছলাৰী, জলেন দৈমাৰী আৰু জিৰণ বসুমতাৰীয়েও উপস্থিত থাকে ৷

Leave A Reply

Your email address will not be published.