Breaking

ৰেচম বিভাগৰ অৱহেলাতে মৃত্যু ঘন্টা । বাজিছে ঢকুৱাখনা মুগা সঁচ উন্নয়ন প্ৰকল্পৰ । সঁচ উৎপাদনৰ বাবে নাই পৰ্যাপ্ত আন্ত:গাঁঠনি,পৰিৱেশ ।

0 314

ঢকুৱাখনাৰ পৰা-ৰাজীৱ বৰুৱা

ৰাজ্য চৰকাৰৰ ৰেচম বিভাগৰ অৱহেলাৰ বাবেই শেহতীয়াকৈ মৃত্যু ঘন্টা বাজিছে অসমৰ ভিতৰতে পুৰণি ১৯৬২ চনতে স্থাপিত ঢকুৱাখনাৰ মুগা সঁচ উন্নয়ন প্ৰকল্পটোৰ।অসমৰ ভিতৰত শুৱালকুছি যিদৰে পাট মুগা শিল্পৰ বাবে বিখ্যাত সেইদৰে ঢকুৱাখনা বিখ্যাত সোণালী মুগা শিল্পৰ বাবে।উল্লেখ্য যে ঢকুৱাখনীয়া ৰাইজৰ বাবে মুগা পালন এক অন্যতম লাভজনক খেতি।ঢকুৱাখনাৰ চহা সৰহসংখ্যক গাঁৱৰ চহা খেতিয়কেই-জেঠুৱা, আহাৰুৱা, ভদীয়া, কতিয়া আৰু জাৰুৱা এই পাঁচ বাঁহকৈ মুগা পালন কৰি বছৰটো ধুনীয়াকৈ চলিব পৰাকৈ অৰ্থ উপাৰ্জন কৰে।কিন্তু শেহতীয়াকৈ ঢকুৱাখনাৰ কৃষকে সময়ত মুগাৰ সঁচ নোপোৱাৰ লগতে, চাহ বাগান,ইটা ভাটা,বড়োধানৰ খেতি,শাক-পাচলিৰ খতিত প্ৰয়োগ কৰা ৰাসায়নিক সাৰৰ বাবে মুগাৰ বিস্তৰ লোকচান হোৱাত এই খেতিৰ প্ৰতি অমনোযোগী হৈ পৰা দেখা গৈছে। বিশেষকৈ ঢকুৱাখনাৰ মুগা শিল্পৰ ঐতিহ্য ধাৰবাহিকতা ৰক্ষা কৰাৰ লগতে এই শিল্পক সমৃদ্ধিশালী কৰিবলৈ ১৯৬২ চনতে যিটো মুগা সঁচ উন্নয়ন প্ৰকল্প স্থাপন কৰা হৈছিল ঢকুৱাখনাৰ মাজমজিয়াত।এইটো প্ৰকল্পৰে এতিয়া মৃত্যু ঘন্টা বাজিছে ৰেচম বিভাগৰ অৱহেলাত।ঢকুৱাখনা মুগা সঁচ উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়াৰ কাৰ্যালয়টোৱেই এতিয়া একেবাৰে জৰাজীৰ্ণ হৈ পৰিছে।বৰষুণ দিলে প্ৰকল্প বিষয়াৰ কোঠাত জমা হয় ভৰিৰ সৰু গাঁঠি পৰ্যন্ত পানী।কাৰ্যলয়টোৰ টিনপাত, দুৱাৰ, খিৰিকী, আচ-বাব সকলো উৱলি গৈছে।তথাপিও মেৰামতিৰ বাবে খবৰ নাই ৰেচম বিভাগৰ।ইফালে মুগা সঁচৰ উৎপাদন, সংৰক্ষণৰ বাবে কাৰ্যলয়ৰ চৌহদত যিকেইটা ঘৰ আছিল এই আটাইবোৰ ঘৰতে প্ৰশাসনে আৰ্মি কেম্প স্থাপন কৰে।দীৰ্ঘদিন ধৰি ঢকুৱাখনা মুগা সঁচ উন্নয়ন প্ৰকল্পৰ চৌহদৰ ঘৰবোৰ আৰ্মি কেম্পৰূপে ব্যৱহৃত হৈ থকাত প্ৰকল্পটোৰ বিষয়া-কৰ্মচাৰী সকলে সঠিকভাৱে নিজৰ কাম-কাজ ৰূপায়ণত বহুখিনি সমস্যাৰ সন্মুখীন হৈছে।ইফালে আৰ্মি কেম্পৰ চৌহদত তেওঁলোকে নিয়মীয়াকৈ ৰসায়নিক বিজাণুনাশক, কীটনাশক আৰু বন মৰা ঔষধ স্প্ৰে কৰাৰ ফলত যোৱা কেইবাবছৰো ধৰি ঢকুৱাখনা মুগা সঁচ উন্নয়ন প্ৰকল্পৰ মুগাৰ উৎপাদনত ব্যাঘাত জন্মি আহিছে।ঢকুৱাখনাৰ মুগা সঁচ উন্নয়ন প্ৰকল্পৰ চৌহদৰ প্ৰায় ১০০ বিঘা মাটিত থকা চোম গছত স্থানীয় কৃষকে মুগা পালন আৰম্ভ কৰাৰ পিছতেই চাল কাটি-৩ উলোৱাৰ সময়ত মুগাৰ বেমাৰ উলাই বহু নষ্ট হয়।তদুপৰি চোমণিৰ চাৰিওফালে বেৰা নথকাত চৰণীয়া গৰু-ছাগলীয়ে অবাধ বিচৰণ কৰাৰ ফলত গৰু-ছাগলীৰ গাত অহা মাখিয়েও মুগাবোৰ বিন্ধি নষ্ট কৰে বহু সময়ত।ঢকুৱাখনা মুগা সঁচ উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া-প্ৰদীপ কুমাৰ মিশ্ৰৰ পৰা জানিব পৰা মতে ২০১৯ বৰ্ষত ঢকুৱাখনা মুগা সঁচ উন্নয়ন প্ৰকল্পই জেঠুৱা মুগা পুহি-৮,৩৩৩ টা ভাল মুগাৰ বাঁহ,২৯ হেজাৰ টা বেয়া মুগাৰ বাঁহ উৎপাদন কৰে।ইয়াৰ পিছতে আহাৰুৱা মুগাৰ ৭ শ খৰিকা কিনি আনি পুহিছিল যদিও ৩ উলোৱাৰ সময়তে সকলো নষ্ট হ’ল।ফলত উৎপাদন শূণ্য হয়। ইফালে চি,এছ,বি, নাৰায়ণপুৰৰ পৰা ৫০০০ টা মুগাৰ বাঁহ কিনি আনিছিল যদিও তাৰ পৰা পখিলাই উৎপাদন নহ’ল খৰিকাত লগাবৰ বাবে।ইফালে শিৱসাগৰৰ পৰা কঠীয়া আনি পুহা জাৰুৱা মুগাৰ বাঁহ উৎপাদন হয়-১৭ হেজাৰ। ইয়াৰে -১২ হেজাৰ টা ভাল আৰু ৫ হজাৰটা বেয়া মুগা। অন্যহাতে মুগা সঁচ উন্নয়ন প্ৰকল্পত মুগা পালনৰ বাবত কৃষকৰ পৰা লাভ কৰে-১৩ হেজাৰ মুগা। ২০২০ বৰ্ষত ৬০০ খৰিকা বাহিৰৰ পৰা কিনি আনি ঢকুৱাখনা মুগা সঁচ উন্নয়ন প্ৰকল্পই পালন কৰৰিছে যদিও উৎপাদন সন্তোষ জনক নহয়।তদুপৰি ঢকুৱাখনা মুগা সঁচ উন্নয়ন প্ৰকল্পৰ দুটাকৈ চকীদাৰৰ পদ আৰু নিম্নবৰ্গৰ সহায়কৰ পদ দীৰ্ঘদিন ধৰি খালি হৈ থকাৰ ফলতো কাৰ্যলয়ৰ যাৱতীয় কাম-কাজ ৰূপাযণত অসুবিধাৰ সৃষ্টি হৈছে।যিটো ঢকুৱাখনা মুগা সঁচ উন্নয়ন প্ৰকল্পই ঢকুৱাখনাৰ সহস্ৰাধিক মুগা খেতিয়কক সঁচ যোগান দিব পাৰিব লাগিছিল।মুগাৰ বেমাৰ-আজাৰ নিবাৰণৰ ক্ষেত্ৰত দিহা-পৰামৰ্শ দিব লাগিছিল সেইটোৰে এতিয়া মৃত্যু ঘন্টা বাজিছে।ঢকুৱাখনা মুগা সঁচ উন্নয়ন প্ৰকল্পই সঁচ উৎপাদন কৰি কৃষক যোগান ধৰাৰ বিপৰীতে এতিয়া নিজেই আনৰ পৰাহে সঁচ কিনিব লগাৰ শোচনীয় অৱস্থা হৈছেগৈ।ঢকুৱাখনাৰ ঐতিহ্যবহনকাৰী ১৯৬২ চনতে স্থাপিত এই মুগা সঁচ উন্নয়ন প্ৰকল্পটোক ভালদৰে কাৰ্যক্ষম কৰি তুলিবলৈ ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অশোক বৰুৱা আৰু সম্পাদক স্বৰাজ শংকৰ গগৈয়ে সংবাদ মাধ্যমৰ জড়িয়তে ঢকুৱাখনাৰ স্থানীয় বিধায়ক নৱ কুমাৰ দলেৰ লগতে ৰেচম বিভাগৰ মন্ত্ৰী ৰঞ্জিৎ দত্তক দাবী জনাইছে।

Leave A Reply

Your email address will not be published.