নগাঁও জিলাৰ চামগুৰি নিবাসী সমাজসেৱক, কবি সাহিত্যিক অতুল কুমাৰ নাথে ‘কাব্যশ্ৰী’ বঁটা’ ; ‘অসম বঙ্গ মৈত্ৰী বঁটা ‘ৰ লগতে ‘অসম সাহিত্যজ্যোতি’ বঁটা লাভ কৰি চামগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ ছাত্ৰ অৱস্থাৰ পৰা কবিতা , গল্প প্ৰবন্ধ লিখিবলৈ আৰম্ভ কৰা অতুল কুমাৰ নাথে বৰ্তমানও সাহিত্য চৰ্চা অব্যাহত ৰাখিছে ৷ অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থকা অতুল কুমাৰ নাথে ভক্তিৰ মাৰ্গ ( প্ৰবন্ধ), মন দাপোণ ( কবিতা সংকলন ), হোমেন দাদা তুমি ক’ত ( স্মৰণিকা ) , অভিষাৰিকা শেৱালি ( কবিতা সংকলন ), ইতিহাসৰ আঁৰত ( ইতিহাসৰ সংকলন গ্ৰন্থ ) আৰু তুমি অনন্যা নামৰ গ্ৰন্থ সম্পাদনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। নাথে সমন্বয় কাব্য সংস্কৃতিৰ পথাৰ গ্ৰুপ, ইতিহাসৰ আঁৰত গ্ৰুপ আৰু সঁফুৰা নামৰ তিনি টা ফেচবুক গ্ৰুপৰ লগত জড়িত হৈ সাহিত্য চৰ্চা অব্যাহত ৰাখিছে ৷ ১৯৭৫ চনত অতুল কুমাৰ নাথে ৰুণ- জোন নামৰ এটা গৃহ পুথিভঁৰাল স্থাপন কৰিছিল লগতে পৰৱৰ্তী সময়ত বহু মূল্যবান গ্ৰন্থ চামগুৰিৰ পূৰ্ণিমা শইকীয়া হাইস্কুলত দান কৰিছিল ৷ পুৰণিগুদাম শতদল শাখা সাহিত্য সভাৰ জড়িয়তে অসম সাহিত্য সভাৰ আজীৱন সদস্য গ্ৰহণ কৰা অতুল কুমাৰ নাথ অসম বহুভাষিক কবি সন্মিলনৰ কেন্দ্ৰীয় উপ সভাপতি, অসম বহুভাষিক কবি সন্মিলনৰ চামগুৰি শাখাৰ সভাপতি লগতে চামগুৰি পূৰ্ণিমা শইকীয়া হাইস্কুলৰ পৰিচালনা আৰু উন্নয়ন কমিটিৰ সভাপতি ৰূপে বৰ্তমানে দায়িত্ব পালন কৰি আহিছে ৷এই গৰাকী সমাজসেৱক তথা কবি সাহিত্যিকক বৰপেটা ৰোডৰ সাহিত্য সভা ভৱনত ১৩ নৱেম্বৰত অনুষ্ঠিত বঁটা বিতৰণী সভাত বিশাখাপট্টনম পৰা অসমৰ কৃষ্টি এৱাৰ্ডচৰ যোগেদি ‘কাব্যশ্ৰী’ বঁটা, অসম বংগ মৈত্ৰীৰ ফালৰ পৰা ‘মৈত্ৰী বঁটা’ আৰু কৃষ্টি এৱাৰ্ডচৰ তৰফৰ পৰা ‘অসম সাহিত্যজ্যোতি’ বঁটা প্ৰদান কৰা হয় বুলি সাহিত্যিক নাথে সাংবাদিকক জানিব দিয়ে ৷ এই বঁটা লাভ কৰি উৎফুল্লিত হোৱা অতুল কুমাৰ নাথে সাহিত্য সৃষ্টি অব্যাহত ৰখাৰ লগতে পুনৰ আন এখন গ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি চলাই আছে বুলিও প্ৰকাশ কৰে ।