Breaking

অনিশ্চয়তাৰ সন্মুখীন ভ্ৰাম্যমান থিয়েটাৰ ।

0 813

মহামাৰী ব্যাধি ক’ৰোনাৰ সক্ৰমণ ৰোধৰ বাবে চৰকাৰে আহ্বান জনোৱা ল’ক ডাউনে দেশৰ অৰ্থনৈতিক অৱস্থাৰ লগতে  সকলো ক্ষেত্ৰতে গুৰুতৰ প্ৰভাৱ পেলাইছে। ক’ৰোনা ভাইৰাছৰ বিৰূপ প্ৰভাৱৰ ফলত এইবাৰ ৰাজ্যত বাপতি সাহোন বহাগ বিহুৰ কোনো অনুষ্ঠান নোহোৱাত যিদৰে শিল্পী সকলৰ জীৱনলৈ ভয়ংকৰ সকংট নামি আহিছে, ঠিক তেনেকৈ ভ্ৰাম্যমান থিয়েটাৰৰ লগত জড়িত সহস্ৰাধিক লোকৰ জীৱনলৈ দুৰ্বিস নামি পৰিছে। এই বিশ্ব বিৰল ভ্ৰাম্যমান থিয়েটাৰৰ জৰিয়তে বহু সংখ্যক লোকৰে পৰিয়াল পোহপাল দিছে, নাট্যদল সমূহক আমন্ত্ৰণ কৰি কমিটীসমূহে নিৰ্মাণ কৰিছে বিদ্যালয়, মন্দিৰ, ক্লাৱ ইত্যাদি। উল্লেখযোগ্য যে ডিচেম্বৰ মাহটো নাট্যদলসমূহৰ বাবে ব্যৱসায়িকভাৱে অতি গুৰুত্বপূৰ্ণ মাহ কিন্তু ‘কা’ বিৰোধী আন্দোলনৰ সময়ত ভ্ৰাম্যমান নাট্যদল সমূহে প্ৰায় ১০ দিন নাট প্ৰদৰ্শন কৰিব নোৱাৰিলে। আনহাতে এদিন নাট প্ৰদৰ্শন বন্ধ হ’লেই লক্ষাধিক টকাৰ ক্ষতি থিয়েটাৰ সমূহৰ। ফ্ৰেব্ৰুৱাৰী মাহৰ পৰা  নাট্যদল সমূহে অকণমান গা কৰি উঠাৰ লগে লগেই মাৰ্চ মাহত ক’ৰোনাৰ প্ৰকোপে একপ্ৰকাৰ নাট্যদল সমূহৰ প্ৰদৰ্শনীয়ে বন্ধ কৰি পেলালে। আনহাতে জুন-জুলাই মাহৰ পৰা এটা নতুন নাট্যবৰ্ষৰ বাবে থিয়েটাৰৰ দলবোৰে শিল্পী, কলা-কুশলীসহ সকলোৰে চুক্তিবদ্ধ হয় আৰু অগ্ৰিম ধন দিয়ে। কিন্তু এই বৰ্ষত(২০-২১) নাট্যবৰ্ষত থিয়েটাৰ কৰিব পাৰিব নে নাই তাকে লৈ অনিশ্চিয়তাত প্ৰযোজক তথা শিল্পী সকল। থিয়েটাৰত কাম কৰি ঘৰ চলোৱা সেইসকল ব্যক্তিৰ অৱস্থা কিমান ভয়াৱহ হ’ব তাকে লৈ এতিয়া দু:চিন্তাত পাৰ কৰিছে তেওলোক। সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত ভ্ৰাম্যমান থিয়েটাৰৰ সম্পাদক, অভিনেতা-অভিনেত্ৰী, নাট্যকাৰ, সংগীত পৰিচালকৰ মন্তব্য এই প্ৰতিবেদনৰ লগত সংযোগ কৰা হ’ল-

ৰাজদ্বীপ, নাট্যকাৰ-গীতিকাৰ :- কৰোনাৰ আতংকৰ বাবেই চৰকাৰৰ সিদ্ধান্ত অনুসৰি সম্পূৰ্ণ এমাহ পূৰ্বেই নাট্যযাত্ৰা বন্ধ কৰিবলগীয়া হ’ল নাট্যদল সমূহে। এনে পৰিস্থিতিত শিল্পী-কলা, কুশলী সকলে কেনে এক জটিল সন্ধিক্ষণৰ মাজেৰে সময় পাৰ কৰিছে, সেয়া ভাষাৰে বুজাব নোৱাৰি। কোনোৱে হয়তো ক’ব যে ভ্ৰাম্যমানৰ শিল্পীয়ে লাখ লাখ টকা উপাৰ্জন কৰে। কিন্তু আকাশলংঘী মাননি লাভ কৰা কেইগৰাকীমান সৌভাগ্যৱান শিল্পীৰ বাহিৰে আন আন শিল্পী সকলৰ আৰ্থিক অৱস্থা তেনেই তথৈবচ। উদ্যোগটিৰ সৈতে জড়িত হোৱাৰে পৰা এইসকল লোকক অধিক ওচৰৰ পৰা দেখিছো তেওলোকৰ জীৱন সংগ্ৰাম অধিক ওচৰৰ পৰা অনুভৱ কৰিছো।এনে অৱস্থাত আগন্তুক নাট্যবৰ্ষ বাতিল হোৱাৰ আতংকই খেদি ফুৰিছে তেওলোকক।

প্ৰসেনজিত বৰা, অভিনেতা:- বৰ্তমান যি এক পৰস্থিতিৰ উদ্ভৱ হৈছে ইয়াৰ পৰিত্ৰাণ কেতিয়া পাম সেয়া কোনেও ক’ব নোৱাৰে। তথাপি আমি বিশ্বাসী কিবা নহয়, কিবা এটা সমাধান ওলাব আৰু চৰকাৰে অন্তত এই উদ্যোগটিৰ প্ৰতি সহানুভূতি জনাব। চৰকাৰে যি নীতি-নিয়ম বান্ধি দিয়ে ঠিক তেনেকৈ নাটকীয় যাত্ৰা চলাই নিবলৈ আমি প্ৰস্তুত। লগতে মই আশাবাদী যে দৰ্শকে আমাক পুনৰায় আকোৱালি ল’ব কাৰণ ছবি এখন চিনেমা হ’লত মুক্তি নিদিলেও পিছত বিভিন্ন মাধ্যমত মুক্তি দিব পাৰে কিন্তু ভ্ৰাম্যমানশৈলী সম্পূৰ্ণ পৃথক, ইয়াক দৰ্শকে ওচৰৰ পৰা প্ৰত্যক্ষ কৰাৰ আমোদ সুকীয়া।

অংকিতা শইকীয়া, অভিনেত্ৰী :- বৰ্তমান যি পৰস্থিতি হৈছে তাতকৈ প্ৰায় ৮ বছৰ পূৰ্বৰে পৰাই ভ্ৰাম্যমান ইতিমধ্যেই এটি বেয়া পৰ্য্যায়লৈ গৈ আছিলে কিন্তু এইবাৰ বেছি সংকটপূৰ্ণ অৱস্থালৈ গল কিয়নো কা ই ক্ষতি কৰিলে লগতে কৰোনাৰ বিৰূপ প্ৰভাৱে কোঙা কৰিলে থিয়েটাৰক। দেশৰ পৰস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক নাট্যবৰ্ষটো কি হব অনিশ্চিয়তাত পাৰ কৰিবলগীয়া হৈছে। এইদৰে ভ্ৰাম্যমানৰ নিয়মীয়া নাটকীয় শিকলিডাল যদি চিঙি যায় তেন্তে বহু শিল্পী, কলা-কুশলী পৰিয়াল পোহপাল দিয়াৰ স্বাৰ্থত বেলেগ কৰ্মত নিয়োজিত হ’ব তেতিয়া সেইসকল ব্যক্তি পুনৰায় ভ্ৰাম্যমানলৈ আহিব নে নাই, সেয়া সন্দেহজনক। যদি চৰকাৰে অকনমান নজৰ দিয়ে এই থলুৱা উদ্যোগটিৰ প্ৰতি লগতে পৰস্থিতিও সংকটমুক্ত হয় তেন্তে কম দিনীয়াকৈ হ’লেও ভ্ৰাম্যমান হোৱাটো প্ৰয়োজনীয় সেইসকল লোকৰ স্বাৰ্থত। মই এগৰাকী অভিনেত্ৰী হিচাপে সদায় আশাবাদী, যাতে ভ্ৰাম্যমান উদ্যোগটি জীয়াই থাকে।

হিমাংশু(মিন্টু)ডেকা, সম্পাদক(কহিনুৰ থিয়েটাৰ):– কৰোনাৰ প্ৰভাৱৰ ফলত অনিশ্চিয়তাত পাৰ কৰিবলগীয়া হৈছে ভ্ৰাম্যমানৰ কথা চিন্তা কৰি। চৰকাৰে এই থলুৱা অঘোষিত উদ্যোগটিৰ হিতাৰ্থে অকনমান হ’লেও কৃপা দৃষ্টি কৰক যাতে ইয়াৰ লগত জড়িত ব্যক্তি সকল জীয়াই থাকিব পাৰে।যদি চৰকাৰে অনুমতি দিয়ে তেন্তে আহ্বায়ক কমিটি সমূহেও কিছু এৰা-ধৰা কৰিব লাগিব মাননিৰ ক্ষেত্ৰত লগতে প্ৰযোজকেও সহযোগ কৰিব লাগিব। ইয়াৰ উপৰিও টিকটৰ বৰ্দ্ধিত মূল্য হ্ৰাস কৰিব লাগিব তেতিয়াহে দৰ্শক আহিব নাট উপভোগ কৰিবলৈ। চৰকাৰে শিল্পী সকল যি ৫০,০০০ টকাকৈ এককালীন সাহাৰ্য্য দিয়াৰ এক আঁচনি হাতত লৈছিলে সেয়া ফলপ্ৰসু হলে যথেষ্ট সকাহ হ’ব শিল্পী তথা কলা-কুশলী সকলৰ।

পৰাণ বৰকটকী(জ’জ), সংগীত পৰিচালক:– প্ৰকৃতিয়ে এই ল’ক ডাউনৰ সময়ত যিদৰে নিজকে নতুন ৰূপত পৰিস্কাৰ কৰিলে, ঠিক একেদৰে  ভ্ৰাম্যমান উদ্যোগটিয়েও নিজকে পৰিস্কাৰৰ কৰাৰ এয়া উচিত সময়। গিমিকবাজী বাদ দি পূৰ্বৰ সুতি লৈ ঘুৰি আহি এক সুস্থিৰ বাতাবৰণ সৃষ্টি কৰাৰ এয়া উপযুক্ত সময়। যদি ভ্ৰাম্যমান নহৈ তেন্তে খাটি খোৱা শিল্পী তথা কলা-কুশলীৰ অৱস্থা অতি ভয়াৱহ হ’ব সেইবাবে অনুগ্ৰহ চৰকাৰে এবাৰ চকু দিয়ক এই থলুৱা উদ্যোগটিৰ ওপৰত। সাংস্কৃতিক প্ৰতিনিধি

Leave A Reply

Your email address will not be published.