✍ গুনোজীৎ দাস
বিশ্বায়নৰ সময়ত সমগ্ৰ পৃথিৱী আজি বন্দীত্বৰ জীৱন কটাবলগীয়া হৈছে। ইমান দিনে জলপথ, স্থলপথ, আকাশ মাৰ্গত দপদপনিৰ জয় যাত্ৰাত এয়া কিহৰ স্থৱিৰতা! পৃথিৱীখন যেন আজি গোলকীয় অসহিষ্ণুতাত ভাগৰি পৰিছে ক’ৰবাত। বিজ্ঞানৰ যুগত এয়া যেন বিয়োগাত্মক প্ৰভাৱ মানৱ সমাজে প্ৰকৃতিৰ ওপৰত চলোৱা অবাধ খননকাৰ্যৰ । এই অস্থিৰতাৰ প্ৰতিকাৰ বিচাৰি এতিয়া মানৱ সমাজ দিনে-ৰাতি নামি পৰিছে ভয়াবহভাৱে বিয়পি পৰা এই ক’ৰ’না মহামাৰীৰ প্ৰতিৰোধত। কিন্তু বাস্তৱত ইয়াক প্ৰতিৰোধ কৰাটো মানৱ সভ্যতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত প্ৰধান দায়িত্ব আৰু কৰ্তব্য যদিও প্ৰকৃতিৰ ওপৰত হোৱা অবাধ খনন কাৰ্যকলাপৰ ওপৰত ভাৰসাম্যতা অনাটো বৰ্তমান সময়ত ৰাষ্ট্ৰ তথা নাগৰিকৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য হোৱা উচিত । বিজ্ঞানৰ কু-প্ৰভাৱ সমুহৰ ওপৰত সেয়ে এতিয়া গুৰুত্ব আৰোপ কৰাটো প্ৰয়োজনীয়তা অনুভৱ কৰি ৰাষ্ট্ৰ সমুহে সমাজকল্যাণ ধাৰণাৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে । কিয়নো প্ৰকৃতিৰ ওপৰত হোৱা অবাধ খনন কাৰ্যকলাপৰ কাৰণে পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য বিনষ্ট হোৱা দেখা যায় । ইয়াৰ ফলত প্ৰদূষণৰ পৰিমাণ বাঢ়ি সমগ্ৰ মানৱ জাতিক কঙাল কৰা দেখা গৈছে । এনেবোৰ কাৰণতে প্ৰকৃতিৰ পৰা ভিন্ন জীৱ-জন্তু বিলুপ্ত হোৱাৰ ফলত পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্য বিনষ্ট হৈ মানৱ সভ্যতালৈ বিপদ চপাই আনিছে । জল, স্থল, বায়ুমণ্ডলৰ মাজত বিৰাজমান দুষিত পদাৰ্থ সমুহে নতুন নতুন সমস্যাৰ সৃষ্টি কৰাৰ লগতে দুৰাৰোগ্য ৰোগৰ সৃষ্টি কৰি মানৱ সভ্যতালৈ চপাই আনিছে বিপদ । এনে সময়ত সমগ্ৰ মানৱ জাতিৰ লক্ষ্য আৰু উদ্দেশ্য সমুহৰ মাজত পৰিস্থিতন্ত্ৰনৰ ভাৰসাম্য বজাই ৰখাটো বৰ্তমান সময়ত চৰ্চিত বিষয় হোৱা দেখা যায়। বিশেষকৈ দ্ৰুত হাৰতত হোৱা পৰিৱৰ্তনে মানৱ সমাজত হোৱা কু-প্ৰভাৱ সমুহ প্ৰতিৰোধ কৰাটো আজি ৰাষ্ট্ৰ সমুহৰ দায়িত্ব আৰু কৰ্তব্য হিচাপে বিবেচনা কৰা হয়। বিশেষকৈ উন্নত ৰাষ্ট্ৰ সমুহে পৰিৱেশৰ ওপৰত হোৱা অবাধ খনন কাৰ্যকলাপৰ জড়িয়তে মানৱ সমাজলৈ যাতে সমস্যাৰ সৃষ্টি নকৰে তাৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। এই ক্ষেত্ৰত তেওঁলোকে সমাজ কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাটোৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। সমাজকল্যান ধাৰণা মতে ভবিষ্যত প্ৰজন্মৰ ক্ষতি নকৰাকৈ সম্পদৰ সৰ্বোত্তম ব্যৱহাৰ কৰাটো ৰাষ্ট্ৰ সমুহৰ প্ৰধান কৰ্তব্য হোৱা উচিত। ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশ সমুহে সমাজকল্যানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ জড়িয়তে তেওঁলোকে প্ৰদূষণমুক্ত শক্তি সমুহৰ ব্যৱহাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। উদাহৰণস্বৰূপে সৌৰশক্তি, এলক’হল ইঞ্জিন আদি ব্যৱহাৰ কৰা দেখা যায়। ইয়াৰ ফলত অনৱীকৰণ সম্পদ সমুহৰ ভবিষ্যত প্ৰজন্মলৈ সুৰক্ষিত হোৱাৰ উপৰিও পৰিৱেশ প্ৰদূষণ কমি হোৱা দেখা যায়। ইয়াৰ উপৰিও ৰাষ্ট্ৰসমুহে বৃক্ষ ৰোপন, বন্যপ্ৰাণী সংৰক্ষণ আদি কেতবোৰ দিশত প্ৰয়োজনীয় আঁচনি গ্ৰহণ কৰা দেখা যায়। সেয়ে মহামাৰীৰ পিছৰ পৃথিৱীখনত মানৱ সমাজৰ কৰ্তব্য কি হোৱা উচিত সেই সম্পৰ্কে ৰাষ্ট্ৰসমুহে পৰ্যালোচনা কৰাটো প্ৰয়োজন । বিশেষকৈ ৰাষ্ট্ৰৰ নাগৰিক সকলে পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য বজাই ৰখাত গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। উদাহৰণস্বৰূপে বন্যপ্ৰাণী সংৰক্ষণ, বনাঞ্চল জীৱ-জন্তুৰ কাৰণে সংৰক্ষণ কৰাটো প্ৰয়োজনীয়। কিয়নো পৰিৱেশৰ ভাৰসাম্য বিনষ্ট হোৱাৰ কাৰণে বৈশ্বিক উষ্ণতা বৃদ্ধি, সেইজগৃহৰ প্ৰভাৱত দুৰাৰোগ্য ৰোগৰ সৃষ্টি আদিকে ধৰি কেতবোৰ গুৰুতৰ সমস্যা সৃষ্টি হোৱা দেখা যায়। আনহাতে বৰ্তমান হোৱা অবাধ প্ৰদূষণৰ প্ৰভাৱত কৃষিৰ উপযোগী জলবায়ুৰ পৰিৱৰ্তন হোৱা দেখা যায়। সেয়ে এনে এক জতিল সময়ত ৰাষ্ট্ৰসমূহে বৈজ্ঞানিক দৃষ্টিভঙ্গীৰ উপৰিও জৈৱিক দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো প্ৰয়োজন। বৈজ্ঞানিক আৰু জৈৱিক দৃষ্টিভংগীৰ সংমিশ্ৰণত ভৱিষ্যত প্ৰজন্মৰ ক্ষতি নকৰাকৈ সম্পদ সমুহৰ সৰ্বোত্তম ব্যৱহাৰৰ যোগেদি এক সুস্থ সবল বিশ্ব মানৱ জাতি গঢ় লৈ উঠিব বুলি সমাজকল্যাণ ধাৰণা মতে যুক্তি দাঙি ধৰিছে। সেয়ে বিশ্ব নাগৰিক সকলে মহামাৰী পিছৰ সময়চোৱাত পৰিৱেশৰ ভাৰসাম্য বজাই ৰখাৰ জড়িয়তে এক সুস্থ সৱল মানৱ জাতি গঢ় দিয়াটো প্ৰধান দায়িত্ব আৰু কৰ্তব্য হিচাপে বিবেচিত হৈছে।