বজালী জিলাৰ পাটাছাৰকুছিৰ সমীপৰ গোৱিন্দপুৰ গাঁওৰ নিৱাসী প্ৰণৱজ্যোতি দাসে নিজৰ শৌৰ্য আৰু সাহসিকতাৰ বাবে বজালীৰ সন্তানে আজি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা খবৰে সমগ্ৰ বজালীলৈ আনন্দৰ জোৱাৰ আনিছে।দেশৰ অখণ্ডতা ৰক্ষা আৰু ৰাইজৰ জীৱনৰ নিৰাপত্তা বাবে অতি সাহসিকতাৰে যুজঁ দিয়া ফলস্বৰূপে বজালীৰ সন্তান আৰক্ষী জোৱান প্ৰণৱজ্যোতি দাসক আজি দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে নতুন দিল্লীত প্ৰদান কৰিলে শৌৰ্য চক্ৰ।উল্লেখযোগ্য অৰুণাচল ত কৰ্তব্যৰত অসম ৰাইফলছৰ এজন সাহসী জোৱান।অসম আৰক্ষীৰ বৰমা বৰঝাৰস্থিত এ এছ আৰ এফ জোৱান হৰেন দাসৰ পুত্ৰ তথা অসম ৰাইফলছৰ ষষ্ঠ বেটেলিয়নৰ ৰাইফলমেন প্ৰণৱজ্যোতি দাসে কিছুমাহ পূবে দক্ষিণ অৰুণাচলৰ কৰ্মক্ষেত্ৰত প্ৰায় ৪:১০ বজাত বিশেষ সূত্ৰ ৰ পম খেদি এক অভিযানত অংশ লৈ ৭০ মিটাৰ দূৰৈৰ পৰা ছয়জনেকৈ দুৰ্ধষ উগ্ৰপন্থীক গুলীৰে থকা -সৰকা কৰি সাহসিকতাৰ পৰিচয় দিয়াৰ লগতে বহুতো লোকৰ জীৱন ৰক্ষা কৰাত সহায়ক হৈছিল।তেওঁৰ এই সাহসিকতাৰ চিনস্বৰূপে আজি ৰাষ্ট্ৰপতিয়ে নতুন দিল্লীত আনুষ্ঠানিকভাৱে শৌৰ্য চক্ৰ প্ৰদান কৰে।জোৱানজনৰ সফলতাত বজালী জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ লগতে সমগ্ৰ পাটাছাৰকুছি তথা বজালীবাসীয়ে শুভেচ্ছা জনাইছে।