Breaking

জুৰীয়াত দুই ফৈদৰ মাজত ভূমি কেন্দ্ৰীক সংঘাত । গুণ্ডা বাহিনীক লৈ মাটি বেদখল কৰা পাঁচ জনক আটক । বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ উদ্ধাৰ ।

0 656

এ জে আকন্দ‌

নগাঁও নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত বাটমাৰীত আজি এডোখৰ ভূমি বেদখল কৰিবলৈ যোৱা পাঁচজন গুণ্ডা প্ৰকৃতিৰ লোকক আৰক্ষীয়ে আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে। উল্লেখ্য যে আব্দুল ওৱাহাব আৰু হবিবুৰ ৰহমানৰ দুটা পৃথক পৰিয়ালৰ মাজত ডেৰ বিঘা পৰিমাণৰ ভুমিক লৈ এক দীৰ্ঘদিনীয়া সংঘাত চলি আহিছিল। দীৰ্ঘ বছৰ ধৰি হবিবুৰ ৰহমানৰ পৰিয়ালটো ইয়াৰে এডোখৰ মাটিত ঘৰ সাজি বসবাস কৰাৰ লগতে ৯ কঠা পৰিমাণৰ ভুমি ভোগ দখল কৰি আহিছিল। উক্ত মাটিৰ নথি পত্ৰত ওৱাহাবৰ পৰিয়ালৰ নাম থকা বুলি দাবী কৰি ইয়াৰে এটা অংশ এৰি দিবলৈ দাবী জনাই সময়ে সময়ে দুয়োটা পৰিয়ালৰ মাজত দীৰ্ঘদিন ধৰি সংঘাতৰ সৃষ্টি হৈ আহিছিল। কিন্তু যোৱা নিশা ওৱাহাবে একাংশ গুণ্ডা প্ৰকৃতিৰ লোকৰ সহযোগত দা-লাঠি-ডেগাৰ আদি জাতীয় অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত হৈ উক্ত মাটি নিশাটোৰ ভিতৰতে ঘৰ সাজি পেলাই। এই খবৰ আজি জুৰীয়া আৰক্ষীয়ে লাভ কৰি বেদখলকাৰী লোক কেইজনে নিৰ্মাণ কৰা ঘৰ-বাৰী উৎখাত কৰাৰ লগতে ঘৰটোৰ ভিতৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এইদৰে অবৈধ ভাবে এটা পৰিয়াল ভুমি বেদখল কৰিবলৈ যোৱা পাঁচজন লোকক আৰক্ষীয়ে আটক কৰে। আটকাধীন লোক কেইজন হ’ল ছিদ্দিক আলী, আনাৰুল ইছলাম, ফৰিদুল ইছলাম, আব্দুল ৱাহাব আৰু ইদ্ৰিছ আলী।

Leave A Reply

Your email address will not be published.