Breaking

গেলেকী অব্যাহত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস : প্ৰশাসনক শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী ” আটাছু”ৰ ।

0 603

নাজিৰা 

শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী গেলেকী শিঙিবিলত আজি ” সদৌ তাই আহোম ছাত্ৰ সন্থা” (আটাছু)ৰ প্ৰতিনিধি দল উপস্থিত হৈ সীমান্ত বিবাদৰ সন্দৰ্ভত শীঘ্ৰে প্ৰশাসনক বিহিত ব্যৱস্থা লবলৈ আহ্বান জনায় | উল্লেখ্য যে, অসমৰ ভূমিত নগা দুৰ্বৃত্তই বন-ধ্বংস কৰি শিৱসাগৰ জিলাৰ অসম-নগালেণ্ড সীমান্তৱতী গেলেকী সংৰক্ষিত বনাঞ্চল দখল অব্যাহত ৰাখিছে | নগা দুৰ্বৃত্তই বিগত কিছু দিনৰ পৰা জিলাখনৰ গেলেকী শিঙিবিলত সন্দেহজনক ভাৱে প্ৰৱেশ কৰা  প্ৰায় শতাধিক চাহ গছ কাটি তহিলং কৰি অবৈধ ঘৰ সাজি বীৰত্ব প্ৰদৰ্শন কৰিছে | নাগালেণ্ডৰ লুংলেং জিলাৰ অধীনৰ নাগালেণ্ডৰ ইয়ংলক বস্তি দিশৰ পৰা অহা নগা দূৰ্বিত্তই বনাঞ্চলৰ ভূমি আৰু সীমান্ত অঞ্চলটোৰ বৃহৎ ভূমি তথা শ শ থলুৱা ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ বাগিচা দখলৰ চেষ্টা কৰি আহিছে | উক্ত ভূমিত নগা দুৰ্বৃত্তই বাঁহৰ বেৰিকেট দি অসমীয়াৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল । ঘটনাস্থলীত নাজিৰা মহকুমাৰ প্ৰশাসনৰ আৰক্ষীৰ এটা দল সীমান্তত উপস্থিত হৈ নগালোকে অসমৰ মাটিত স্থাপন কৰা বাহঁৰ বেৰিকেট উচ্ছেদ কৰি থৈ আহে যদিও পুনৰ সেই স্থানত নগা দুৰ্বৃত্তই বাহৰ পাতি অব্যাহত ৰাখিছে সন্ত্ৰাস | ফলত আজি শিঙিবিলত সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু)ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লিটুল বুঢ়াগোঁহাই, সহকাৰী সম্পাদক জয়ন্ত সন্দিকৈ, শিৱসাগৰ জিলা সমিতি সভাপতি ধৰ্মেন গগৈ, যুটীয়া সম্পাদক মানস সন্দিকৈ আৰু নাজিৰা মহকুমা সমিতিৰ নেতৃত্বত এটি প্ৰতিনিধি দল উপস্থিত হৈ অসম-নাগালেণ্ড সীমান্ত বিবাদৰ সমগ্ৰ পৰিস্থিতি বুজ লয় । সংগঠনটোৱে প্ৰথমতে স্থানীয় চাহ খেতিয়ক ৰাইজৰ সতেও মত বিনিময় কৰে । তাৰ পাছত সীমান্ত অতিৰিক্ত আৰক্ষী অধীক্ষক,গেলেকী আৰক্ষী থানাৰ লগতে প্ৰশাসনৰ সৈতে সীমান্ত নিৰীক্ষণ চকীত জনসাধাৰণৰ নিৰাপত্তা নিশ্চিত কৰি প্ৰশাসনক অতি শীঘ্ৰে বিহিত ব্যৱস্থা লবলৈ দাবী জনায় ।

Leave A Reply

Your email address will not be published.