যি সময়ত ৰাজ্য চৰকাৰখনে চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধেকঠোৰ স্থিতি গ্ৰহণ কৰিছে সেই সময়তে নগাঁও জিলাৰ চামগুৰি সমষ্টিত চোৰাং গৰু সৰবৰাহ চলি থকা কাৰ্য পোহৰলৈ আহিছে ৷ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অধীনৰ খাটোৱাল থানাৰ আৰক্ষীয়ে যোৱা নিশা চামগুৰি থানাৰ আৰক্ষী সহযোগত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলাই গেৰুৱাআটিৰ চপতকাৰা অঞ্চলৰ পৰা চোৰাং গৰুসহ এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে খাটোৱাল আৰক্ষী থানাৰ অন্তৰ্গত গেৰুৱাআটি দিশৰ পৰা যোৱা নিশা প্ৰায় ২:৩০ মান বজাত এখন ট্ৰাকত চোৰাং গৰু আনি থকা বুলি খাটোৱাল আৰক্ষীয়ে এক গোপন সুতৰ পৰা জানিব পাৰি অভিযান আৰম্ভ কৰে ৷ পৰৱৰ্তী সময়ত খাটোৱাল আৰক্ষীয়ে চামগুৰি থানাৰ আৰক্ষীৰ সহযোগত ৰাষ্ট্ৰীয় ঘাইপথত যৌথ অভিযান চলাই থকাৰ সময়ত উক্ত চোৰাং গৰু ভৰ্তি ট্ৰাক খন পুনৰ গেৰুৱাআটি দিশে পলায়ন কৰিবলৈ চেষ্টা কৰে ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পলাবলৈ চেষ্টা কৰা এ এছ ০২ বি চি ৩৬৫৪ নম্বৰৰ চোৰাং গৰু ভৰ্তি ট্ৰাকখন আৰক্ষীয়ে পিছে পিছে খেদি পুৱতি নিশা প্ৰায় ৪–৩০ মান বজাত গেৰুৱাআটিৰ চপতকাৰা অঞ্চলত জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ পৰা ১১ টা চোৰাং গৰু উদ্ধাৰ কৰে যদিও গাড়ী খনৰ চালক আৰু কুখ্যাত চোৰাং গৰু ব্যৱসায়ী কেইজন পলায় যাবলৈ সক্ষম হয় বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়ে ৷ আজি পুৱতি নিশা উদ্ধাৰ কৰা চোৰাং গৰু খিনি আৰক্ষীয়ে গোশালালৈ পঠোৱাৰ ব্যৱস্থা কৰাৰ লগতে চোৰাং গৰু ব্যৱসায়ী চক্ৰটোক আটক কৰিবলৈ অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷