Breaking

ক’ৰোনা সংক্ৰমণ আৰু লকডাউনৰ বাবেই সমগ্ৰ পৃথিৱীত ৪০ কোটি মানুহ চৰম দৰিদ্ৰতাৰ বলি ৷

0 44

সমগ্ৰ বিশ্বতে দৰিদ্ৰৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ ক’ৰোনা সংক্ৰমণ আৰু লকডাউনৰ বাবেই সমগ্ৰ পৃথিৱীত আন ৪০ কোটি মানুহ চৰম দৰিদ্ৰতাৰ বলি হৈছে৷ ইয়াৰ মাজত কেৱল ভাৰতত চৰম দৰিদ্ৰতাৰ সীমা পাইছেগৈ ৬ কোটি মানুহ ৷ এইসকলৰ আয় হৈছে ১৪৪ টকা৷ এক আন্তর্জাতিক গৱেষণাত এই উদ্বেগজনক খবৰ পোহৰলৈ আহিছে৷ গৱেষণাপত্রত প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ অধীনত থকা ‘ইউএনইউ-ৱাইডাৰ’ নামৰ গৱেষক দলে৷ এই গৱেষক দলটোত আছে লণ্ডনৰ কিংছ কলেজ আৰু অষ্ট্ৰেলিয়ান ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ অৰ্থনীতিবিদ৷ উল্লেখ্য যে যোৱা বছৰ ভাৰতত চৰমতম দৰিদ্ৰতাৰ তলত আছিল ৪ কোটি মানুহ৷ গৱেষণাত জানিব পৰা গৈছে যে ক’ৰোনা সংক্ৰমণ আৰু তাক ৰোধ কৰিবলৈ লকডাউন দিয়াত বিশ্ব অৰ্থনীতিৰ যি অৱস্থা তাৰ বাবেই এনে হৈছেগৈ আগন্তুক দিনৰ ছবি৷ ক’ৰোনা পৰিস্থিতিৰ বাবেই আন ৪০ কোটি মানুহে সহ্য কৰিব লাগিব চৰম দৰিদ্ৰতাৰ জ্বলা-যন্ত্ৰণা৷ উল্লেখ্য যে বিশ্ব বেংকে দিয়া পৰিসংখ্যাৰ লগত এই তথ্য একে হৈ পৰিল৷ য’ত কোৱা হৈছে বিশ্বত চৰম দৰিদ্ৰতাৰ চিকাৰ হ’ব ৭ ৰ পৰা ১০ কোটি মানুহ৷ বিশ্ব বেংকে নিৰ্ধাৰণ কৰা দৰিদ্ৰতাৰ হিচাপত এই তথ্যভিত্তিক গৱেষণা কৰা হৈছিল৷ বিশ্ব বেংকে নিৰ্ধাৰণ কৰা মতে যাৰ প্ৰতিদিনে আয় ১৪৪.২৪ টকা বা কম সেই মানুহ চৰমতম দৰিদ্ৰ৷ আনহাতে যাৰ আয় ৪১৭.৪১ টকা  এই সকল দৰিদ্ৰ৷ গৱেষকসকলে জনোৱা মতে আগন্তুক দিনত এই দৰিদ্ৰতাত পৰিবগৈ বিশ্বত কমেও ১১২ কোটি মানুহ৷ তদুপৰি দৰিদ্ৰৰ সংখ্যা কমেও ৩৭০ কোটি হ’বগৈ৷ যিটোৰ সংখ্যা পৃথিৱীৰ আধা সংখ্যক মানুহৰো অধিক৷

Leave A Reply

Your email address will not be published.