Breaking

চৰকাৰে “জিম” ৰ কথাও ভাবক

0 74

যোৱা মাৰ্চ মাহৰ শেষভাগৰ পৰাই চৰকাৰৰ নিৰ্দেশ মৰ্মে অসমৰ সকলো জিম বা ফিটনেছ চেন্টাৰসমূহ বন্ধ হৈ আছে৷ যোৱা দুমাহেই এই ক্ষেত্ৰৰ লগত জড়িত প্ৰতিজন ব্যক্তিয়ে এই নিৰ্দেশ সম্পূৰ্ণ মানি আছে৷ ক’ৰ’নাৰ আতংক দিনক দিনে বাঢ়ি আছে৷ অস্থিৰ হৈ পৰিছে দেশৰ অৰ্থব্যৱস্থা৷ চৰকাৰে অৰ্থনৈতিক দিশৰ যোৰা টাপলি মৰাৰ উদ্দেশ্যে ইতিমধ্যে খুলি দিছে দোকানৰ পৰা যাতায়ত ব্যৱস্থালৈ, মিঠাইৰ দোকানৰ পৰা কাপোৰৰ দোকানলৈ৷ অচিৰেই আৰাম্ভ হ’ব নিয়মিত ৰে’ল বিমান সেৱা৷ মাত্ৰ প্ৰতি ক্ষেত্ৰত বান্ধি দিছে কিছু নীতি নিয়ম৷ কিন্তু অতি আশ্চৰ্যজনকভাবে খোলাৰ অনুমতি দিয়া নাই “জিম”সমূহ৷ সচেতন বিভিন্নজনৰ অনুৰোধৰ পিছতো সলনি হোৱা নাই নিৰ্দেশ৷ সামাজিক দূৰত্বৰ দিশটোক লৈ ৰাইজ ভালেখিনি সজাগ হৈছে৷ এনেও জিমৰ ভিতৰত সচৰাচৰ এজনৰ পৰা আনজন যথেষ্ট নিলগত ৰৈয়ে ব্যায়াম কৰে৷ বাকী থাকিল মাস্ক পৰিধানৰ বিষয়টো৷ আপাতদৃষ্টিত জিমৰ ভিতৰত নিয়ম পালন নকৰিব যেন বোধ হয় যদিও নিজৰ দেহক লৈ সচেতন লোকসকলে নিশ্চয় এই নিয়মো মানিব৷ বাকী চেনিটাইজেচনৰ ওপৰত জিমৰ মালিকপক্ষক কঠোৰ নিৰ্দেশ দিব পাৰে৷ একেলগে একে সময়ত কিমানজন মানুহ ব্যয়ামগাৰত সোমাব পাৰিব তাৰ স্পষ্ট নিৰ্দেশনা দি ইতিমধ্যেই আন ব্যৱসায়িক প্ৰতিষ্ঠানৰ দৰে কিছু শিথিল কৰি দিব লাগে৷ এই ক্ষেত্ৰৰ লগত জড়িত খেলুৱৈ, প্ৰশিক্ষক আদিকে ধৰি বিভিন্নজন আৰ্থিক সমস্যাত ভূগি আছে৷ বহু জিমৰ গৰাকীয়ে দিব পাৰা নাই কৰ্মচাৰীৰ দৰমহা, বাকী হৈছে ভাড়াঘৰত থকা জিমবোৰৰ ঘৰভাৰা। বেংকৰ ঋণসমূহ আছেই৷ মানসিক চাপত ভূগি আছে এই উদ্যোগৰ লগত জড়িতসকল৷ নিয়মীয়া শৰীৰ চৰ্চা কৰাসকলৰ বহুতৰে নতুন নতুন শাৰীৰিক সমস্যাই দেখা দিছে দীৰ্ঘসময় জিমৰ পৰা আঁতৰত থকা বাবে৷ বহুতৰে শৰীৰ চৰ্চাৰ ক্ষেত্ৰখনক নিজৰ  পেশা হিচপে গ্ৰহণ কৰাৰ সাহস কমি যাব৷ আশা ৰাখিছোঁ, চৰকাৰে অতি সোনকালে এই দিশৰ পৰ্যালোচনা কৰি বিভিন্ন নীতি নিয়মৰ মাজেৰে হ’লেও “জিম”সমূহ খোলাৰ অনুমতি প্ৰদান কৰিব৷

Leave A Reply

Your email address will not be published.