ঘৰলৈ অহা ল’ৰাবোৰ যদি উভতি নাযায় !

দৈনন্দিন বাৰ্তা

বহিঃৰাজ্যত কৰ্মৰত প্ৰায়ভাগ অসমীয়া ল’ৰাই এতিয়া নিজ ঘৰলৈ উভতিছে৷ কিছুসংখ্যক চৰকাৰৰ উদ্যোগত ঘৰ আহি পালেও। ভাৰতৰ অন্য বহু প্ৰদেশত ক’ৰ’নাৰ সংহাৰ আমাৰ ৰাজ্যতকৈ বহু বেছি। বহু ভয়ানক পৰিস্থিতিৰ সাক্ষী ইতিমধ্যেই এইসকল যুৱক হৈছেই৷ পদে পদে মৃত্যুৰ ভয়৷ অন্যপ্ৰদেশত অসমীয়া যুৱক যুৱতীয়ে সেই চৰকাৰৰ পৰা প্ৰয়োজনীয় সুবিধা লাভ নকৰাৰ অভিযোগ শুনিবলৈ পাইছোঁ৷ তেনে পৰিস্থিতিত পৰিয়ালৰ সদস্যসকলে তেওঁলোকক উভতি আহিবলৈ জোৰ দিয়াটো স্বাভাৱিক৷ ইতিমধ্যেই লকডাউনৰ বাবে প্ৰায়ভাগ অফিচ কোম্পানী বন্ধ থকা বাবে বহু কৰ্মচাৰীয়ে পোৱা নাই দৰমহা, আনকি বহুতৰ চাকৰি থাকিব নে নাই সেইয়াও নিশ্চিত নহয়। মালিকপক্ষৰ পৰাও পোৱা নাই সুদুত্তৰ৷ ঘৰলৈ আহিয়ে বহিঃৰাজ্যৰ পৰা অহা যুৱকসকল হৈছে কোৱাৰেন্টাইন। এক দীঘলীয়া সময়ৰ বাবে তেওঁলোক আঁতৰি থাকিব নিজ কৰ্মক্ষেত্ৰৰ পৰা। সমস্যা এইখিনিতে আৰম্ভ হ’ব৷ ক’ৰ’নাৰ আতংক অহা ছমাহমানলৈ শেষ হোৱাৰ আশা নাই৷ গতিকে প্ৰায়ভাগ যুৱকৰ পৰিয়ালে তেওঁলোকক হয়তো পুনৰ কৰ্মক্ষেত্ৰলৈ উভতি যাব বাধা দিব,  তেওঁলোকৰ নিজৰো পৰিয়ালক এৰি হয়তো সংকটৰ মুখলৈ আগবাঢ়ি যাব মন নাযাব৷ তাৰ পিছত প্ৰশ্ন আহিব ইয়াত থাকি তেওঁলোকে কৰিব কি! ইয়াত ইতিমধ্যেই ইমানবোৰ সমস্যা, নিবনুৱা অসংখ্য৷ নতুনকৈ হাজাৰ হাজাৰ নিবনুৱা বাঢ়ি যোৱাৰ ফলত সমস্যা বাঢ়িব৷ বহিঃৰাজ্যত কৰ্মৰত বহুতেই হয়তো ইয়াৰ কামক লৈ সন্তুষ্ট হ’ব নোৱাৰিব, সমস্যাবোৰ কাকো ক’বও নোৱাৰিব৷ যোৱা বছৰকেইটা নিৰীক্ষণ কৰিলে এই সংকটপূৰ্ণ সময়ত চৰকাৰৰ পৰা চাকৰিৰ ক্ষেত্ৰত একো আশা নকৰাই ভাল হ’ব যেন লাগে৷ আত্ম সংস্থাপনৰ ক্ষেত্ৰত চৰকাৰৰ সাহায্য পালে ভাল৷ এতিয়া নিজৰ পথাৰ আৰু বজাৰ দখলৰ পৰিকল্পনা আৰু সুপৰিকল্পিত নীতিৰ মাজেৰে শ্ৰম কৰাৰ বাহিৰে আন ৰাস্তা নাই যেন লাগে৷ ইয়াক সম্ভৱ কৰাবলৈও লাগিব সু নেতৃত্ব৷ যিসকল অসমীয়াই নিজৰ বলত থলুৱা  সামগ্ৰীৰ উৎপাদন, কৃষি ক্ষেত্ৰৰ উন্নতিৰ বাবে অহৰহ কাম কৰি আহিছে তেওঁলোক স্বইচ্ছাই জাতিৰ স্বাৰ্থত এই সংকটকালত আগবাঢ়ি আহিব লাগিব৷ তেওঁলোকৰ নেতৃত্বত আৰু ৰাইজৰ সহযোগতহে অসমীয়াৰ বজাৰ দখলৰ প্ৰচেষ্টা সফল হ’ব৷ অন্যথা অকল্পনীয় বিপদৰ মুখত পৰিম আমি সকলো৷ কৰ্মক্ষেত্ৰত আগবাঢ়ি যাবলৈ পৰিয়ালৰ সহায়ৰ প্ৰয়োজন হব এইসকল যুৱকক৷ কাৰণ হঠাৎ পইচা ঘটাৰ পথ বন্ধ হৈ যোৱা এইসকল ব্যক্তি থাকিব প্ৰচণ্ড মানসিক চাপত৷ এতিয়াৰ পৰাই অসমীয়াই অসমীয়াক তুলি ধৰাৰ নীতি আৰাম্ভ কৰিবৰ হ’ল৷ আৱেগিক ৰাজনীতি আৰু টানি ধৰাৰ স্বভাৱ সময়ৰ আহ্বান বুজি সকলোৱে এৰিব পাৰিলেহে আমাৰ মংগল হ’ব৷ আশা ৰাখিছোঁ, চৰকাৰে চাকৰি দিব নোৱাৰিলেও অন্তত ব্যৱসায় বাণিজ্যৰ বাবে মূলধন যোগাৰ কৰাত সহায় হোৱাকৈ নীতি নিয়মৰ মাজেৰেই এইসকল যুৱক যুৱতীক বেংকৰ ঋণ বা ৰাজসাহায্য যুক্ত ঋণ লাভ কৰাৰ পথ সুচল কৰি দিব৷ 

Related Articles