শিখ গুৰু টেগ বাহাদুৰৰ ৩৪৬ সংখ্যক ‘ছহিদি গুৰপূৰৱ’ অৰ্থাৎ ছহিদ দিৱস উদযাপন সন্দৰ্ভত আলোচনা কৰিবলৈ ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সোমবাৰে সন্ধিয়া এখন বৈঠক অনুষ্ঠিত হয়৷ জিলা উপায়ুক্ত অন্বামুথন এম পিৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত ধুবুৰীৰ ঐতিহাসিক টেগ বাহাদুৰ গুৰুদ্বাৰত অহা ৬ ৰ পৰা ৮ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া ছহিদ দিৱসৰ কাৰ্যসূচীসমূহ সম্পূৰ্ণ কোভিড বিধি মানি পালনৰ সিদ্ধান্ত লোৱা হয়৷ বৈঠকত জিলা প্ৰশাসনে স্পষ্ট কৰি দিয়ে যে শিখ ধৰ্মাৱলম্বীৰ পবিত্ৰ উৎসটোলৈ অহা সকলো সকলো ভক্তই কমেও এপালি কোভিড ভেকচিন ল’ব লাগিব৷ যিসকল ভক্তই ভেকচিন লৈছে তেওঁলোকে লগত প্ৰমাণপত্ৰ ৰাখিব লাগিব৷ ভেকচিন নোলোৱাসকলে গুৰুদ্বাৰৰ সমীপত স্বাস্থ্য বিভাগে স্থাপন কৰিবলগীয়া কোভিড প্ৰতিষেধক কেন্দ্ৰত ভেকচিন ল’ব লাগিব৷ প্ৰতিষেধক কেন্দ্ৰৰ লগতে কোভিডৰ ৰেপিড এন্টিজেন পৰীক্ষা কেন্দ্ৰ এটাও স্থাপন কৰা হ’ব৷ আনহাতে ছহিদ দিৱসৰ বাবে নিযুক্ত হ’বলগীয়া স্বেচ্ছাসেৱকসকলক জিলা প্ৰশাসনে পৰিচয় পত্ৰ প্ৰদান কৰিব৷ বৈঠকত উপস্থিত থকা গুৰুদ্বাৰৰ প্ৰৱন্ধকে জনায় যে এইবাৰ পাঁচ হাজাৰৰ পৰা দহ হাজাৰ ভক্তৰ সমাগম হ’ব বুলি তেওঁলোকে অনুমান কৰিছে৷ বৈঠকত ছহিদ দিৱস উপলক্ষে হ’বলগীয়া মেলা, ভক্তৰ যান-বাহন পাৰ্কিং সন্দৰ্ভতো বিশদভাৱে আলোচনা কৰা হয়৷ বৈঠকত জিলা আৰক্ষী অধীক্ষক অভিজিত গুৰাৱ, অতিৰিক্ত উপায়ুক্তদ্বয় নিত্য বিনোদ ৱাৰী আৰু মানস শইকীয়া প্ৰমুখ্যে জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়া, ধুবুৰী টাউন ক্লাৱ, অশোকাষ্টমী মেলা সমিতিৰ প্ৰতিনিধি উপস্থিত থাকে৷