ডিগবৈ বন সংমণ্ডল কাৰ্য্যালয় অধীনৰ লেখাপানী আঞ্চলিক বন বিভাগৰ অন্তৰ্গত টিৰাপ সংৰক্ষিত বনাঞ্চলত যোৱাকালি লেখাপানী আঞ্চলিক বন বিভাগ আৰু অসম আৰক্ষীৰ যৌথ অভিযানত অবৈধ ভাৱে কুণ্ডা কঢ়িয়াই থকা অৱস্থাত এজনী মাইকী হাতী জব্দ কৰা হয়। মাউতে জানিব দিয়া অনুসৰি হাতী জনীৰ নাম শান্তি বুলি জানিব পৰা গৈছে।বন বিভাগে হাতীৰ গৰাকীক আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও হাতীজনী অৰুণাচল প্ৰদেশৰ মানমৌ’ৰ বুলি সন্দেহ কৰা হৈছে। উল্লেখ যে বিগত কিছুদিন ধৰি একাংশ বন দস্যুয়ে লেখাপানী আৰু জাগুন আঞ্চলিক বন বিভাগৰ অধীনৰ সংৰক্ষিত বনাঞ্চল সমূহত হাতী, পোকলেণ্ড, জে, চি, বি আৰু অত্যাধুনিক হস্তচালিত চেইন স্ব ব্যৱহাৰ কৰি মূল্যৱান গছ সমূহ কাটি সেই গছৰ কুণ্ডা সমূহ অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰস্থিত প্লাইউড ফেক্টৰী সমূহত যোগান ধৰি আহিছে।এই ক্ষেত্ৰত বন দস্যু কেইটাই একপ্ৰকাৰে লেখাপানী আৰু জাগুন আঞ্চলিক বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ নিদ্ৰা হৰণ কৰি আহিছে। বন দস্যু কেইটাৰ কিছু সংখ্যক খবৰ যোগান ধৰা অসৎ প্ৰকৃতিৰ লোকৰ বাবেই নেৰনেপেৰা চেষ্টা কৰিও বন বিভাগ সফল হব পৰা নাছিল। তৎসতেও কিন্তু বন বিভাগে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখি অৱশেষত এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয়। এই ক্ষেত্ৰত বন বিভাগে নৃত্য নতুন কৌশল অৱলম্বন কৰি দিন ৰাতি একাকাৰ কৰি নেৰনেপেৰা কষ্টৰে অভিযান তীব্রতৰ কৰি যোৱাকালি মাউতৰ সৈতে এজনী মাইকী হাতী জব্দ কৰে। বনাঞ্চল কেইখনৰ বিভিন্ন ঠাইত এতিয়াও আৰু কেইবাটাও হাতীৰ সহায়ত কেইবাটাও বন দস্যুয়ে অবৈধ ভাৱে চোৰাং কুণ্ডা সৰবৰাহত জড়িত হৈ আছে বুলি সন্দেহ কৰা হৈছে। ডিগবৈ বন সংমণ্ডল বিষয়া গৰাকী লেখাপানী আঞ্চলিক বন বিষয়া কাৰ্যালয়ত উপস্থিত হয় অধিক তথ্যৰ বাবে তদন্ত কৰি থকা পৰিলক্ষিত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি জব্দকৃত হাতীজনীক লেখাপানী আঞ্চলিক বন বিভাগৰ কাৰ্য্যালয়ৰ সমীপৰ এখন কাঠনিত শিকলিৰে বান্ধি ৰখা হৈছিল যদিও আজি পুৱাৰ ভাগত হাতীজনী শিকলি ছিঙি পলায়ন কৰে।বন বিভাগ আৰু হাতী মাউতে অশেষ কষ্ট কৰিও হাতী জনী বশ কৰিব পৰা নাই।হাতী জনী যোৱাকালি জব্দকৃত ঠাইৰ পিনে পলাবলৈ চেষ্টা কৰাত বন বিভাগে বাধা দিবলৈ চেষ্টা কৰে যদিও হাতীজনী অধিক আক্ৰমণাত্মক হৈ পৰে।ইতিমধ্যে হাতীজনী পাহাৰপুৰ গাঁৱৰ এক ঘন হাবিত অৱস্থান কৰি আছে যদিও মানুহ দেখিলেই আক্ৰমণ কৰিবলৈ খেদি আহে যাৰ ফলত বন বিভাগৰ তিনিজন কৰ্মচাৰী হাতীজনীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে।বৰ্তমান হাতীজনীক ট্ৰেংকুলাইজ কৰিবলৈ বন বিভাগৰ এটা দল পাহাৰপুৰত আহি উপস্থিত হৈছে যদিও ঘন হাবিত সোমাই থকাৰ বাবে হাতীজনীক বশ কৰিব পৰা হোৱা নাই।