চৰকাৰী বিষয়াৰ ভ্ৰষ্টাচাৰে কঢ়িয়াই অনা বিপদ নেকি নগাৰ বেদখল ? নগাৰ হাতত বিক্ৰী হোৱাৰ অভিযোগ গেলেকী বনাঞ্চল ।

দিলীপ হাজৰিকা :

অসম নগালেণ্ড সীমান্তত অতি সঘনাই সংঘটিত হ’বলৈ ধৰা নগাৰ আগ্ৰাসনৰ ঘটনাই অসমৰ নাগৰিক সকলক বাৰে বাৰে শংকিত কৰি অহাৰ লগতে অসামৰিক প্ৰশাসনক বাৰে বাৰে ব্যতি-ব্যস্ত কৰি আহিছে । ১০ জুনত শিৱসাগৰ জিলা অসামৰিক প্ৰশাসনে নাজিৰা মহকুমা প্ৰশাসন আৰু জিলা আৰক্ষী প্ৰশাসন সহ লিগিৰীপুখুৰীস্থিত ১ম অসম আৰক্ষী বেটেলিয়নৰ সমৰ্থনত চিআৰপিএফৰ এক দল লগত লৈ কাহিলী পুৱাতে এক অভিযান চলায় । অসমৰ চাৰিসীমাৰ ভিতৰত সোমাই নগাই সুপৰিকল্পিতভাৱে শিঙিবিল অঞ্চলত নিৰ্মাণ কৰা তিনিটাকৈ বাঁহ আৰু টিনপাতেৰে সজা ঘৰ উচ্ছেদ ঘটায় । ইয়াৰ পূৰ্বে যোৱা ৮ জুনতো শিঙিবিলত অৱস্থিত সীমান্ত আৰক্ষী চকীৰ কাষতে নগাই অসমৰ মাটিত আগ্ৰাসীভাৱে স্থাপন কৰা নঙলাসহ বুৰুজ উভালি উচ্ছেদ সাধন কৰে শিৱসাগৰ সদৰ আৰক্ষীৰ লগতে নাজিৰা পুলিচ আৰু মহকুমা প্ৰশাসনে । নগালোকে এই বুৰুজ সমূহ পুতি অসমৰ নিজা এলেকাতে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কে কৰি অহা চাহ বাগিচা সমূহলৈ আহ-যাহৰ বাট বন্ধ কৰি দিয়াৰ প্ৰচেষ্টা চলোৱাৰ বাতৰি সবিস্তাৰে প্ৰকাশ হৈছে । ১০ জুনৰ অভিযানৰ বেলিকা নগাৰ অবৈধ নিৰ্মাণ সমূহৰ নাতিদূৰত নগালেণ্ডৰ সশস্ত্ৰ আৰক্ষী বাহিনীৰ উপস্থিতি মন কৰিবলগীয়া। এয়া কেৱল লকডাউনৰ সময় অতিক্ৰম কৰিবলৈ ধৰাৰ সময়ত নগাৰাজ্যৰ ফালৰ পৰা অসমৰ সীমাত চলি থকা  নিস্ক্ৰিয়তাৰ সুযোগ লৈ নগাপক্ষই ঘটোৱা কূটাঘাত। য’ত শিৱসাগৰ জিলা অসামৰিক প্ৰশাসনে কৌশলগতভাৱে নগাৰ কাৰ্য্যৰ বিৰুদ্ধে সময় আৰু শক্তিসহ ব্যস্ত হৈ পৰিল। আনহাতে মন কৰিবলগীয়া দিশটো হ’ল যে যিখিনি এলেকাত নগাই বেদখল কৰি নিৰ্মাণ কাৰ্য্য ঘটোৱা, অসমৰ খেতিয়কৰ চাহ-বাগিছাৰ উচ্ছেদ ঘটাবলৈ পাকঘৰ ভাঙি পেলোৱা, চাহ গছ কাটি পেলোৱা আদি ঘটনাবোৰ বছৰ বছৰ ধৰি চলাই আহিছে সেই অঞ্চল সমূহেই গেলেকী বনাঞ্চলৰ ভিতৰুৱা । বনাঞ্চলত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে এই সমস্যা দূৰ কৰিবৰ কাৰণে কোনো উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা নাই । মন কৰিবলগীয়া যে নাজিৰা মহকুমা প্ৰশাসনৰ অন্তৰ্গত এই এলেকাসমূহত লক্ষ্মীজান আৰু শিঙিবিল সীমান্ত আৰক্ষী চকীৰ পৰা মূগাপাৰা, চৰাইসজীয়া, সোণাপুৰ, বৰহোলা, দেওপানী সামৰি সাতোটা সীমান্ত আৰক্ষী চকী সক্ৰিয় হৈ আছে। মুখ্যতঃ অসম চৰকাৰৰ বন বিভাগৰ অধীনত এক ঘোষিত বনাঞ্চল হিচাপে গেলেকী বনাঞ্চল থকাৰ বাবেই গেলেকী আৰু আঠখেল দুটাকৈ বন বিভাগৰ বিট অফিচো এই এলেকাত সক্ৰিয়।  নগাৰ ফালৰপৰা যিমানবোৰ বে-দখল সংঘটিত হৈছে এই সকলোবোৰৰ থলীয়েই হ’ল গেলেকী বনাঞ্চল । তৎস্বত্ত্বেও নগালেণ্ডৰ ফালৰপৰা চৰকাৰী আৰু বে-চৰকাৰী দুই প্ৰকাৰেই অবাধ বে-দখল সংঘটিত হোৱা কাণ্ডই দীৰ্ঘদিন ধৰি চৰকাৰী পৃষ্ঠপোষকতাতেই যে নগাই আসৈ পাই আহিছে সেই বিষয়ে সন্দেহো ঘনীভূত হৈছে। এক বিশেষ সূত্ৰত জানিব পৰা মতে অসমৰ সীমাত নাজিৰা মহকুমাত এতিয়া আৰু গেলেকী বনাঞ্চল বুলি কোনো অংশই নাই । “গাৰোপৱন” যৌথ বন ব্যৱস্থাপনা সমিতিৰ ফালৰপৰা বন প্ৰকল্প এলেকা হিচাপে চিহ্নিত কৰি তোলা কমলাবাৰীয়েই এতিয়া গেলেকী বনাঞ্চলৰ এক পৰিচয় হৈ ৰোৱাৰ বাহিৰে গেলেকী সংৰক্ষিত বনাঞ্চল বুলি আন কোনো এলেকাই নোহোৱা হৈ পৰিল । জানিব পৰা মতে গেলেকী বনাঞ্চলৰ শ শ হেক্টৰ ভূমি বন বিভাগৰ বিষয়াই বিগত প্ৰায় এক দশক কালৰ ভিতৰত নগালোকৰ হাতত বিক্ৰী কৰি দিছে।  অভিযোগ মতে দুই এক অসমৰ খিলঞ্জীয়া ব্যৱসায়ীয়েও মধ্যস্থতা কৰি অথবা পোনপটীয়াকৈ  নগা ব্যৱসায়ীৰ সৈতে টকাৰ দাম-দৰ কৰি হেক্টৰে হেক্টৰে গেলেকী বনাঞ্চলৰ ভূমি মৌখিক দৰত বিক্ৰী কৰি চমজাই দিয়া হৈছে। স্বয়ং বন বিষয়াৰ পোন-পটীয়া সিদ্ধান্ততে গেলেকী বনাঞ্চলৰ ভূমি নগালোকক বৃহৎ ধনৰ বিনিময়ত বিক্ৰী কৰা হৈছে। পৰৱৰ্ত্তী সময়তো কোনো প্ৰকাৰেই বন বিভাগৰ তৰফৰ পৰা গেলেকী বনাঞ্চলৰ মাটিৰ জৰীপ কৰা দূৰৰে কথা  প্ৰায় দহ বছৰৰ পূৰ্বে অসম নগালেণ্ডৰ সীমাত নিৰ্মাণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰপৰা  অহা সীমা স্তম্ভও নিৰ্মাণ নহ’ল বুলিহে অভিযোগ  উঠিছে। যাৰ ফলত ৰাইজৰ ৰাজহেৰে দৰমহা দি ৰখা এটা বৃহৎ বন বিভাগ থাকিও নাজিৰা মহকুমাই এখন সংৰক্ষিত বনাঞ্চলক জীয়াই ৰখাৰ গৌৰৱৰপৰা বঞ্চিত হৈ পৰিছে। জিলা আৰু মহকুমা প্ৰশাসনে নগাৰ অবৈধ নিৰ্মাণ এবাৰলৈ উচ্ছেদ কৰিয়েই ক্ষান্ত নহৈ বনবিভাগৰ সংমণ্ডল বিষয়াৰ পৰা বিট অফিচলৈকে তদাৰক কৰি গেলেকী ৰিজাৰ্ভ ফৰেষ্টৰ নামত আহি থকা বন্য প্ৰাণী সুৰক্ষা, বন সুৰক্ষা, পহৰা কাৰ্য্যৰ বাবে বাট-পথ মোকলোৱাৰ হেতু অহা ধনৰ হিচাপো তদাৰক কৰক। অন্যথা আহোম স্বৰ্গদেউ সকলৰ দিনতে নগাৰাজ্যৰ সীমাত নিৰ্মাণ কৰা ঐতিহাসিক লাদৈগড়  আৰু ইয়াৰ পৰা নিৰাপদ দূৰত্বত নিৰ্দেশ কৰা অসম নগালেণ্ডৰ সীমা এনে চৰকাৰী হঠকাৰীতাৰ বাবেই এদিন সংকোচিত হৈ আহি লাদৈগড়ৰ ভিতৰৰ পৰাহে সূচিত হোৱাৰ ইংগিত কঢ়িয়াই আনিছে। গেলেকী সংৰক্ষিত বনাঞ্চলে সৰ্বমুঠ ৫৯৭৬ হেক্টৰ ভূমি সামৰি আছিল বুলি জনা যায় । বিপৰীতে যি খণ্ড বনভূমিত যৌথ বন পৰিচালনা সমিতিৰ জড়িয়তে কমলাবাৰী হিচাপে বিকশিত কৰি ৰখা হৈছে সেই ভূমি বনাঞ্চলৰ চাৰিভাগৰ এক অংশহে। বিষয়াৰ দুৰ্নীতিৰ ফলত সংকোচিত হৈ পৰা গেলেকী বনাঞ্চল কেৱল কমলাবাৰীতে সীমাৱদ্ধ হৈ ৰোৱাৰ উপক্ৰম ঘটিছে।  বনবিভাগৰ এনে সংহাৰী দুৰ্নীতিৰ এক উপযুক্ত তদন্ত চৰকাৰী ভাৱে কৰিলেহে পৰিস্ফুট হ’ব প্ৰকৃততে এতিয়ালৈ গেলেকী সংৰক্ষিত বনাঞ্চল বুলিবলৈ কিমান আয়তনৰ অৰণ্য ভূমি আছেগৈ । 

Related Articles