Breaking

পদুম কুঁৱৰী হাইস্কুলৰ শিক্ষক চৈয়দ খোৰচান আলীক বিদায় সম্বৰ্দ্ধনা

0 160

ৰঙিয়াৰ বনগাঁওস্থিত অন্যতম শিক্ষানুষ্ঠান পদুম কুঁৱৰী কলেজিয়েট হাইস্কুলৰ বিজ্ঞান শিক্ষক চৈয়দ খোৰচান আলীক তেখেতৰ শিক্ষকতা জীৱনৰ অন্তিম ক্ষণত বিদ্যালয় খনৰ পৰিয়ালবৰ্গই মঙ্গলবাৰে এখন সভা অনুষ্ঠিত কৰি এখন মানপত্ৰ,গামোচা,জাপি আৰু শৰাই আগবঢ়াই বিদায় সম্বৰ্দ্ধনা জনাই। উল্লেখ্যযে ৰঙিয়া কাছাৰী শৌলমাৰীত জন্মগ্ৰহণ কৰা খোৰচান আলী সৰুৰে পৰাই অতি মেধাসম্পন্ন আছিল যাৰ প্ৰমাণ তেওঁ নিজৰ দ্বায়িত্ব আৰু কৰ্তব্য পালনেৰে দাঙি ধৰিছিল। ১৯৬১চনৰ ১নৱেম্বৰত জন্মগ্ৰহণ কৰা আলী প্ৰাথমিক বিদ্যালয়ৰ বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ওপৰিও পৰ্যায়ক্ৰমে নলবাৰী কলেজৰ পৰা ১৯৮১চনত বিজ্ঞানৰ স্নাতক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিজুলী নগৰ হাইস্কুলত শিক্ষকতা জীৱনৰ পাতনি মেলে।শিক্ষকতা জীৱনৰ উপৰিও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আলীয়ে কেবা বছৰ পৰীক্ষা পৰিষদৰ সহ:সম্পাদক হিচাবে দায়িত্ব পালন কৰাৰ ওপৰিও একেৰাহে দুটাকৈ কাৰ্য্যকালৰ বাবে মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰীসন্থাৰ যুটীয়া সম্পাদকৰ দৰে গুৰু দ্বায়িত্বও পালন কৰিছিল। বিদ্যালয়খনৰ প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰী চৈয়দ খোৰচান আলীৰ বিদায় মুহুৰ্তত আৱেগিক হৈ পৰা দেখা যায়।

Leave A Reply

Your email address will not be published.