ওদালগুৰি জিলা ৰাভা কৃষ্টি সন্মিলনৰ উদ্যোগত আৰু ভেৰগাঁও আঞ্চলিক ৰাভা সংগঠন সমূহৰ সহযোগত অহা ৮ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ পাঁচ দিনিয়া কাৰ্যসূচীৰে ভেৰগাঁও দোংপাৰাত চতুৰ্থ বাৰ্ষিক ৰাভা লোক কৃষ্টিৰ কৰ্মশালা অনুষ্ঠিত কৰা হ’ব যাক লৈ প্ৰস্তুতি অব্যাহত ৰাখিছে।উল্লেখ্য যে ৰাভা লোক কৃষ্টিৰ ওজা প্ৰয়াত ৰাজেন পামৰ সোঁৱৰণীত বিগত তিনিটা বছৰে ওদালগুৰি জিলা ৰাভা কৃষ্টি সন্মিলনৰ সহযোগত ৰাভা সকলৰ লোক কৃষ্টিৰ কৰ্মশালা আয়োজন কৰি আহিছে ইয়াৰ পৰিপেক্ষিতত এইবেলিও ৰাভা লোক কৃষ্টি সমূহ জীয়াই ৰখাৰ লগতে বিশ্বৰ দৰবাৰত ৰাভা সকল যে কলা, সাংকৃষ্টিৰ ক্ষ্যত্ৰত কনো গুণে কম নহয় সেয়া নৱ প্ৰজন্মক অৱগত কৰোৱাৰ উদ্দেশ্যৰে এই কৰ্মশালাৰ আয়োজন কৰিছে। অহাঁ ৮ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ পাঁচ দিনিয়া কৰ্মশালাৰ কাৰ্যসূচী মৰ্মে ৮ তাৰিখ প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী পুৱা ৭-৩০ বজাতঃ থাকিব পতাকা উদুঙি অৰ্থাৎ পতাকা উত্তোলন, মুখ্য উত্তোলক হিচাপে থাকিব ওদালগুৰি জিলা ৰাভা কৃষ্টি সন্মিলনৰ সভাপতি ৰিতুপৰ্ণ ৰাভা, আনহাতে চতুৰ্থ বাৰ্ষিক কৰ্মশালাৰ চাৰিখন পতাকা উত্তোলন কৰিব ক্ৰমে মদন ৰাভা ভেৰগাঁও আঞ্চলিক সদৌ ৰাভা জাতীয় পৰিষদ ARNC ৰ সভাপতিমনোৰঞ্জন ৰাভা ভেৰগাঁও আঞ্চলিক বেবাক ৰাভা ক্ৰৌৰাং ৰুঞ্চুম চমুকৈ BRKRৰ সভাপতিলক্ষ্মী ৰাভা ভেৰগাঁও আঞ্চলিক সদৌ ৰাভা মহিলা পৰিষদ ARWCৰ সভানেত্ৰীজীৱন ৰাভা ভেৰগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা ARSUৰ সভাপতি থাকিব আনহাতে দ্বিতীয় কাৰ্যসূচী মৰ্মে ৮ বজাতঃ ৰাভা কৃষ্টিৰ ওজাঁ প্ৰয়াত ৰাজেন পামৰ প্ৰতিকৃতিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনৰ মাল্যাৰ্পক হিচাপে থাকিব ওদালগুৰি জিলা ৰাভা সাহিত্য সভাৰ সভাপতি শ্ৰীযুত দেৱ কুমাৰ ৰাভাই। পিছৰ কাৰ্যসূচী মৰ্মে ৯ বজাত কৰ্মশালাৰ উদ্ধোধন কৰিব বিটিআৰ মনোনীত সদস্য হেমন্ত ৰাভাই আৰু থিক ১০ বজাৰ পৰা পাঁচ দিনিয়া কৰ্মশালাৰ সুভাৰম্ভ হ’ব আবেলি ৪-৩০ বজাত দৈনিক কৰ্মশালা সামৰণি লগতে নিতৌ সন্ধিয়া ৬ বজাত চাতি তীপাককায় বা বন্তি প্ৰজ্বলন থাকিব। আনহাতে দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী পুৱা ৭-৩০ বজাৰ পৰা আৰদিচিনি বা ভক্তিমূলক প্ৰাৰ্থনা আৰু, ৯ বজাত কৰ্মশালা আৰম্ভ হৈ আবেলি ৪-৩০ বজাত কৰ্মশালা সামৰণি আৰু সন্ধিয়া থিক ৬ বজাত চাতি তীপাককায় বা বন্তি প্ৰজ্বলন থাকিব এনেদৰে নিৰন্তৰ ১১ ডিচেম্বৰ চতুৰ্থ দিনৰ কৰ্মশালালৈ একেধৰণৰ কাৰ্যসূচী থাকিব। কিন্তু অন্তিম দিনা ১২ ডিচেম্বৰ তাৰিখে কাৰ্যসূচী মৰ্মে থাকিব পুৱা ৭-৩০ বজাত আৰদিচিনি, আৰু ৯ বজাত কৰ্মশালা আৰম্ভ হৈ ৪-৩০ বজাত সামৰণি হৈ ৫ বজাত বন্তি প্ৰজ্বলনৰ মুখ্য প্ৰজলক হিচাপে থাকিব ৰাভা হাচং স্বায়ত্ত শাসিদ পৰিষদৰ কাৰ্যবাহী টংকেশ্বৰ ৰাভা আৰু লগত প্ৰজ্বলক হিচাপে থাকিব কেন্দ্ৰীয় নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খান্দাই। পৰৱৰ্তি কাৰ্যসূচী মৰ্মে সন্ধিয়া ৬ বজাত সম্বৰ্ধনা ও সামৰণি অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে থাকিব মিছন বিৰুৱালাৰ অধ্যক্ষ তথা পদ্মশ্ৰী বঁটাৰে অভিভূত বিৰুৱালা ৰাভাই। আনহাতে বিশিষ্ট অতিথিৰ আসন অলংকৃতি কৰিব সদৌ ৰাভা কৃষ্টি সন্মিলনৰ সভাপতি প্ৰকাশ ৰাভা সহ মিষ্টাৰ ৱৰ্ড গোলাপ ৰাভা, অন্তৰাষ্ট্ৰীয় খেলুৱৈ বলেন ৰাভাৰ লগতে ৰাভা উন্নয়ন পৰিষদ দাবী সমিতিৰ সভাপতি লক্ষী ৰাভা সহ প্ৰদিপ ৰাভা আৰু দ্বিপজ্যতি ৰাভা থাকিব লগতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব ক্ৰমে ওদালগুৰি জিলা আৰছুৰ সভাপতি হেমেন ৰাভাওদালগুৰি জিলা ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী অহল্যা ৰাভাৰ লগতে ওদালগুৰি জিলা বাইখৌ সমিতিৰ সম্পাদক লহিত মেজেমব্ৰাই লগতে প্ৰসন্ন ৰাভা,।অন্তিম কাৰ্যসূচী মৰ্মে ১২ তাৰিখৰ সন্ধিয়া ৭ বজাৰ পৰা থাকিব সাংস্কৃতিক সন্ধিয়া, “উদ্ধোধন কৰিব কৌতুক অভিনেতা বিপুল ৰাভাই আৰু আমন্ত্ৰিত শিল্পী হিচাপে থাকিব ‘বিবি ৰাভা আৰু জনপ্ৰিয় কন্ঠ শিল্পী কুমাৰ ভৱেশ ডাঙৰীয়াইসেয়েহে অহা ৮ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ পাঁচ দিনিয়া কৰ্মশালাৰ বৰ্ণাঢ্য কাৰ্যসূচী আৰু অধিক ৰেঙনি কৰি তুলিবলৈ উদ্যোগতা সকলে সকলোৰে উপস্থিতিতি কামনা কৰিছে।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Jayanta Hazarika: শিল্পী জয়ন্ত হাজৰিকাৰ জন্ম জয়ন্তী উদযাপন
- Jinki Mili Online Trading:ডিব্ৰুগড় সদৰ থানাত জিংকি মিলি
- Mising Autonomous Council: মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিক মৰ্যাদা অবিহনে আন্দোলন অব্যাহত থাকিব
- Smart meters: স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিৰোধী ঐক্য মঞ্চৰ বিক্ষোভ
- Auspicious Bhado Month: চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নংপোৰ মাৰাংগাৰত শঙ্কৰদেৱ নামঘৰত এমহীয়া পৱিত্ৰ ভাদমহীয়া নামৰ সামৰণি
- AJYCP protests against ONGC: নাজিৰাত ONGCৰ থলুৱাবিৰোধী নীতিৰ বিৰুদ্ধে AJYCPৰ বিক্ষোভ
- Oil and gas drilling in Gibbon Sanctuary: গিবনত তেল-গেছ খননৰ সিদ্ধান্তৰ কঠোৰ বিৰোধিতা আটাছুৰ
- Nagaon District Medicine Dealers’ Association:ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতেই মুহূৰ্তে মুহূৰ্তে ৰং সলনি কৰিছে নগাঁৱৰ ঔষধ ব্যৱসায়ী সন্থাই
- Nazira ONGC employee goes to jail:ইনষ্টাগ্ৰামৰ বাগিৰে লজ্জানত কাণ্ড! ONGCৰ কৰ্মচাৰী গ’ল জে’ল হাজোতলৈ
- Na Lakhimi Scheme:মহিলা হিতাধিকাৰীক ন-লখিমী আঁচনিৰ দ্বাৰা মাহে ৩০০০ টকাকৈ দিয়া হ’বঃ ভূপেন কুমাৰ বৰা