ক’ভিড ভেকচিনক লৈ অপপ্ৰচাৰ দুষ্টচক্ৰৰ

মাৰাত্মক ক’ভিড-১৯ মহামাৰীৰ পৰা সৰ্বসাধাৰণ ৰাইজক সুৰক্ষিত কৰি ৰাখিবলৈ ধনশ্ৰী চাহ বাগিচা কৰ্তিপক্ষ ক্ৰমে প্ৰধান পৰিচালক প্ৰদীপ ফুকন, সহকাৰী পৰিচালক প্ৰাঞ্জল হাজৰিকা , সহকাৰী পৰিচালক Parosh Jyoti Maut, সহকাৰী পৰিচালক প্ৰাঞ্জল প্ৰতীম বৰা  আৰু ছাত্ৰ সংগঠন সমূহে   স্বাস্থ্য বিভাগক ১০০ শতাংশ ভেকচিন প্রদান কৰিবলৈ অহৰহ সহাই সহযোগ কৰি অহা দেখা গৈছে। ধনশ্ৰী চাহ বাগিচাৰ স্বাস্থ্যকর্মীসকল ক্ৰমে হীৰা মনী দৈমাৰী GNM, কেৰলিন Mochahari ANM,  হীৰা দৈমাৰী ANM, ভৱেশ শৰ্মা Laboratori Technician, যশোদা পাইক আশা কৰ্মী, অঞ্জু চাচনি আশা কৰ্মী, ৰিংকো সনাতন আশা কৰ্মী, নিছা কলটা আশা কৰ্মী লগতে  গাওঁবুঢ়া বিহু কিছান , BLO louish Lakra  অংগণবাদি কৰ্মী ক্ৰমে তাচিয়া   কেৰকে তা, এলিনা তান্তি, দীপালী কছলা, জিদান টিৰো  সহ  হৰ ঘৰ দস্তক কায্যসূচী ৰ অনুযায়ী গাঁৱে গাঁৱে, ঘৰে ঘৰে গৈ  স্বাস্থ্য বিভাগৰ লক্ষ্যত উপনীত হোৱাৰ লক্ষ্যৰে আপ্রাণ চেষ্টা চলাই আহিছে। তেনে সময়তে ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্রাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনস্থ মাজবাত ধনশ্ৰী চাহ বাগিচাৰ  কেইবাখনো ভিতৰুৱা গাঁৱৰ ৰাইজৰ মাজত উৰাবাতৰিৰ প্রভাবে স্বাস্থ্যকমী সকলক বাৰুকৈ শ’লঠেকত পেলাইছে। ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্রাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনস্থ মজবাত ধনশ্ৰী চাহ বাগিচাৰ   অন্তৰ্গত বাইধৰ লাইন নামৰ এটা লাইনৰ মতি দাস বাগঃ নামৰ   এজন  লোকে ভেকাচিন গ্ৰহণ কৰাত’ বাৰম্বাৰ মানা কৰি অহাৰ বাবে উক্ত লোকজনৰ বাসগৃহত গৈ  বাগিচা খনৰ স্বাস্থ্যকেন্দ্ৰৰ লেৱৰতৰি টেকনিচিয়ান ভৱেশ শৰ্মা , BLO  লুইচ  লাক্রা, ANM হীৰা দৈমাৰী, অংগনবাদী কৰ্মী  আৰু আশা কৰ্মী সহ  কেই বাজনো স্বাস্থ্যকর্মী উপস্থিত হয়। স্বাস্থ্যকর্মীসকলে উক্ত গাঁৱৰ  লোকজনক ভেকচিন ল’বলৈ আহ্বান জনোৱাত উক্ত লোকজনে স্বাস্থ্যকর্মীসকলক কয় যে  ভেকচিন ললে মানুহ মৰে, মাথা বেয়া হয়, মাথা ঘূৰাই , ভেকচিন লোৱা সকলো মানুহৰে কিবা কিবি ডাক্তৰে চিনী নোপোৱা বেমাৰ হয় বুলি কয়।  এটা দুষ্টচক্ৰই প্ৰচাৰ চলাইছে যে ক’ভিডৰ পৰা মুক্ত পোৱা ভেকচিন হেনো স্বাস্থ্য কৰ্মী সকলে কমিছনৰ আশাত হে ক’ভিড ভেকচিন প্ৰদান কৰি আহিছে। ক’ভিড ভেকচিন সম্পর্কে অপপ্ৰচাৰ, উৰাবাতৰি আদি প্ৰচাৰ কৰা এই চক্ৰটোৰ বিৰুদ্ধে বাগান কৰ্তী পক্ষ্য আৰু ছাত্ৰ সংগঠন সমূহৰ কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে কিছু সেই বাগানৰ  সচেতন লোকে  দাবী জনাইছে।

Related Articles