ৰাজ্য চৰকাৰে বিদ্যালয়সমূহ বন্ধ নকৰি খোলাৰ ব্যৱস্থা কৰক

নাজিৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিৱেশন ৪ আৰু ৫ ডিচেম্বৰৰ দুদিনীয়া কাৰ্য্যসূচীৰে  নাজিৰা নাট্য মন্দিৰত সফলতাৰে সম্পন্ন হয় । আৰম্ভণিৰ দিনা পুৱা পতাকা উত্তোলণ কৰে সন্মিলনীৰ নাজিৰা সমিতিৰ সভাপতি প্ৰকাশ কুমাৰ নাথে । স্মৃতি তৰ্পণ কৰে প্ৰাক্তন ৰাজ্যিক সদস্য গিৰিণ বুঢ়াগোহাঁয়ে । দুপৰীয়া মুকলি সভা উদ্বোধন কৰে শিৱসাগৰ জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া ড’ শুভালক্ষ্মী ৰাজকুমাৰীয়ে । । শিক্ষা বিষয়া গৰাকীয়ে বিদ্যালয় সমূহক স্থায়ী আৰু যুগমীয়া  কৰি ৰাখিবলৈ শিক্ষক শিক্ষয়িত্ৰী সকলক ছাত্ৰ আৰু অভিভাৱকৰ আস্থাৰ প্ৰতীক হৈ কাম কৰাৰ আহ্বান জনায় । প্ৰকাশ কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত আদৰণিী ভাষণ দিয়ে সাধাৰণ সম্পাদক শৈলেন্দ্ৰ কলিতাই। নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপে সন্মানীয় অতিথি হিচাপে শিক্ষক সকলক নিজৰ সন্তানক নিজে শিক্ষকতা কৰা বিদ্যালয়ৰ শ্ৰেণীত নামভৰ্ত্তি কৰি বিদ্যালয়ৰ ভেটি সবল কৰিবলৈ আহ্বান জনায়  । সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে কয় যে সম্প্ৰতি শিক্ষক সকলক বিষয়াই দাসৰ দৰে ব্যৱহাৰ আগবঢ়োৱাৰ দিশত আগবাঢ়িছে  । শিক্ষক ছাত্ৰ আৰু বিষয়া একেটা পৰিয়ালৰ সদস্য হ’লেহে শিক্ষাদান প্ৰক্ৰিয়া সফল হ’ ব । নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি সফল কৰিবলৈ শিক্ষক সকলেই ৰূপায়নৰ গুৰিৰ ব্যক্তি হ’লেও এতিয়ালৈকে চৰকাৰে শিক্ষকসকলৰ সৈতে আলোচনাই কৰা নাই । নেতিবাচক এই দিশ সমূহ স্পষ্টভাৱে আঙুলিয়াই দি সম্পাদকজনে কয়  “বিদ্যালয় সংলগ্নীকৰণ আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি যোৱাৰ বাবে বিদ্যালয় বন্ধ কৰা অব্যাহত ৰাখি ২০২৫ চনৰ ভিতৰত সকলো শিশুক বিদ্যালয়লৈ অনাৰ পৰিকল্পনা কৰি চৰকাৰে নিজেই স্ব-বিৰোধী স্থিতি গ্ৰহণ কৰিছে ।” চৰকাৰক সেয়েহে বন্ধ হোৱা বিদ্যালয় সমূহ খোলাৰ দাবী জনাই শিক্ষক শিক্ষয়িত্ৰী সকলক তেনে তৎপৰতাৰে শিক্ষাদান কৰিবলৈও আহ্বান জনায় ৰাজ্যিক সম্পাদকজনে  । আনহাতে ব্যক্তিগত মোবাইল ফোনেৰে উপস্থিতিৰ সাক্ষ্য দিয়াত তীব্ৰ আপত্তি দৰ্শাই  “ৰিমজএপ”ত ব্যক্তিগত তথ্য কেতিয়াও শিক্ষকে দিব নোৱাৰে বুলি প্ৰকাশ কৰে । ইয়াৰ স্থানত চৰকাৰে নিজে সৰঞ্জাম যোগাই শিক্ষকৰ উপস্থিতৰ তথ্য লবলৈ আহ্বান জনায় । সভাত গৌতম কোঁচ সম্পাদিত স্মৃতিগ্ৰন্থ “উন্মীলন” উন্মোচন কৰে নাজিৰা আৰু খেলুৱা দুই প্ৰাথমিক শিক্ষাখণ্ডৰ বিষয়া দ্বয় দেৱজ্যোতি গগৈ আৰু প্ৰণৱ গগৈয়ে । নাজিৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনৰ তৰফৰপৰা প্ৰাক্তন শিক্ষক ফটিক বৰুৱা আৰু বিদ্যা কোঁৱৰলৈ  “শিক্ষক ৰত্ন” বঁটা আগবঢ়োৱাৰ লগতে জীৱন জোৰা নিয়মানুৱৰ্ত্তিতা বঁটা প্ৰদান কৰা হয় শিক্ষক ৰূবায়ৎ আলীক । জাতীয় সংগীত পৰিৱেশনেৰে প্ৰথম দিনাৰ কাৰ্য্যসূচীৰ সামৰণি পৰে । 

Related Articles