চেঙা মধ্য কামৰূপ মহাবিদ্যালয়ত আমেৰিকাৰ জ্যেষ্ঠ বিজ্ঞানী ড°ভাস্কৰ চৌধুৰী

চেঙাস্থিত মধ্য কামৰূপ মহাবিদ্যালয়ত সোমবাৰে উপস্থিত হয় আমেৰিকাৰ জ্যেষ্ঠ বিজ্ঞানী ড° ভাস্কৰ চৌধুৰী । বিজ্ঞানী গৰাকীৰে আলোচনাৰে কাৰ্যতঃ আজি জীপাল হৈ উঠে চেঙাৰ মধ্যকামৰূপ মহাবিদ্যালয় ।মধ্যকামৰূপ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষ আৰু কেৰিয়াৰ গাইডেনচ চেলৰ উদ্যোগত আয়োজিত এক মনোজ্ঞ আলোচনাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি আমেৰিকাৰ ইনটেল কোম্পানীৰ প্ৰাক্তন জ্যেষ্ঠ বিজ্ঞানী তথা পেপাৰ বোট একাডেমীৰ অধ্যক্ষ ড° চৌধুৰীয়ে জীৱনবোধ সন্দৰ্ভত কয় যে সফলতা দূৰ দিগন্তত নাথাকে, ই প্ৰতিজন মানুহৰ মাজত থাকে । তেওঁ মানুহৰ দুৰ্বল দিশটো বিচাৰি উলিয়াই সেই দূৰ্বলতা সমূহ সৰু সৰু টুকুৰালৈ ভাঙি উলিয়াব লাগিব বুলিও উল্লেখ কৰে । একেদৰে নিয়মানুবৰ্তীতা বজাই ৰাখি অনুশীলনৰ জৰিয়তে মানুহে ঈস্পিত লক্ষ্যত উপনীত হব পাৰে বুলি মন্তব্য কৰে । মহাবিদ্যালয়ৰ অধ্যক্ষ ড° গোপেশ কুমাৰ শৰ্মাই সঞ্চালনা কৰা নিয়োজন, সম্ভাৱনা আৰু প্ৰত্যাহ্বান শীৰ্ষক এই আলোচনা চক্ৰখনত মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° হৰেন্দ্ৰ নাথ তালুকদাৰ, অধ্যাপক-অধ্যাপিকা তথা ছাত্ৰ-ছাত্ৰী আৰু ড° চৌধুৰীৰ মাজত হোৱা প্ৰশ্নোত্তৰ শিতান আৰু BHB মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ নমিতা দাস গুৰুঙৰ বিয়ানাম পৰিবেশনে অনুষ্ঠানটোক অধিক জীপাল কৰি তোলে । আয়োজক সকলৰ হৈ  IQAC ৰ Coordinator ড° জোনালী পাটোৱাৰী বৰা আৰু Career Guidance Cell ৰ আইনুদ্দিন আহমেদে উপস্থিত সকলোকে শলাগৰ শৰাই জ্ঞাপন কৰে ।

Related Articles