বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত আলোপতিচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিদ্যুৎ কুমাৰ ঠাকুৰীয়াক বিভাগীয় কৰ্তৃপক্ষই আলোপতি চৰ আৰক্ষী থানাৰ পৰা মাজুলীলৈ বদলিকৰণ কৰাত আৰক্ষী বিষয়া গৰাকীক যোৱা নিশা বিপুল সম্ভৰ্ধনাৰ জৰিয়তে বিদায় সম্ভাষণ জনোৱা হয়।উল্লেখ্য যে, আৰক্ষী বিষয়া গৰাকীক সম্ভৰ্ধনা জনোৱাৰ উদ্দেশ্য সংশ্লিষ্ট থানা প্ৰাংগণত এক গাম্ভীৰ্যপূৰ্ণ সভাৰ আয়োজন কৰা হয়। জ্ঞান বিকাশ একাডেমীৰ অধ্যক্ষ খলিলুৰ ৰহমানৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা উক্ত বিদায় সম্ভৰ্ধনা সভাত আৰক্ষী বিষয়া বিদ্যুৎ কুমাৰ ঠাকুৰীয়াৰ এবছৰীয়া কৰ্ম ৰাজীৰ ওপৰত বহল ভিত্তিত আলোকপাত কৰে ক্ৰমে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আলফাজ উদ্দিন আহমেদ, বাঘমাৰাচৰ চৰ জুনিয়ৰ কলেজৰ অধ্যক্ষ তাইজুদ্দিন সৰকাৰ, শিক্ষক গহেৰ আলী মণ্ডল আৰু সমাজ কৰ্মী ছকমান আলীয়ে। আৰক্ষী বিষয়া গৰাকীয়ে সমাজৰ আইন শৃংখলা ৰক্ষাৰ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আলোচনাৰ মাধ্যমেৰে যিকোনো জটিল সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে বক্তা সকলে। বৃহত্তৰ আলোপতিচৰ থানা এলেকাৰ পৰা পোৱা ভাল মেছেজ সমূহ বিলাই দিবলৈও আৰক্ষী বিষয়া গৰাকীক বক্তা সকলে অনুৰোধ জনায় ।সভাত আবেগিক হৈ পৰা আৰক্ষী বিষয়া বিদ্যুৎ কুমাৰ ঠাকুৰীয়াই বৃহত্তৰ আলোপতিচৰ থানা এলেকাৰ বিভিন্ন দল সংগঠন, সাংবাদিক, সমাজকৰ্মীৰ লগতে যুৱচামৰ পৰা বিগত এটা বছৰত পোৱা অপাৰ মৰম স্নেহ আৰু ভালপোৱাৰ কথা আজীৱন পাহৰিব নোৱাৰিম বুলি কৈ এই খন শিক্ষিত সমাজৰ পৰা বহু শিকিলো বুলি নিজৰ আবেগিক ভাষণত উল্লেখ কৰে আৰক্ষী বিষয়া গৰাকীয়ে।বিগত দিনত হোৱা সকলো ভুল ভ্ৰান্তিৰ ক্ষমা প্ৰাৰ্থনা খুজি ৰাইজৰ পৰা তেওঁ আনুষ্ঠানিক ভাৱে বিদায় মাগে ।সভাত আলোপতি মাজৰচৰ বজাৰ কমিটিৰ লগতে বিভিন্ন জনৰ ফালৰ পৰা আৰক্ষী বিষয়া বিদ্যুৎ কুমাৰ ঠাকুৰীয়াক শৰাই, গামোচা, কলম আৰু ফুলৰ থোপাৰে বিপুল ভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। সভাত সমাজ কৰ্মী নৌওসাদ আলী বেপাৰী, আলোপতি মাজৰচৰ বজাৰ কমিটিৰ সভাপতি আব্দুল লতিফ সৰকাৰ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তাজিম উদ্দিন আহমেদ, নুৰ মহম্মদ আলী, আনছেৰ আলী আহমেদকে ধৰি কেবাজনো গন্য মান্য ব্যক্তি উপস্থিত থাকে। আৰক্ষী বিষয়া বিদ্যুৎ কুমাৰ ঠাকুৰীয়াৰ বিগত এবছৰীয়া কাৰ্যকালৰ কৰ্মৰাজীক সকলোৱে সলাগ লয়।