Breaking

আগ্ছু ওদালগুৰি জিলা সমিতিৰ ৪১তম্ দ্বি-বাৰ্ষিক অধিবেশনৰ ব্যাপক প্ৰস্তুতি

0 2,275

সদৌ অসম গোৰ্খা ছাত্র সন্থা, ওদালগুৰি জিলা সমিতিৰ ৪১তম্ দ্বি-বাৰ্ষিক অধিবেশন এইবেলি ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ২নং সামৰাঙত দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰাৰ উদ্দেশ্যৰে অলপতে এখন অভ্যৰ্থনা সমিতিও গঠন কৰা হৈছে। যোৱা কেইদিনমান আগতে বামুনজুলি আঞ্চলিক আগ্ছুৰ কাৰ্য্যলয়ত আগ্ছু ওদালগুৰি জিলা সমিতিৰ সভাপতি সোমৰাজ সোনাৰৰ সভাপতিত্বত অনুষ্ঠিত এখন সাধাৰণ সভাত ওদালগুৰি জিলা সমিতিৰ ৪১তম্  দ্বি-বাৰ্ষিক অধিবেশন ব্যাপক প্ৰস্তুতিৰে আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ডিক বাহাদুৰ ছেত্ৰীক সভাপতি, বিমল ছেত্ৰীক কাৰ্য্যকৰী সভাপতি, তিলক দুলাল, ইন্দ্ৰ ছেত্ৰী, হৰি খড্কা,বিদুৰ দুলাল, মহেন্দ্ৰ চুব্বা আৰু দীপক শৰ্মাক উপ সভাপতি, গোপাল ঢকালক সাধাৰণ সম্পাদক, শুক বাহাদুৰ ৰাই, ৰাজেন থাপা, ইশ্বৰ প্ৰধান, লেখৰাজ ছেত্ৰী, মণিৰাম লিম্বু,ৰোশন বিশ্বকৰ্মা, ৰাজু শৰ্মা আৰু অগ্নি খনালক সহ সম্পাদক হিচাপে লৈ মুঠ ৪১জনীয়া অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে। তাৰোপৰি বিত্ত বিভাগ, প্ৰচাৰ বিভাগ,মুখপত্ৰ বিভাগ, সাংস্কৃতিক বিভাগ, মঞ্চ বিভাগকে ধৰি মুঠ পোন্ধৰ খন উপসমিতিও গঠন কৰা হৈছে। বৰ্তমান অধিবেশনৰ বিভিন্ন কাৰ্য্যৰ লগতে প্ৰচাৰ-প্ৰসাৰো তীব্ৰ গতিত আগবাঢ়ি আছে। ওদালগুৰি জিলা ভিতৰত সৰ্বমুঠ ১২টা আঞ্চলিক সমিতিৰ কাৰ্য্যকৰ্তাই দিনেৰাতি লাগি অৰ্থ সংগ্ৰহকে ধৰি আলিয়ে-গলিয়ে পোস্টাৰ, বেনাৰ আদি আৰি জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰি সামৰাঙলৈ আমন্ত্ৰণ জনাবলৈ ছাত্র সন্থাই উঠিপৰি লাগিছে। অহা ৮ আৰু ৯ জানুৱাৰী ২০২২ত অনুষ্ঠিত হবলগীয়া আগ্ছু ওদালগুৰি জিলা সমিতিৰ অধিবেশনত ওদালগুৰিবাসী জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলো ৰাইজক অধিবেশনত অংশগ্ৰহণ কৰি কাৰ্য্যসূচী সফল কৰি তুলিবলৈ আগ্ছু ওদালগুৰি জিলা সমিতিয়ে আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.