Breaking

বান বিধ্বস্ত দিচৈৰ নিকৰিত বান আশ্ৰয় শিবিৰৰ শুভ উদ্বোধনী অনুষ্ঠান

0 2,310

বোকাখাত বিধান সভা সমষ্টিৰ দিচৈ গাওঁ পঞ্চায়তৰ নিকৰিত বুধবাৰে গোলাঘাট জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া ধীৰাজ দাসে PWC য়ে প্ৰদান কৰা ১৬ লাখ টকাৰে  NEEDS আৰু SEEDS এ নিৰ্মাণ কৰা “দিচৈ বান আশ্ৰয় শিবৰ”  ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে৷উদ্বোধনী অনুষ্ঠানৰ প্ৰাকক্ষণত বৃক্ষৰোপণ কৰে জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া ধীৰাজ দাসে৷ দিচৈ গাঁও পঞ্চায়তৰ সভাপতি নৰেণ বৰিয়ে আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে দাবোল সিং পাঠৰীৰ নেতৃত্বত অহা মিছিং গুমৰাগ নৃত্যৰ দলটিৰ পিছতে অনুষ্ঠিত সভাত উপস্থিত থাকি বক্তব্য আগবঢ়ায়  গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত মুন গগৈ,গোলাঘাট জিলা গ্ৰাম্য অভিকৰণ প্ৰকল্প সঞ্চালক অভিনাশ শইকীয়া ,গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ সহকাৰী খণ্ড উন্নয়ন বিষয়া ববিতা শইকীয়া NEEDS ৰ মেনেজিং দাইৰেক্টৰ তীৰ্থ শইকীয়াইৰ উপৰিও মুম্বাইৰ পৰা অহা NEEDS ৰ কৰ্মকৰ্তা জুছাফা মল্লিক আৰু মেলিন্দাই বক্তব্য আগবঢ়াই উক্ত বান শিবিৰটোৱে ৰাইজক যথেষ্ট সহায় কৰিৰ লগতে কলা সংস্কৃতি ধৰি ৰখাত সহায় কৰিব বুলি আশাবাদী বুলি কয়৷ বান বিধস্ত অঞ্চলটোৰ ৰাইজে বাৰিষাৰ সময়ত আশ্ৰয় লোৱাৰ ওপৰিও খৰালি সময়ত উক্ত শিবিৰ গৃহটিত বিভিন্ন ধৰণৰ সভা সমিতি,কৰ্মশালা,নৃত্য-গীতৰ প্ৰশিক্ষণ সামাজিক অনুষ্ঠান আদি অনুষ্ঠিত কৰিব পৰাকৈ সুন্দৰ ভাবে সাঁজি উলিয়াইছে আৰ্কিটেক্ট আৰ্কাদ্বীপ ৰয়, কুসুম্বৰ চৌধুৰী আৰু NEEDS ৰ CO. ORDINATE তীৰ্থ প্ৰসাদ শইকীয়াই৷ওপৰৰ অংশটো সম্পূৰ্ণ বাঁহেৰে নিৰ্মিত গৃহটো নিৰ্মাণৰ ক্ষেত্ৰত তত্ত্বাৱধানত কৰে তীৰ্থ চেত্ৰী আৰু উমানন্দ পাঠৰীয়ে৷দিচৈ গাওঁ পঞ্চায়ত আৰু বোকাখাত চক্ৰ বিষয়া কাৰ্যালয়ে পৰিচালনা কৰিব লগা গৃহটো নিৰ্মাণত প্ৰতক্ষ ভাবে সহায় কৰে দিচৈ গাওঁ পঞ্চায়তৰ সভাপতি নৰেণ বৰিয়ে৷উল্লেখযোগ্য যে সমগ্ৰ বান বিধবস্ত দ অঞ্চলতোৰ জনসাধাৰণৰ কল্যাণৰ বাবে গৃহ নিৰ্মাণৰ বাবে ভূমি দান কৰা লক্ষ্য লইঙক অঞ্চল বাসীয়ে ধন্যবাদ জনাইছে৷

Leave A Reply

Your email address will not be published.