Breaking

২৯ বছৰে চেঙেলীয়াঝাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নিযুক্ত নহ’ল এগৰাকী নিয়মীয়া চিকিৎসক

0 2,265

চৰকাৰে স্বাস্থ্য বিভাগক অধিক ভাবে গুৰুত্ব দি ৰাইজৰ স্বাস্থ্য সেৱাত এক নতুন দিগন্তৰ সূচনা কৰা বুলি জয়ঢোল কোবালেও প্ৰকৃততে স্বাস্থ্য বিভাগ যে এতিয়াও পয়ালগা অৱস্থাতে আছে তাক প্ৰতিপন্ন কৰিছে দৰঙৰ পাথৰিঘাট মহকুমা স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত চেঙেলীয়াঝাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য খনে।১৯৯২ চনতে কেইবা লক্ষ টকা ব্যয়ৰে অতিকৈ পিছ পৰা কুমাৰপাৰা,দুৱৰীপাৰা, ঘোপেলী, বাঘমাৰা, নাওপোতা, দুৰদুৰীয়া, চমুখা, গোপালপুৰ, বগাচলা, ধোকাপাৰা, তৰাগাঁওকে ধৰি আন কেইবাখনো নিকটৱৰ্তী গাঁও সামৰি ইয়াৰ মধ্যমণি চেঙেলীয়াঝাৰত স্থাপন কৰি হৈছিল চিকিৎসালয়খন।এক বান আক্ৰান্ত অঞ্চলত ৰাইজৰ বহুদিনীয়া মুখ্য সমস্যা এটা সমাধান হোৱাত ৰাইজৰ মনত আনন্দ উল্লাসৰ সৃষ্টি হৈছিল।পিছে চিকিৎসালয়খনৰ পৰা অঞ্চলটোৰ ৰাইজৰ অভাৱ অদ্যাপী পূৰণ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈছে।যিখন চিকিৎসালয়ত আঞ্চলিক ৰাইজৰ প্ৰবল দাবীৰ পাছতো  আজিকোপতি নিযুক্তি দিয়া নহ’ল এগৰাকী নিয়মীয়া চিকিৎসক। অভিযোগ অনুসৰি এন আৰ চি এমৰ চিকিৎসক নিযুক্ত হয় যদিও তেওঁ লোকে কেইটামান দিন সেৱা আগবঢ়োৱাৰ পিছতে গুচি যায়।যাৰ পাছত ৰাইজৰ মাজত স্বাস্থ্য সেৱাকলৈ সৃষ্টি হৈ পৰে হাহাকাৰ। আশ্বৰ্যজনক কথা যে চিকিৎসা কৰ্মচাৰী সকল  এক বজাতে তলামাৰি গুচি যোৱাৰ পিছত বাকী সময়খিনিত অঞ্চলটোৰ কাৰোবাৰ অসুখ আজাৰ হ’লে উপায়হীন ভাবে গাঁৱৰ বেজ, কবিৰাজ, মৌলৱীৰ জৰাফুকা পানী, তাবিজ আদিয়েই হৈ পৰে জীৱন দায়িনী এম বি বি এছ চিকিৎসকৰ ঔষধ। তদুপৰি স্বাস্থ্য কৰ্মী সকল অহা- যোৱাৰ কোনো সময় সঠিক নাই বুলি অভিযোগ উত্থাপন হৈ আহিছে।  ৰাইজৰ স্বাস্থ্য সেৱাৰ আশা ভৰষাৰ কেন্দ্ৰটোত পৰ্যাপ্ত ঔষধ পাতি পাবলৈ নাই।এখন পুৰণিকলীয়া চিকিৎলয় হিচাপে উন্নয়নৰ নামত শূণ্য বুলিয়েই ক’ব লাগিব। আন্তঃগাথঁনিৰ নামত একেবাৰে দুখ লগা ছবি চিকিৎসায়খনত। সুদীৰ্ঘ ২৯ টা বছৰে হৈ নুঠিল পকী চাৰিবেৰ। যাৰ বাবে বাধাহীন ভাবে মুকলি গৰু- ছাগলী, কুকুৰ আদি জন্তু প্ৰৱেশ কৰি কৰ্মচাৰীৰ বাবে নিৰ্মাণ কৰা আৱাসত  সোমাই থাকে।বছৰি স্বাস্থ্য বিভাগৰ পৰা চিকিৎসালয়খনলৈ আৱন্টন হোৱা অনুদানৰ ধন সমূহ ৰাইজৰ অজ্ঞাতে গোপনে বনাই লোৱা টেবুল কমিটীয়ে উন্নয়নৰ কামত ঠিকাদাৰী কৰি অনিয়মৰ আশ্ৰয় লৈ অনুদান অনুসৰি উন্নয়ন নোহোৱাৰ অভিযোগ উত্থাপন হৈছে।এই ক্ষেত্ৰত ৰাইজে  দুনীতিত শূণ্য সহনশীল চৰকাৰৰ ওচৰত এক তদন্তৰ দাবী জনাইছে। বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীয়েও এই ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰে ই সকলোৰে লক্ষণীয় হৈ পৰিব। ইফালে আঞ্চলিক ৰাইজৰ বহুদিনীয়া দাবী যে চিকিৎসালয়খনক ত্ৰিশখন বিচনাযুক্ত চিকিৎসায় হিচাপে গঢ়ি তোলাৰ লগতে চিকিৎসালয়খনত এগৰাকী নিয়মীয়া চিকিৎসক নিযুক্তি দিয়াৰ বাবে আহ্বান জনাইছে। আনহাতে আন্তঃগাথঁনিৰ ক্ষেত্ৰত ৰাইজে বিভাগৰ জৰুৰী পদক্ষেপ গ্ৰহণ কৰাৰ বাবেও অনুৰোধ জনাইছে। এই ক্ষেত্ৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ কৃপাদৃষ্টি কামনা কৰিছে আঞ্চলিক ৰাইজে।

Leave A Reply

Your email address will not be published.