Breaking

লাহৰীঘাটত অবৈধ ৱেব পৰ্টেলৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

0 2,258

 যথে-মধে বাতৰি পৰিবেশন কৰি সমাজত বিভ্ৰান্তি সৃষ্টি কৰাৰ অভিযোগ। অবৈধ ৱেব পৰ্টেলক নাকি লগাবলৈ জন-সংযোগ মন্ত্ৰীক দাবী প্ৰতিবাদী ৰাইজৰ। ৰাজ্যৰ আন প্ৰান্তৰ লগতে লাহৰীঘাট অঞ্চলতো অব্যাহত আছে একাংশ পাৱত গজা ৱেব পৰ্টেলেৰ দৌৰাত্ম। তথ্য-পাতি কোনো ধৰণৰ পৰীক্ষা নকৰাকৈয়ে কেৱল টকা ঘটাৰ স্বাৰ্থতে ৰাইজক বিভিন্ন ধৰণেৰে ব্লেক মেইলিং কৰি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে অবৈধ ৱেব পৰ্টেলৰ বিৰুদ্ধে। ভূৱা বাতৰি পৰিৱেশনৰ অভিযোগত এটা অবৈধ ৱেব পৰ্টেলৰ বিৰুদ্ধে কেনেদৰেই ওলাই আহিল প্ৰায় শতাধিক ৰাইজ। অবৈধ ৱেব পৰ্টেলৰ বিৰুদ্ধে এনেদৰেই বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে জন-সংযোগ মন্ত্ৰীক অবৈধ ৱেব পৰ্টেল সমূহক নাকি লগাবলৈ আহব্বান জনাই প্ৰতিবাদী ৰাইজে। উল্লেখ্য যে লাহৰীঘাট অঞ্চলত এতিয়া সূলভ হৈ পৰিছে অবৈধ ৱেব পৰ্টেল। সংবাদ মাধ্যমৰ কোনো ধৰণৰ আনুষ্ঠানিক ডিগ্ৰী-ডিপ্লমা নোলোৱাকৈ ঘৰতে বহি ফেচবুকত পেজ খুলি বিভিন্ন নাম দি নিশাৰ ভিতৰতে সাংবাদিক সৃষ্টি কৰি সংবাদ জগত খনক কুলশিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। সমগ্ৰ বিষয়টো জনসংযোগ মন্ত্ৰী গৰাকীয়ে কেনেদৰে লয় সেয়া হে হব লক্ষ্যণীয়। 

Leave A Reply

Your email address will not be published.