Breaking

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ গহপুৰৰ ছাত্ৰৰ প্ৰকল্প

0 2,389

গুজৰাটৰ আহমেদাবাদৰ বিজ্ঞান কেন্দ্ৰত অহা ২৭ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব লগা ২৯সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত বিজ্ঞানৰ প্ৰকল্প প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে গহপুৰ গোপালপুৰৰ নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুগৰাকী ছাত্ৰ। যোৱা ৭ ডিচেম্বৰত বিশ্বনাথ মহাবিদ্যালয়ত ভিডিঅ’ কনফাৰেন্স যোগে অনুষ্ঠিত হোৱা ৰাজ্যিক পৰ্যায়ৰ শিশু বিজ্ঞান সমাৰোহত ‘বহনক্ষম জীৱন-যাপনৰ বাবে বিজ্ঞান’ শীৰ্ষক বিষয়বস্তু ওপৰত নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ক্ৰমে হীৰক জ্যোতি বৰা আৰু সহযোগী নিপু বৰুৱাই প্ৰদৰ্শন কৰা ‘সামাজিক দুৰত্ব বজাই ৰখাত সহায় কৰা এটা বিজ্ঞান সন্মত আহিলা’ শীৰ্ষক প্ৰকল্পৰ বাবে ৰাষ্ট্ৰীয় শিশুবিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত হৈছে। উল্লেখ্য যে বিদ্যালয়খনৰ এগৰাকী বিজ্ঞান শিক্ষয়িত্ৰী গায়ত্ৰী বৰকটকীৰ তত্বাবধানত অষ্টম শ্ৰেণীৰ ছাত্ৰ হীৰকজ্যোতি বৰাই তৈয়াৰ কৰা ‘সামাজিক দুৰত্ব বজাই ৰখাত সহায় কৰা এটা বিজ্ঞান সন্মত আহিলা’ শীৰ্ষক প্ৰকল্পটোত সহযোগী হিচাপে সহযোগিতা আগবঢ়াইছে অষ্টম শ্ৰেণীৰে ছাত্ৰ নিপু বৰুৱাই। শিক্ষয়িত্ৰী গায়ত্ৰী গোস্বামীৰ তত্ববধানতে ছাত্ৰদ্বয়ে উক্ত প্ৰকল্পটো জিলা পৰ্যায় আৰু ৰাজ্যিক পৰ্যায়ত প্ৰদৰ্শন কৰাৰ পাছতে যোৱা ৮ডিচেম্বৰত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত হোৱা বুলি এখন নিমন্ত্ৰণী পত্ৰ লাভ কৰে নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ললিত কেওটে। গহপুৰ মহকুমাৰ এখন উল্লেখযোগ্য উচ্চ শিক্ষানুষ্ঠান হিচাপে পৰিচিত নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰই ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিশু বিজ্ঞান সমাৰোহত প্ৰকল্প প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হোৱাত স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে বিদ্যালয়ৰ অধ্যক্ষ ললিত কেওঁট, বিজ্ঞান প্ৰকল্পটোৰ তত্বাবধায়িকা শিক্ষয়িত্ৰী গায়ত্ৰী বৰকটকীৰ লগতে বিদ্যালয়খনৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীৰ আৰু ছাত্ৰ-ছাত্ৰীসকল। উল্লেখ্য যে অহা ২৭ তাৰিখৰ পৰা গুজৰাটত অনুষ্ঠিত হ’ব লগা ২৯সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অংশগ্ৰহণ কৰিবৰ বাবে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে ছাত্ৰদ্বয়ে। ৰাষ্ট্ৰীয় প্ৰৰ্যায়ত নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে সুবিধা লাভ কৰা হীৰকজ্যোতি বৰা গোপালপুৰৰ এগৰাকী কৃষক মদন বৰাৰ পুত্ৰ হোৱাৰ বিপৰীয়ে নিপু বৰুৱা পঞ্চায়তৰ সচিব যজ্ঞেশ্বৰ বৰুৱাৰ পুত্ৰ। দুয়ো ছাত্ৰই ৰাষ্ট্ৰীয় পৰ্যায়ত বিদ্যালয়নৰ লগতে অসমৰ নাম উজ্বলাবলৈ সক্ষম হ’ব বুলি আশাবাদী বিদ্যালয় কৰ্তৃপক্ষৰ লগতে স্থানীয় ৰাইজ।

Leave A Reply

Your email address will not be published.