Breaking

বইটামাৰী উন্নয়ন খণ্ডৰ পশ্চিম মাজেৰ আলগা গাঁও পঞ্চায়তত দুৰ্নীতি

0 2,247

বঙাইগাঁও জিলাৰ বইটামাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত পশ্চিম মাজেৰ আলগা পঞ্চায়তত সংঘটিত সীমাহীন দুর্নীতি – লুণ্ঠনৰ তদন্তৰ দাবীত উত্তৰ শালমাৰা জিলা আমছুৱে কালি বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যবাহী বিষয়াক স্মাৰকপত্ৰ প্ৰদান কৰে । পঞ্চায়তখনৰ সভাপতি মহম্মদ আলীয়ে চতুর্দশ বিত্তীয় আয়োগৰ বিভিন্ন আঁচনি ৰূপায়ণ নামত লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰি সংগঠনটোৰ উত্তৰ শালমাৰা জিলা সমিতিৰ সভাপতি বাহাৰুল ইছলামৰ নেতৃত্ব দলৰ কেইগৰাকীমান বিষয়ববীয়াই জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া নন্দিৰা ইয়াছমিনক  স্মাৰক পত্র প্রদান কৰি পঞ্চায়তৰ সভাপতিগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি তেওঁৰ সমগ্র কু-কৃতি আৰু দুৰ্নীতিৰ বিৰুদ্ধে শীঘ্ৰে তদন্তৰ কৰি বিহিত ব্যবস্থাৰ দাবী জনাইছে । স্মাৰকপত্ৰত সংগঠনটোৱে উল্লেখ কৰা মতে, পঞ্চায়ত ভৱন নিৰ্মাণৰ নামত সভাপতি মহম্মদ আলীয়ে ঠিকাদাৰৰ সৈতে মিলি ব্যাপক দুর্নীতি সংঘটিত কৰি ভৱন নিৰ্মাণত ব্যৱহাৰ কৰা কাঠ, ইটা, বালি, চিমেণ্ট আদি অতি নিম্নমানৰ বুলি উল্লেখ কৰিছে । সংগঠনটোৱে এম জি এনৰেগা আঁচনিৰ নামমাত্ৰ কাম কৰি কাগজে – কলমে কাম সম্পূর্ণ কৰা দেখুৱাই সভাপতিগৰাকীয়ে বহু ধন লুট কৰাৰ অভিযোগো উত্থাপন কৰিছে । সংগঠনটোৱে স্মাৰকপত্ৰত উল্লেখ কৰা মতে , চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত নিৰ্মাণ কৰা কালভার্টসমূহো অতি নিম্নমানৰ হৈছে । এনে পৰিপ্ৰেক্ষিতত কেইবাটাও কালভার্টত এতিয়াই ফাট মেলিছে । আনহাতে সভাপতিগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ আবাস যোজনাৰ অধীনৰ হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ স্মাৰকপত্ৰত উল্লেখ কৰে সংগঠনটোৱে। সভাপতিগৰাকীয়ে এনে বহু দুৰ্নীতি – অনিয়মৰ মাজেৰে লাখ লাখ টকা লুট কৰাৰ অভিযোগ কৰি সংগঠনটোৱে ইয়াৰ বিৰুদ্ধে শীঘ্ৰে এক তদন্তযোগে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে । অন্যথা সংগঠনটোৱে তীব্র আন্দোলনৰ কাৰ্যসূচী গ্রহণ কৰিব বুলি সকীয়াই দিছে । উল্লেখ্য যে গ্রামোন্নয়নৰ আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুর্নীতি তথা অনিয়ম সংঘটিত কৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত নিশ্চিত বিপদৰ আশংকা কৰি সভাপতি মহম্মদ আলীয়ে হিতাহিত জ্ঞান হেৰুৱাই সাংবাদিকক ৰুদ্ধিবলৈ আইনৰ ভয় দেখুওৱাতেই ক্ষান্ত নাথাকি এতিয়া বিভিন্ন কুট কৌশলত নামি পৰিছে ।

Leave A Reply

Your email address will not be published.