হেক হ’ল প্ৰধানমন্ত্ৰী মোদীৰ টুইটাৰ একাউন্ট !

শনিবাৰে মাজনিশা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্টৰ পৰা বিটকইন সম্পৰ্কে কৰা টুইটে ছ’চিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰে। পিছে এয়া আছিল কোনো হেকাৰৰ কামহে। শনিবাৰে মাজনিশা হেক হ’ল প্ৰধানমন্ত্ৰী মোদীৰ টুইটাৰ একাউন্ট।

প্ৰধানমন্ত্ৰীৰ মোদীৰ টুইটাৰৰ পৰা দিয়া এটা টুইটত লিখা আছিল যে ভাৰত চৰকাৰে বিটকইনত বিনিয়োগ কৰিছে আৰু সকলো ভাৰতীয়কে বিটকইন দিয়া হৈছে। প্ৰধানমন্ত্ৰীৰ টুইটাৰ একাউন্ট হেক হোৱাৰ কিছুসময়ত পাছতেই একাউন্টটো পুনৰুদ্ধাৰ কৰাৰ লগতে ভুৱা টুইটসমূহ ডিলিট কৰা হয়।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এই সন্দৰ্ভত এক বিবৃতি দি কোৱা হৈছে যে,’’প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ হেণ্ডল খুব কম সময়ৰ বাবে হেক কৰা হৈছিল, প্ৰধানমন্ত্ৰী মোদীৰ একাউণ্টটো পুনৰোদ্ধাৰ কৰি সুৰক্ষিত কৰা হৈছে।’’ প্ৰধানমন্ত্ৰীৰ একাউণ্ট ইয়াৰ পূৰ্বেও হেক হৈছে। যিটো টুইটাৰ একাউন্টত প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত ৱেবছাইট তথা মোবাইল এপ আপডেট কৰা হয় সেইটো যোৱাবছৰ ছেপ্টেম্বৰত কোনো অজ্ঞাত গ্ৰুপে হেক কৰিছিল।

প্ৰধানমন্ত্ৰী মোদীৰ টুইটাৰ একাউণ্ট হেক হোৱা ঘটনাই দেশজুৰি চৰ্চা লাভ কৰিছে। একাংশই এয়া দেশৰ সুৰক্ষাৰ বাবে ভাবুকিস্বৰূপ বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এই সমগ্ৰ বিষয়টো টুইটাৰক জনোৱা বুলি টুইটৰ জৰিয়তে জনাইছে। উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীৰ টুইটাৰ একাউন্টৰ ৭৩.৪মিলিয়নতকৈয়ো অধিক ফল’ৱাৰ্ছ আছে।

Related Articles