ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ ৰৌতাৰ ২ ছাত্ৰ-ছাত্ৰী

বিটিএডিৰ ওদালগুৰি জিলাৰ ঐতিহ্যমণ্ডিত ৰৌতা অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰত অগ্ৰণী তথা উজ্বল এখন শিক্ষানুষ্ঠান দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় । সুনাম থকা এই শিক্ষানুষ্ঠানখনৰ একাদশ শ্ৰেণীৰ দুগৰাকী ছাত্ৰ-ছাত্ৰীয়ে এইবেলি ২৯ তম ৰাষ্ট্ৰীয় শিশু-বিজ্ঞান সমাৰোহলৈ শিশু বিজ্ঞানী ৰূপে নিৰ্বাচিত হৈ বিদ্যালয়ৰ লগতে বৃহত্তৰ ৰৌতা অঞ্চলৰ তথা সমগ্ৰ জিলাখনলৈ গৌৰৱ আৰু আনন্দৰ সুবাস বিচ্ছূৰিত কৰিছে ।

বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে ধাৰাবাহিকতা অক্ষুন্ন  ৰাখি তিনিবাৰকৈ এই বিদ্যালয়ে ৰাষ্ট্ৰীয় শিশু বিজ্ঞানী উপহাৰ লাভ কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । এইবাৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত একাদশ শ্ৰেণীৰ ছাত্ৰী মেহেৰ আনছাৰী আৰু সহযোগী বিবেক পাটোৱাৰীক নিৰ্দেশনা-পথপ্ৰদৰ্শকৰ (শিক্ষক) দায়িত্বত আছে বৃত্তিমূখী শিক্ষক বিপুল চন্দ্ৰ ভৰালী ।

এই গুৰু-শিষ্যৰ মানস প্ৰজ্ঞাৰ একত্ৰ সৃষ্টি “Best quality organic compost along with insecticide made from ‘water hyacinth’  ” -শীৰ্ষক আকৰ্ষণীয়  প্ৰকল্পৰে গুজৰাটৰ আহমেদাবস্থিত বিজ্ঞান নগৰী (Science City) ত ডিচেম্বৰৰ শেষ সপ্তাহত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমাৰোহলৈ আদৰেৰে আমন্ত্ৰিত হৈছে ।

উল্লেখ্য যে ২০২০ বৰ্ষত অষ্টম শ্ৰেণীৰ ছাত্ৰী ভাৱনা চহৰীয়া (দলপতি) আৰু ২০১৯ বৰ্ষত নৱম শ্ৰেণীৰ ছাত্ৰীদ্বয়  বৰষা চহৰীয়া(দলপতি) ,ৰশ্মি চহৰীয়া ( সহযোগী) শিশু বিজ্ঞানীৰূপে নিৰ্বাচিত হৈ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল । একেগৰাকী গাইড টীছাৰ বিপুল চন্দ্ৰ ভৰালীৰ সুদক্ষ আৰু অনুপ্ৰেৰণামূলক তত্ত্বাৱধানত সহ:শিক্ষক চক্ৰধৰ নাথৰ একান্ত সহযোগত এনে ধৰণৰ সফলতা প্ৰাপ্তিত বিদ্যালয়ৰ সমস্ত পৰিয়ালেই গৌৰৱান্বিত বুলি আনন্দ প্ৰকাশ কৰিছে ।বিগত ২০২০ বৰ্ষৰ ২৬ জানুৱাৰীৰ গণতন্ত্ৰ দিৱসত বিটিচিৰ উপ-প্ৰধান গোবিন্দ্ৰ চন্দ্ৰ বসুমতাৰী আৰু জিলা উপায়ুক্তই ভৰালীক বিপুলভাৱে স্বাগত সম্বৰ্ধনা জ্ঞাপন কৰি তেখেতৰ কৃতিত্বৰ শলাগ লোৱাৰ লগতে দীৰ্ঘায়ূ আৰু সুস্বাস্থ্য কামনা কৰে ।

নব কুমাৰ ডেকা

Related Articles