ৰণবীৰক প্ৰশ্ন আলিয়াৰ, আমাৰ বিয়া কেতিয়া ?

বলীউডৰ সবাটোকৈ চৰ্চিত দুই যুটিৰ এটা যুটি ইতিমধ্যে বিবাহ পাশত আৱদ্ধ হ’ল। কেটৰিনাক জীৱন সংগী ৰূপে বাচ‌নি কৰি ল’লে বিকী কৌশলে। পাছে বলীউদ কুইন আলিয়া ভাট কেতিয়া বিবাহ পাশত আৱদ্ধ হ’ব? সাম্প্ৰতিক সময়ত এয়া হৈ পৰিছে কোটিটকীয়া প্ৰশ্ন। উল্লেখ্য যে, ৰণবীৰে আলিয়াক বিয়া কৰাবলৈ সাজু বুলি ৰণবীৰে পূৰ্বেই জনাইছিল। কিন্তু ক’ৰ’না মহামাৰীৰ বাবেই তেওঁলোকৰ বিয়াৰ দিন পিছুৱাই দিয়া হৈছিল বুলি সংবাদ মাধ্যমতো প্ৰকাশ পাইছিল। ইফালে, অ’মিক্ৰনৰ সংক্ৰমণৰ মাজতে বিকী-কেট বিবাহ পাশত আৱদ্ধ হ’ল। সেইবাবে আলিয়া-ৰণবীৰে কেতিয়া বিবাহ পাশত আৱদ্ধ হ’ব তাৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে অনুৰাগীয়ে।

এতিয়া আৰু পলম কৰিব বিচৰা নাই আলিয়াই ! এনডিটিভিৰ প্ৰকাশিত প্ৰতিবেদনত আলিয়া-ৰণবীৰ অভিনীত ‘ব্ৰহ্মাস্ত্ৰ’ৰ মোচন পোষ্টাৰ, আটাইতকৈ চৰ্চিত প্ৰথমখন চলচ্চিত্ৰ বুধবাৰে মুকলি কৰা হৈছিল। ৰণবীৰ-আলিয়া আৰু চলচ্চিত্ৰ পৰিচালক আয়ন মুখাৰ্জী নতুন দিল্লীত অনুষ্ঠিত বিশাল অনুষ্ঠানৰ বাবে মঞ্চত উপস্থিত আছিল। অনুষ্ঠানটোত উপস্থিত এজন অনুৰাগীয়ে ৰণবীৰক সুধিছিল যে, ‘আপুনি কেতিয়া আলিয়াক বিয়া কৰাব? আলিয়াক বিয়া কৰাব নে আন কাৰোবাক? যদি আপোনালোক দুয়ো বিবাহপাশত আৱদ্ধ হয় তেন্তে আমি সুখী হ’ম।’ অনুৰাগীজনৰ প্ৰশ্নত হতবাক হৈছিল ৰণবীৰ।

ৰণবীৰে নিজকে নিয়ন্ত্ৰণ কৰি আলিয়াৰ চকুলৈ চাই ক’লে, ‘আমাৰ বিয়া কেতিয়া?’ ৰণবীৰৰ এই প্ৰশ্নত হাঁহিৰ ৰোল উঠা দেখা যায়। ৰণবীৰৰ প্ৰশ্নৰ উত্তৰত আলিয়াই কয়, ‘আপুনি মোক এই প্ৰশ্নটো কিয় সুধিছে? পাছত, ‘ব্ৰহ্মাস্ত্ৰ’ ছবিখনৰ পৰিচালকৰ ফালে চাই কৌতুক কৰি কয়, ‘মই এই প্ৰশ্নটো আপোনাক নহয়, আয়ন মুখাৰ্জীক সুধিছো।’ পৰৱৰ্তী সময়ত পৰিচালকজনে বিবাহৰ প্ৰসংগক সামৰি কয়, ‘আজি ব্ৰহ্মাস্ত্ৰৰ মুক্তিৰ বিষয়ে আলোচনা হ’ব, নায়ক নায়িকাৰ বিবাহৰ বিষয়ে নহয়।ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট দীৰ্ঘদিন ধৰি প্ৰেমত আছে। তেওঁলোকৰ বিগত বৰ্ষতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পৰিকল্পনা আছিল। মহামাৰীৰ বাবেহে ৰণবীৰ-আলিয়াৰ বিবাহৰ তাৰিখ পিছুৱাই দিয়া হৈছে।’ সেয়া যি কি নহওক, অনুৰাগীৰ মাজত এতিয়া তীব্ৰ কৌতুহলে ক্ৰিয়া কৰা দেখা গৈছে। প্ৰিয় ৰণবীৰ-আলিয়াক দৰা-কইনা ৰূপত চাবলৈ বিচাৰিছে অনুৰাগীয়ে। এতিয়া অনুৰাগীৰ আশা-আকাংক্ষাক ৰণবীৰ-আলিয়াই কেতিয়া পূৰ কৰে সেয়াহে হ’ব লক্ষ্যণীয়!

Related Articles