হেৰুৱা ছন্দ ওভতাই পাইছে শ্বাহৰূখ-গৌৰীয়ে

এখন দীঘলীয়া যুঁজৰ যেন অন্ত পৰিছে! সাময়িক সকাহ লাভ কৰিছে খান পৰিয়ালে। বাদ-বিবাদ,আইনী জটিলতাৰ অন্তত নিজ পুত্ৰক ঘৰলৈ ওভতাই আনিছে শ্বাহৰুখ-গৌৰীয়ে। আৰিয়ানৰ আগমনৰ পাছতে হেৰুৱা ছন্দ ওভতি আহিছে ‘মন্নত’লৈ। ছবিখনৰ দৃশ্যগ্ৰহণৰ কামত মনোনিৱেশ কৰিছে বলীউড বাদশ্বাহে। কিং খানৰ পাছত এইবাৰ গৌৰী খানেও কামত লগাৰ মন মেলিছে। উল্লেখ্য যে, নিজ পুত্ৰৰ গ্ৰেপ্তাৰৰ পাছৰ পৰাই ৰাজহুৱা স্থানত দেখিবলৈ পোৱা নাই গৌৰীক। ‘মন্নত’ৰ বন্ধ কোঠাত সন্তানৰ বাবেই দিনে-ৰাতি প্ৰাৰ্থনা কৰিছিল গৌৰীয়ে। পুত্ৰ উভতি অহাৰ পাছত শ্বাহৰূখ পত্নীৰ মুখত বিৰিঙিছে হাঁহি। ন-উদ্যমেৰে পুনৰ কামত ধৰিব গৌৰীয়ে।

আভ্যন্তৰীণ সজ্জা বিশেষজ্ঞ গৌৰীয়ে ব্যৱসায়ী ফাল্গুনী আৰু শ্বেনৰ নতুন বিপনীখন আটকধুনীয়াকৈ সজাই তোলা দেখিবলৈ পোৱা গৈছে। দুই ব্যৱসায়ীৰ সৈতে মত বিনিময়ো কৰিছে গৌৰীয়ে। অলপতে, এটা ভিডিঅ’ ইনষ্টাগ্ৰামত পোষ্ট কৰিছে গৌৰীয়ে। গৌৰীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা বিপনীখনৰ বিষয়ে দুই-এটা টিপছো শ্বেয়াৰ কৰিছে ভিডিঅ’টোত। শ্বাহৰূখৰ প্ৰিয়ভাজন পৰিচালক ফাৰহা খানে গৌৰীক এনেদৰে স্বাভাৱিক ছন্দলৈ উভতি অহা দেখি উৎসাহিত হৈছে।

উল্লেখ্য যে, এতিয়া ক্ৰমাত্‍ স্বাভাৱিক অৱস্থালৈ ঘুৰি আহিছে খান পৰিয়াল। বুধবাৰে বোম্বাই উচ্চ ন্যায়ালয়ে এনচিবিৰ কাৰ্যালয়ত আৰিয়ানৰ সাপ্তাহিক উপস্থিতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছিল। জামিনৰ পূৰ্বৰ চৰ্ত বাতলিৰ বাবেই বোম্বাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল তাৰকা তনয় আৰিয়ানে। সেয়েহে, অতীতৰ তিক্ততাক পাহৰি পুনৰ হাঁহিমুখে নিজ নিজ কৰ্মত মনোনিৱেশ কৰিছে শ্বাহৰূখ-গৌৰীয়ে।

Related Articles