বিক্ৰী হ’ব বিশ্বৰ প্ৰথমটো মেছেজ! নিলামত ২ কোটি টকা

বৰ্তমান সময়ত মানুহৰ বাবে মেছেজ আদান-প্ৰদান এক অপৰিহাৰ্য অংগ হৈ পৰিছে। ফোনত কথা নপতাকৈয়ে মেছেজ পঠিয়াই নানা বাৰ্তালাপ কৰিব পাৰি। চিঠিৰ স্থান কেতিয়াবাই দখল কৰিলে মেছেজে। পিছে আপুনি জানেনে বিশ্বৰ প্ৰথমটো মেছেজৰ কথা। ১৯৯২ চনৰ ৩ ডিচেম্বৰত প্ৰেৰণ কৰা হৈছিল বিশ্বৰ প্ৰথমটো মেছেজ। বিশ্বৰ প্ৰথমটো মেছেজ বিক্ৰী হবলৈ গৈ আছে। নিলামৰ বাবে আগবঢ়োৱা হব বিশ্বৰ প্ৰথমটো মেছেজ। এই মেছেজটো ভোডাফোন নেটৱৰ্ক ব্যৱহাৰকাৰী তথা ভোডাফোনৰে এজন কৰ্মচাৰীয়ে অন্য এজন কৰ্মচাৰীলৈ প্ৰেৰণ কৰিছিল। খ্ৰীষ্টমাছৰ শুভেচ্ছা জনাই মেছেজটো প্ৰেৰণ কৰা হৈছিল। মেছেজটোত লিখা আছিল ‘MERRY CHRISTMAS’.

নিলাম কেন্দ্ৰৰ যোগেদি সেই মেছেজটো বিক্ৰীৰ বাবে যো-জা চলোৱা হৈছে। নিলামত ইয়াৰ মূল্য ২ কোটি বা অধিক হোৱাৰ সম্ভাৱনাই দেখা দিছে। ২১ ডিচেম্বৰলৈ চলিব এই নিলাম প্ৰক্ৰিয়া। পিছে সেই সাধাৰণ দুটা শব্দৰ মেছেজটো বিক্ৰী কৰি উপাৰ্জন কৰা এই বৃহৎ পৰিমাণৰ টকাৰে কি কৰিব ভোডাফোনে?

এই সন্দৰ্ভত ভোডাফোনে কয় যে,সমগ্ৰ ধনৰাশি শৰণাৰ্থী শিবিৰৰ বাবে দান কৰা হ’ব। উল্লেখ্য যে, ১৯৯২ ৰ ডিচেম্বৰত প্ৰথমটো মেছেজৰ পাছত ১৯৯৫ চনলৈ সমগ্ৰ বিশ্বতে কেৱল মাত্ৰ ০.৪ শতাংশ লোকেহে প্ৰতিমাহে মেছেজৰ ব্যৱহাৰ কৰিছিল। অভিযন্তা নীল পাপৱৰ্থ নামৰ লোকজনে ৰিচাৰ্ড জাৰ্ভিছ নামৰ এজন লোকলৈ বিশ্বৰ প্ৰথমটো মেছেজ প্ৰেৰণ কৰিছিল। ৰিচাৰ্ড জাৰ্ভিছে সেই মেছেজটো পাইছিল অৰ্বিটেল 901 হেণ্ডছেটত। ছফ্টৱেৰ ইঞ্জিনীয়াৰ নীল পাপৱৰ্থ হৈছে মেছেজ বা এছএমএছৰ সৃষ্টিকৰ্ত

Related Articles