মাজুলীৰ ৰোষেশ্বৰ হাজৰিকাক ড° বি আৰ আম্বেদকাৰ সন্মান

মাজুলী গড়মূৰৰ সমীপৱৰ্তী খোনাচুক গাওঁ নিবাসী সমাজকৰ্মী , সাংস্কৃতিক কৰ্মী ৰোষেশ্বৰ হাজৰিকাক এই বৰ্ষৰ ড° আম্বেদকাৰ ৰাষ্ট্ৰীয় সন্মান পদক -২০২১ প্ৰদান কৰা হয় ৷ ১৪ ডিচেম্বৰত নতুন দিল্লীৰ ৰাজেন্দ্ৰ ভৱনত অনুষ্ঠিত দেশৰ বিভিন্ন স্থানৰ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বাবু জগজীৱন ৰাম কলা , সংস্কৃতি আৰু সাহিত্য অকাডেমীয়ে আগবঢ়োৱা এই বঁটা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

মাজুলীৰ দৰে পিছপৰা অঞ্চলত কেইবা দশক ধৰি ব্যৱসায়ৰ লগতে সামাজিক , সাংস্কৃতিক ক্ষেত্ৰখনৰ মাধ্যমেৰে গ্ৰামাঞ্চলৰ ৰাইজৰ হকে সেৱা আগবঢ়াই আহিছে ৷ এই গৰাকী সমাজকৰ্মীক ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰাৰ বাবে মাজুলীৰ বিভিন্ন বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বঁটাপ্ৰাপক গৰাকীক অভিনন্দন জ্ঞাপন কৰিছে ৷ এই বঁটা লাভ কৰি আগন্তুক দিনত দুগুণ উৎসাহেৰে সমাজৰ হকে কাম কৰাৰ প্ৰেৰণা পাব বুলি বঁটাপ্ৰাপক গৰাকীয়ে জানিবলৈ দিয়ে ৷

Related Articles