জামুগুৰিহাটত কণ কণ শিশুৰ মহাৰাস

আপোনাৰ বাৰু মনত আছেনে গাঁৱৰ ভাওনাই হওক বা বিয়াই হওক সেই অনুষ্ঠান পাৰহৈ যোৱাৰ পাছতে ঢকুৱাৰে মুকুট বনাই অথবা কোৰোকাৰে বালিলৈ দৰা কইনা খেলাৰ দিনলৈ। এইবাৰ গাওঁবাসী নহয়-কেইবাখনো গাওঁৰ কণ কণ  এজাক শিশুৱে ৰাস পাৰহৈ যোৱাৰ পাছতো তেওঁলোকে উদযাপন কৰিলে এখন ব্যতিক্ৰমী মহাৰাস৷ শোণিতপুৰ জিলাৰ  জামুগুৰিহাটৰ কালিয়দমন ক্ষেত্ৰ ৰুপে পৰিচিত কোচ গাওঁস্থিত  ৰাজখোৱাচুক গাৱৰ বিকি শইকীয়াৰ বাৰিচুকত কন কন শিশু সকলে উদযাপন কৰে এই মহাৰাস ৷কোচগাঁও আৰু ৰাজখোৱাচুক গাঁৱৰ কন কন শিশু  ছাত্ৰ-ছাত্ৰী সকলে আজি সন্ধিয়া ৭ বজাৰ পৰা  অনুষ্ঠিত কৰা এই মহাৰাস খনে জামুগুৰিয়া ৰাইজক শৈশৱৰ স্মৃতি ঘুৰাই অনাৰ বিপৰিতে অঞ্চলটোৰ সকলো শ্ৰেণী ৰাইজকে উপভোগ কৰাৰ এক সুকিয়া আমোদ দিয়ে ৷ কৃষ্ণ,ৰাধা,গোপীৰ পৰা আৰম্ভ কৰি অসুৰলৈকে সকলো অভিনয় নিখুতভাৱে কৰি গৈছে শিশু সকলে ৷

খোলৰ তালে তালে সুন্দৰ  নৃত্য প্ৰৰ্দশন কৰে কন কন শিশু ছাত্ৰ ছাত্ৰী সকলে৷ অকল নৃত্যই নহয় নিজে ভাঁৱৰীয়াৰ পোছাক, মুকুট তৈয়াৰ কৰাৰ লগতে মঞ্চও নিৰ্মান কৰিছে কণ কণ শিশু সকলে ৷ প্ৰতিজন শিশুৱে ১০-২০ টকাকৈ নিজৰ মাজতে তুলি সামাজিক নিতি নিয়মক টুতি নকৰাকৈ ৰাস খন অনুষ্ঠিত কৰিবলৈ শিশু সকলৰ মজৰে  ভৱেশ ডেকাক সম্পাদক আৰু জ্যোতিষমান শইকীয়াক সভাপতি হিচাপে লৈ এখন পৰিচালনা কমিতিও গঠন কৰে । কন কন শিশু সকলৰ এনে প্ৰতিভাই স্থানীয় দৰ্শক ৰাইজক আপ্লুত কৰে ৷ এই ক্ষেত্ৰত ৰাজখোৱাচুক গাওঁৰ উদিয়মান যুৱক বিকি শইকীয়াই উদগনি যোগাই ৰাসখনৰ প্ৰতিটো ক্ষেত্ৰত  সহায়ৰ হাট আগবঢ়াই আহিছে বুলি পৰিচালনা কমিটিৰ শিশু সম্পাদক ভৱেশ ডেকাই জানিবলৈ দিয়ে। শিশু সকলৰ মনৰ প্ৰতিভা প্ৰকাশ পোৱা এই মহাৰাস খনীক জামুগুৰিহাটৰ সচেতন ব্যক্তি সকলে পশংসা কৰাৰ লগতে তাহানিৰ ধুলি ধেমালি অথাবা ঢকুৱাৰে খেলা দিন বোৰ যে সময়ৰ গতিত হেৰাই গল  আৰু পুনৰ নতুনত্ব ৰুপ লৈছে তাৰ এক জলন্ত চানেকি হৈছে বুলি প্ৰমান কৰিলে।

Related Articles