গোগামুখ মহৰিকেম্পত পেঞ্চাক চিলাটৰ সজাগতা সভা

আজি ধেমাজি জিলাৰ গোগামুখ মহৰি কেম্পস্থিত ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্পত অসম পেঞ্চাক চিলাট স্কুল আৰু অসম পেঞ্চাক চিলাট এছ’চিয়েশ্ব্নৰ উদ্যোগত আৰু মিচিং জাতীয় সংগঠন টিএমপিকে, এম এম কে আৰু টি এম এম কেৰ সহযোগত এখনি পেঞ্চাক চিলাট সমৰকলাৰ সজাগতা সভা অনুষ্ঠিত হয় ।

উক্ত সভাত মহৰিকেম্প হাইস্কুল, ডাইমণ্ড মিচন স্কুল, কচুতলি হাইস্কুল, মহৰিকেম্প এল পি স্কুল, মহৰিকেম্প ২নং নতুন এল পি স্কুল, মাজগাওঁ এল পি স্কুল, শঙ্কৰদেৱ শিশু নিকেতন, উজনি কচুতলি এল পি স্কুল, তৰাজান এল পি স্কুল, সোৱনশিৰি ভেলি একাডেমি বিদ্যালয় সমূহৰ প্ৰধানসকল উপস্থিত থকাৰ লগতে সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । সজাগতা সভাত ভাৰতীয় পেঞ্চাক চিলাট মহাসংঘৰ উপ-সভাপতি তথা অসম পেঞ্চাক চিলাট এছ’চিয়েশ্বনৰ প্ৰতিষ্ঠাপক সভাপতি পৰমানন্দ চায়েঙীয়া, সম্পাদক লক্ষ্যজিত দলে, অসম পেঞ্চাক চিলাট স্কুলৰ তত্বাৱধায়ক সঞ্জীৱ মিলি উপস্থিত থাকে ৷

সভাত অসম পেঞ্চাক চিলাট স্কুলৰ পৰা ৪ৰ্থ উত্তৰ-পূৱ ভাৰত পেঞ্চাক চিলাট প্ৰতিযোগিতাত পদক বিজেতা সকলক সভাত ৰাজহুৱাভাৱে সম্বৰ্ধণা জনোৱা হয়। সজাগতা সভাৰ মাজতে পেঞ্চাক চিলাট খেলুৱৈ সকলে সমৰকলাৰ বিভিন্ন কৌশল প্ৰদৰ্শন কৰে ৷

Related Articles