বৰপেটা জিলাৰ কৃষক সকলৰ উৎপাদিত ধান উচিত মূল্যত বিক্ৰীৰ স্বাৰ্থত এইবাৰ প্ৰথমবাৰলৈ জিলাখনত ৭ টাকৈ ধান আহৰণ কেন্দ্ৰ স্থাপন হ’ব। জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে ধান ক্ৰয় কৰা চৰকাৰী সংস্থা সমূহৰ ওপৰত দিয়া হেঁচাৰ পৰিপ্ৰেক্ষিতত সংস্থা সমূহে তেওঁলোকৰ ধান আহৰণ কেন্দ্ৰ পূৰ্বৰ ৩ টাৰ পৰা ৭ টালৈ বৃদ্ধি কৰিবলৈ সন্মত হৈছে। বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এই সম্পৰ্কত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি ভাৰতীয় খাদ্য নিগমে (এফচিআই) এইবাৰ প্ৰথমবাৰলৈ সৰভোগ, চেঙা, বেলবাৰী আৰু গোমূৰাত ধান আহৰণ কেন্দ্ৰ স্থাপনৰ কৰিব বুলি জানিবলৈ দিয়ে।
জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি কয় যে, অসম কৃষি বিপণন পৰিষদে সৰ্থেবাৰী আৰু বৰপেটাত কেন্দ্ৰ স্থাপন কৰিব। একেদৰে ভাৰতীয় ৰাষ্ট্ৰীয় কৃষি সমবায় বাণিজ্য ফেডাৰেচনে (নাফেড) বৰপেটা ৰোডত কেন্দ্ৰ স্থাপন কৰিব। ইয়াত নিৰ্দিষ্ট মান সম্পন্ন ধান প্ৰতি কুইন্টলত ১৯৪০ টকা দৰত বিক্ৰী কৰিব পাৰিব। জানুৱাৰীৰ পৰাই ইয়াত ধান আহৰণ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি কেউটা সংস্থাই জনাইছে যদিও কৃষক সকলৰ স্বাৰ্থত এই প্ৰক্ৰিয়া তাৎক্ষণিকভাবে কাৰ্য-ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপায়ুক্তই আহ্বান জনাইছে। তেওঁ লগতে প্ৰকৃত কৃষকৰ পৰাহে ধান ক্ৰয় কৰা হয় আৰু কোনো মধ্যভোগীয়ে যাতে সুবিধা লব নোৱাৰে সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। সভাত ভাৰতীয় খাদ্য নিগম, অসম কৃষি বিপণন পৰিষদ, ৰাষ্ট্ৰীয় কৃষি সমবায় বাণিজ্য ফেডাৰেচনৰ বিষয় ববীয়াৰ উপৰিও কৃষি আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়া সকলো উপস্থিত থাকে।