দৰঙৰ পৰা জয়দেৱ ডেকা :
সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰিক্ষাত দুটাকৈ বিষয়ত ১০০% নম্বৰ লাভ কৰি সকলো কেইটা বিষয়ত লেটাৰ নম্বৰ পাই ডিষ্টিংচন পাবলৈ সক্ষম হোৱা এজন মেধাৱী ছাত্ৰ চৰম হতাশাগ্ৰস্ত৷ দৰিদ্ৰতাই উচ্চ শিক্ষাৰ বাবে হেঙাৰ হৈ পৰিছে মেধাৱী ছাত্ৰ গৰাকীৰ৷ সৰুৰে পৰা অত্যাধিক মেধাসম্পন্ন দৰঙৰ ভেৰুৱাৰ কুলদীপ পৰাশৰ নামৰ ছাত্ৰ গৰাকীৰ পিতৃয়ে পঢ়াৰ বাবে সামগ্ৰী যোগান ধৰিব নোৱাৰাৰ বাবে দিপীলা হাইস্কুলৰ প্ৰধান শিক্ষক চমক কলিতাই দশম শ্ৰেণীলৈ পঢ়াৰ দায়িত্ব বহন কৰিছিল৷ দিপীলা হাইস্কুলৰ পৰা কুলদীপ পৰাশৰে পৰীক্ষাত অৱতীৰ্ণ হৈ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰিক্ষাত সাধাৰণ গণিত আৰু ঐচ্ছিক গণিতত ১০০ শতাংশ নম্বৰ পোৱাৰ উপৰিও সাধাৰণ বিজ্ঞানত ছাত্ৰ গৰাকীয়ে ৯৭ নম্বৰ পাৱলৈ সক্ষম হয়৷ চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত কুলদীপ পৰাশৰৰ পিতৃয়ে টিউচনৰ ব্যৱস্থা কৰি দিব নোৱাৰিলে যদিও ৫৫৬ নম্বৰ লাভ কৰে ছাত্ৰ গৰাকীয়ে৷ ফলাফল ঘোষণা হোৱাৰ পিছতে পৰিয়ালৰ মাজত আনন্দময় পৰিবেশে বিৰাজ কৰিলে যদিও অৰ্থৰ অভাৱত উচ্চ শিক্ষাৰ বাবে হেঙাৰ হৈ পৰিছে ছাত্ৰ গৰাকীৰ৷ বিজ্ঞান শাখাত নামভৰ্তি কৰিব বিছৰা মেধাৱী ছাত্ৰ গৰাকী এতিয়া চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে৷ উল্লেখযোগ্য যে ছাত্ৰ গৰাকীৰ পিতৃ ১৯৯৯ চনত নিযুক্তি পোৱা এগৰাকী শিক্ষক৷ দুখৰ বিষয় চৰকাৰে ১৯৯৯ চনত নিযুক্তি পোৱা শিক্ষক সকলক চাকৰিৰ পৰা অব্যাহতি দিয়াত ছাত্ৰ গৰাকীৰ পিতৃ দেবেন শৰ্মাৰ পৰিয়াললৈয়ো নামি আহিছিল দুৰ্যোগ৷ শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হৈ পোহৰৰ বাট দেখুৱাই দিয়া দেবেন শৰ্মাৰ মেধাৱী ছাত্ৰ কুলদীপ পৰাশৰে এতিয়া উচ্চ শিক্ষাৰ বাবে এন্ধাৰ দেখিছে৷ ছাত্ৰগৰাকীৰ লগতে পৰিয়ালটিয়ে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াক অনুৰোধ জনাইছে উচ্চ শিক্ষাৰ বাবে কুলদীপ পৰাশৰৰ পঢ়াৰ দায়িত্ব বহন কৰিবলৈ৷ আপুনিও যদি মেধাৱী ছাত্ৰ গৰাকীক সহায়ৰহাত আগবঢ়াব খোজে তেনেহলে উচ্চ শিক্ষা লাভ কৰিব পাৰিব কুলদীপ পৰাশৰে৷ আপোনাৰ অলপমান সহায়ে ছাত্ৰ গৰাকীৰ জীৱন সলনি কৰিব পাৰিব৷