✍ ডাঃ শান্তনু লহকৰ
জন্ম আৰু শিক্ষাজীৱন :- ১৮২৯ চনৰ ২৪ ছেপ্টেম্বৰ (১৭৫১ শকৰ ৭ আহিন)ত গুৱাহাটীৰ এটা সম্ভ্ৰান্ত পৰিয়ালত আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্ম হৈছিল। পিতৃ হলিৰাম ঢেকিয়াল ফুকন প্ৰথমে আহোম ৰজাৰ বিষয়া আছিল। ব্ৰিটিছ ৰাজৰ দিনত তেওঁ কামৰূপৰ সহকাৰী হাকিম পদত আছিল। হলিৰাম ঢেকিয়াল ফুকনে সংস্কৃত আৰু বঙালী ভাষাত দুখন কিতাপ লিখিছিল, এখনৰ বিষয়বস্তু আছিল ‘কামাখ্যা’ আৰু আনখনৰ ‘অসম’। আনন্দৰাম ঢেকিয়াল ফুকন দুবছৰীয়া হওঁতে পিতৃৰ মৃত্যু হয়। পাঁচ বছৰ বয়সত ঢেকিয়াল ফুকন উমানন্দৰ সংস্কৃত টোলত ভৰ্তি হয়। ককাদেউতাক পৰশুৰামে আনন্দৰামৰ ইংৰাজী ভাষাৰ শিক্ষা গ্ৰহণত আপত্তি কৰিছিল। কিন্তু সেই আপত্তিক নেওচি খুড়াক যজ্ঞৰামৰ উদ্যোগত ১৮৩৭ চনত তেখেতে গুৱাহাটীৰ প্ৰথমখন ইংৰাজী বিদ্যালয়ত ভৰ্তি হয়। জেমছ মেথিউ আৰু জেনকিন্সৰ তত্ত্বাৱধানত তেখেতে ইংৰাজী অধ্যয়ন কৰিছিল। ১৮৪১ চনত এই দুগৰাকী ব্ৰিটিছ বিষয়াই খৰছ বহন কৰি তেখেতক ইংৰাজীৰ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ পঠিয়ায়। সেই সময়ত ভাপ-নাও বা ৰে’ল-গাড়ী নাছিল বাবে ঢেকিয়াল ফুকনে বঠা মৰা নাৱেৰে ২৫ দিনীয়া নৌ-যাত্ৰা কৰি কলিকতালৈ গৈছিল। সংৰক্ষণশীল পৰিয়ালৰ লোক হোৱা হেতুকে তেওঁ লগত ৰান্ধনী আৰু লগুৱাও লৈ গৈছিল। কলিকতাৰ কালুতলা পথত ঘৰ এটা ভাৰালৈ লৈ তেখেতে হিন্দু কলেজত নামভৰ্তি কৰে। তেওঁ দুবছৰ অধ্যয়ন কৰাৰ পাছত শিক্ষা সম্পূৰ্ণ নকৰাকৈ ১৮৪৪ চনত ঘৰুৱা সমস্যাৰ বাবে গুৱাহাটীলৈ উভতি আহে। উভতি আহিও তেখেতে সুধীবৃন্দৰ লগতে ইংৰাজী ভাষাৰ অধ্যয়ন চলাই যোৱাৰ লগতে উৰ্দু আৰু ফাৰ্চী ভাষাৰো শিক্ষা গ্ৰহণ কৰে।
বিবাহ আৰু পৰিয়াল :- ১৮৪৬ চনত গুৱাহাটীলৈ উভতি আহি ঢেকিয়াল ফুকন বিবাহপাশত আৱদ্ধ হয়। পত্নী আছিল পশুপতি ফুকনৰ জীয়ৰী মাহেন্দ্ৰী দেৱী। বিয়াৰ পাছত আনন্দৰামে পত্নীক নিজৰ ঘৰতে পঢ়া-লিখা শিকাইছিল। ১৮৪৯ চনত ঢেকিয়াল ফুকনৰ প্ৰথম সন্তান ৰাসেশ্বৰীৰ জন্ম হয় যদিও সন্তানটো অকালতে মৃত্যুমুখত পৰে। বৰপেটাত কাম কৰা কালত ১৮৫৩ চনত তেওঁৰ কন্যা পদ্মাৱতী দেৱী ফুকননীৰ জন্ম হয়। পাছলৈ নগাঁৱত কাম কৰাৰ দিনত তেওঁৰ পুত্ৰ ৰাধিকাৰাম, অন্নদাৰাম আৰু কন্যা চন্দ্ৰপ্ৰভাৰ জন্ম হৈছিল।
কৰ্মজীৱন :– ঢেকিয়াল ফুকনদেৱে গুৱাহাটীতে আইনৰ অধ্যয়ন আৰম্ভ কৰে আৰু অসমীয়া আলোচনী ‘অৰুণোদয়’ত নিয়মীয়াকৈ লিখিবলৈ আৰম্ভ কৰে। ১৮৪৭ চনত ঢেকিয়াল ফুকনক খাটা পৰগণাৰ ‘জিম্মাদাৰ’ নিযুক্ত কৰা হয়। পাছৰ বছৰত তেখেতক মুন্সিফ পদলৈ পদোন্নতি দি নলবাৰীলৈ বদলি কৰা হয়। নলবাৰীত থকা কালতে তেখেতে ‘ইংলেণ্ডৰ বুৰঞ্জী’ নামৰ পুথি এখন প্ৰকাশ কৰে। ১৮৪৮ চনত তেখেতে ‘সহকাৰী আয়ুক্ত’ৰ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ‘বিজনী ৰাজ এষ্টেট’ৰ ‘দেৱান’ পদত নিযুক্তি পায়। সেই পদত থাকোঁতেই তেখেতে ‘Estate Admission’ নামৰ পুথিখন ৰচনা কৰে। ইয়াৰ পাছত তেখেতে নগাঁও আৰু গোৱালপাৰা জিলাৰ সদৰৰ ‘উপ-সহকাৰী আয়ুক্ত’ হিচাপে কাম কৰে। এই কালছোৱাত ৰচনা কৰে ‘সদৰেৰ মামলাৰ নিষ্পত্তি’। ১৮৫১ চনত বিজনীৰ ৰজাৰ আৰ্জি লৈ কলিকতালৈ যায়। ১৮৫২ চনত তেখেতক স্থায়ীভাৱে বৰপেটাৰ ‘উপ-সহকাৰী আয়ুক্ত’ আৰু ‘উপায়ুক্ত’ নিযুক্তি দিয়া হয়। তেখেতে ১৮৫২ চনত নগাঁৱত কিছুকাল এক্সট্ৰা এছিটেন্ট কমিছনাৰ হিচাপে কটায়। ১৮৫২ চনত ‘কলিকতা নিউ প্ৰেছ’ নামেৰে কলিকতাত এটা প্ৰেছ বহুৱায় আৰু সম্পৰ্কীয় খুড়াক গুণাভিৰাম বৰুৱাক প্ৰেছত পৰিচালনাৰ দায়িত্ব দিয়ে। ১৮৫৩ চনত ঢেকিয়াল ফুকনে মি.এ.জে.মোটাফ মিল্ছ চাহাবলৈ দেশৰ প্ৰশাসন উন্নত কৰাৰ বাবে কেইবাটাও পৰামৰ্শ আগবঢ়ায় ইয়াৰ পাছতে তেখেতক পদোন্নতি দি নগাঁৱৰ ‘উপায়ুক্ত’ পদলৈ বদলি কৰা হয়। ১৮৫৫ চনত তেখেতৰ ‘দেৱানী মামলাৰ নিষ্পত্তি’ প্ৰকাশিত হয়। একে সময়তে তেখেতে এখন অসমীয়া অভিধান প্ৰণয়নৰ আঁচনি কৰে আৰু ‘A few remarks on the Assamese Language’ নামৰ গ্ৰন্থখন ৰচনা কৰে। বেপ্তিষ্ট মিছন প্ৰেছ, শিৱসাগৰৰ পৰা প্ৰকাশিত এই গ্ৰন্থখনত অসমত চৰকাৰীভাৱে বঙালী ভাষাৰ প্ৰচলনৰ বিৰোধ কৰি যুক্তি দাঙি ধৰা হয়। অসমীয়া ভাষা-সাহিত্যলৈ অৱদান :- ১৭ বছৰ বয়সত ঢেকিয়াল ফুকনে প্ৰথমে লিখা-মেলা কৰিবলৈ লয়। তেওঁ প্ৰথমে অৰুণোদয়ৰ বাবে লিখিবলৈ লৈছিল। ইংৰাজী পাঠ্যপুথিৰ আধাৰত তেখেতে লিখিছিল ‘অসমীয়া ল’ৰাৰ মিত্ৰ’। এই কিতাপখন শিৱসাগৰত ছপা কৰি অসমৰ বিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল। তেতিয়া অসমৰ বিদ্যালয়ত শিক্ষাৰ মাধ্যম আছিল বঙালী ভাষা। আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া বিদ্যালয়ত অসমীয়া ভাষা চলোৱাৰ পৃষ্ঠপোষকতা কৰিছিল। ১৮৫৩ চনত ব্ৰিটিছ গৱৰ্ণৰ মোফাট মিল্ছ চাহাব অসমলৈ আহোঁতে ঢেকীয়াল ফুকনে অসমৰ বিদ্যালয়ত অসমীয়া ভাষা প্ৰচলনৰ বাবে যুক্তি দাঙি ধৰি আবেদন কৰিছিল। মিল্ছ চাহাবে তেখেতৰ যুক্তিক সমৰ্থন জনাইছিল বুলি জনা যায়। নগাঁৱত চাকৰি কালত ঢেকিয়াল ফুকন মিছনেৰী ব্ৰন্ছন আৰু ‘আয়ুক্ত’ বাটলাৰৰ সংস্পৰ্শলৈ আহে। ১৮৫৫ চনত তেখেতে ‘A few remarks on the Assamese Language, and on the Vernacular education in Assam’ গ্ৰন্থখন লিখি উলিয়ায়। A Native ছদ্ম নামেৰে শিলসাগৰতে এই কিতাপৰ ১০০ টা কপি ছপা কৰি, বেংগল চৰকাৰ আৰু ভাৰতৰ অন্যান্য গুৰুত্বপূৰ্ণ চৰকাৰৰ কাৰ্যালয়লৈ পঠিয়ায়। পুথিখনত অসমীয়া ভাষা যে বঙালী ভাষাৰ ঠাল নহয় সেই কথা নানা উদাহৰণেৰে ফঁহিয়াই দেখুৱাইছে। অসমত বঙালী ভাষাৰ বিৰোধিতাৰ আন্দোলন গঢ়ি তোলাত এই পুস্তিকাখনে বিশেষ বৰঙণি আগবঢ়াইছিল। এই পুস্তিকাখনত অসমীয়াৰ উপৰিও বঙালী, হিন্দী আৰু কেইবাটাও ভাৰতীয়ৰ ওপৰত থকা তেখেতৰ জ্ঞানৰ চমক দেখিবলৈ পোৱা যায়।
প্ৰকাশিত পুথি :–
১/’A few remarks on the Assamese Language,and on the Vernacular education in the Assam'(১৮৫৫)।
২/ ‘অসমীয়া ল’ৰাৰ মিত্ৰ’।
৩/ আইন ও ব্যৱস্থা সংগ্ৰহ'(বঙালী ভাষাত ৰচিত)।
মৃত্যু :- মাতৃভাষাৰ মান ৰখাৰ স্বাৰ্থত অৰ্থাৎ অসমীয়া ভাষা-সাহিত্যৰ পৰিসৰ বিস্তৃত কৰিবৰ বাবে আৰু নিজ মাতৃভূমিত নিজ ভাষাৰ প্ৰচলনৰ বাবে উঠি-পৰি লগা এইজনা মহান ব্যক্তি তথা সাহিত্যিক আনন্দৰাম ঢেকিয়াল ফুকনৰ ১৮৫৯ চনৰ ১১ জুনৰ পৰা অসুখ আৰম্ভ হয়। সেই অসুখতে ১৮৫৯ চনৰ ১৬ জুন তাৰিখে মাত্ৰ ২৯ বছৰ বয়সতে তেখেতৰ দেহাৱসান হয়।
এইজনা মহান ব্যক্তি যিজনে অসমত বঙালী ভাষাৰ পৰিৱৰ্তে অসমত অসমীয়া ভাষা প্ৰচলনৰ বাবে আবেদন প্ৰেৰণ কৰিছিল। অসমীয়া ভাষাৰ উন্নতিৰ হকে মিছনেৰী সকলৰ লগ হৈ এখন সংবাদপত্ৰৰো (অৰুণোদয়) প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল। এনে এজন মহান ব্যক্তিয়ে খুউব কম বয়সতে মৃত্যুক আকোৱালি ল’ব লগা হৈছিল। সেয়েহে তেখেতে অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাললৈ যি অৱদান আগবঢ়াই গৈছে সেই স্মৃতি সোঁৱৰী প্ৰতিবছৰে ১৬ জুন তাৰিখে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে স্মৃতি দিৱস উদযাপন কৰা হয়।