Breaking

আপকু ওদালগুৰি জিলা সমিতিৰ সম্বৰ্দ্ধনা অনুষ্ঠান

0 2,088

আসাম প্ৰেছ ক’ৰেছ্‌পণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকুৰ ওদালগুৰি জিলা সমিতিৰ সাধাৰণ সভা আৰু সম্বৰ্দ্ধনা অনুষ্ঠানটি ২৬ডিচেম্বৰত টংলা সাহিত্য সভা ভৱনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷ পুৱা প্ৰতিনিধি সভা মুকলি কৰে আপকুৰ জিলা উপদেষ্টা ইমৰান হুছেইনে ৷ বিষয়-বাছনি সভাৰ পিছতে আপকুৰ জিলা সভাপতি গিৰীশ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান উদ্বোধন কৰি বিটিআৰৰ কাৰ্যবাহী সদস্য দাউবৈছা বড়োৱে সাংবাদিকসকল সাম্প্ৰতিক সময়ৰ দিশ নিয়ন্ত্ৰক বুলি উল্লেখ কৰি সাম্প্ৰতিক সময়ত সংবাদিকসকলেই সমাজক শুদ্ধ পথেৰে আগবঢ়াই নি সংবাদ মাধ্যমৰ পবিত্ৰতা আৰু সততা জীয়াই ৰাখিব লাগিব বুলি সাংবাদিকসকলক সোঁৱৰাই দিয়ে ৷ তেওঁ প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ পৰিষদীয় চৰকাৰখনে সাংবাদিকসকলৰ বাবে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰা বুলি এসময়ৰ সাংবাদিক তথা বৰ্তমানৰ কাৰ্যবাহী সদস্য দাউবৈছা বড়োৱে জানিবলৈ দিয়ে ৷

সাম্প্ৰতিক সাংবাদিকতা কোনে দিশে বিষয়ত বক্তৃতা আগবঢ়াই জেষ্ঠ সাংবাদিক গায়ত্ৰী ভট্টৰায়ে সাম্প্ৰতিক সময়ত আন আন দিশত ঘটা পৰিবৰ্তনৰ সমান্তৰালকৈ সংবাদ মাধ্যমলৈকো প্ৰত্যাহ্বান আহিছে বুলি উনুকিয়ায় ৷ সমাজৰ প্ৰতিখন ক্ষেত্ৰক শক্তিশালী ৰূপত নেতৃত্ব দিয়াৰ বাবে বৰ্তমানৰ সাংবাদিকসকল অধিক অধ্যয়নশীল হোৱাৰ উপৰি সমাজত ধনাত্মক প্ৰভাৱ পৰা তথ্যসম্বলিত বাতৰি যুগুত কৰাৰ বাবে সাংবাদিকসকলক আহ্বান জনায় ৷ অসমীয়া ভাষাৰ ব্যৱহাৰৰ প্ৰতি সচেতন হোৱাৰ লগতে  ছ’চিয়েল মিডিয়াৰ অগ্ৰাসনৰ প্ৰতি সতৰ্ক দৃষ্টি নিবদ্ধ কৰি সমাজক সঠিক দিশলৈ নিয়াৰ আহ্বান জনায় ৷ ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি হৰেশ্বৰ কলিতাই সাংবাদিকসকলক ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰতি অধিক দ্বায়ত্বশীলভাৱে বানান আৰু ভাষাৰ ব্যৱহাৰৰ প্ৰতি সচেতন হৈ সংবাদ সেৱা আগবঢ়োৱাৰ অনুৰোধ জনায় ৷ জেষ্ঠ সাংবাদিক গৌতমজ্যোতি তালুকদাৰে বৈদ্যুতিন সংবাদ মাধ্যমে সমাজক গতি প্ৰদান কৰিছে যদিও প্ৰকৃততে ছপা মাধ্যমেহে সচাঁ অৰ্থত সমাজক শুদ্ধ পথত আগবঢ়াই নিয়াৰ দায়িত্ব বহন কৰি আহিছে বুলি উল্লেখ কৰে ৷ টংলা শতদল সাহিত্য সভাৰ সভাপতি গৌৰীশংকৰ দাসে সংবাদকৰ্মীসকলৰ ব্যক্তিত্ব সদায় আন বহুতৰে বাবে অনুকৰণীয় বুলি উল্লেখ কৰি সংবাদকৰ্মীসকলে সদায় পৰিয়ালৰ দায়িত্ব পালনৰ উপৰি সমাজ সেৱাৰ মাজত সতুলন গঢ়ি তোলাৰ বাবে আহ্বান জনায় ৷

বৰ্তমান সময়ৰ প্ৰতিযোগিতাৰ দৌৰত সংবাদকৰ্মীসকলে সদায় শুদ্ধ আৰু সংবাদ সাহিত্য সেৱাৰ জৰিয়তে সমাজ সেৱাৰ উত্তম মাধ্যম ৰূপে পৰিগণিত সংবাদ সেৱাৰ মান ৰক্ষাৰ বাবে অনুৰোধ জনায় ৷ সভাত টংলা সাহিত্য সভাৰ সম্পাদক দিৱাকৰ বৰা, আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য প্ৰচাৰ সম্পাদক হেমন্ত বৰা কোচ, সহকাৰী সাধাৰণ সম্পাদক হেমন্ত ডেকাও উপস্থিত থাকে ৷ অনুষ্ঠানত সাংবাদিক ক্ৰমে ৰৱিৰাম বড়ো, নৱ কুমাৰ ডেকা, বাপন চন্দ্ৰ শৰ্মা, নাৰায়ণ ডেকা, গিৰিশ শৰ্মা, প্ৰফুল্ল কুমাৰ বড়ো, দীপক ডেকা, ধীৰেণ মহলীয়া, ধ্ৰুৱ প্ৰসাদ চহৰীয়া, গনেশ ডেকা, দিগন্ত কুমাৰ শৰ্মা, উজ্জ্বল কুমাৰ দাস,গুনজিৎ দাস,দ্বিপেন ডেকা,আদিক মানপত্ৰ আৰু গলবস্ত্ৰৰে আপকুৰ ওদালগুৰি জিলা সমিতিয়ে সম্বৰ্ধনা জনায় ৷ বিষয়-বাছনি সভাত পৰবৰ্তী আপকুৰ ওদালগুৰি জিলা সমিতিৰ নতুন কাৰ্যকালৰ বাবে দীপক ডেকাক সভাপতি, নৱ কুমাৰ ডেকাক কাৰ্যকৰী সভাপতি, নাৰায়ণ ডেকা আৰু ধীৰেণ মহলীয়াক উপ -সভাপতি, ফটিক ৰাভাক সম্পাদক, অমৰজিৎ ৰাভা আৰু অৰূপ বড়োক সহকাৰী সম্পাদক, সাংগঠনিক সম্পাদক-চাজিদ খান,উজ্জ্বল কুমাৰ দাস,প্ৰফুল্ল  কুমাৰ বড়ো,পত্ৰিকা সম্পাদক -দ্বিপেন ডেকা,কাৰ্য্যনিৰ্বাহক সদস্য-দিগন্ত কুমাৰ শৰ্মা,বিপুল হাজৰিকা,আদিক লৈ এখনি ১৫জনীয়া সমিতি গঠন কৰা হয় ৷

আপকুৰ জিলা সমিতিখনক সৰ্বতো প্ৰকাৰে গঠনমুলক আৰু সৃষ্টিশীল দিহা পৰামৰ্শ আদি সুচাৰুৰূপে দিবলৈ  গায়ত্ৰী ভট্টৰায়, গৌতমজ্যোতি তালুকদাৰ, হৰেশ্বৰ কলিতা, গৌৰীশংকৰ দাস, ইমৰান হুছেইন, বাপন শৰ্মা, গুণজিৎ দাস,গিৰীশ শৰ্মা, মঃ আব্দুল খালেক আৰু ৰবিৰাম বড়োক উপদেষ্টাৰূপে মনোনীত কৰি নৱনিৰ্বাচিত সমিতিখন গঠন কৰি দিয়ে ৷

Leave A Reply

Your email address will not be published.